উত্তৰ-পূৱ

খেলুৱৈ মাজত মোডী

খেলুৱৈ মাজত মোডী

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত ৩৯টা পদক লাভ ভাৰতীয় খেলুৱৈৰ। খেলুৱৈসকলক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ। ক্ৰীড়াৰ ক্ষেত্ৰত আৰু আগুৱাই যাবলৈ আগবঢ়ায় বহুমূলীয়া পৰামৰ্শ।খেলুৱৈসকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ কয় যে, "যিয়ে খেলিব, সি জিলিকিব‌। অলৱেজ চিয়েৰ ফৰ ভাৰত। ভাৰত মাতা কি জয়।”গতে এই সাক্ষাৎকালৰ এটা বিশেষ ভিডিঅ’ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। ভিডিঅ’টোত স্বৰ্ণ পদক বিজয়ী বক্সাৰ সাক্ষী চৌধুৰী আৰু অন্যান্য খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ সৈতে দেখা যায়।গ্লাছগ'ত কমনৱেলথ গেমছত ভাৰতে মুঠ ৩৯টা পদক (১৩টা স্বৰ্ণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জ) অৰ্জন কৰি পদক তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিবলৈ সক্ষম হয়। ইপিনে এইবাৰ গেমছত ১২২ গৰাকী ভাৰতীয়…
Read More
পুনৰ সামগ্ৰীৰ মূল্যবৃদ্ধি

পুনৰ সামগ্ৰীৰ মূল্যবৃদ্ধি

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰা সময়তে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য । বানপানীৰ পিছতে চাউল, চেনি, মিঠাতেলৰ অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক মাধমাৰ সোধাইছে । বিশেষকৈ সকলো ধৰণৰ চাউলৰ মূল্য প্ৰতিকেজিত ৪-৬ টকাকৈ বৃদ্ধি পোৱাত অত্য়াৱশ্য়কীয় সামগ্ৰী ক্ৰয়ত সমস্য়াৰ সন্মুখীন হৈছে । অৰ্থাৎ প্ৰতি কুইণ্টল চাউলৰ ৪০০ টকাৰ পৰা ৬০০ টকা পৰ্যন্ত মূল্যবৃদ্ধি পাইছে ; কিন্তু হঠাৎ কিয় বৃদ্ধি পাইছে চাউল,চেনি বা মিঠাতেলৰ মূল্য সেই বিষয়ে স্থানীয় ব্যৱসায়ীসকল অৱগত নহয় ।তদুপৰি মিঠাতেল ৮-১০ টকা,চেনিত ৫ টকা বাঢ়িছে ।"
Read More
অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা

অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা

অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা ৷ অৰুণাচলী দুৰ্বৃত্তই অসমৰ ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উঠিছে ৷ শনিবাৰে গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাঙৰ বদতিত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনাটো । ইতিমধ্যে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত হৈছে অসমৰ ৮ জনকৈ ব্যক্তি ।ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে অৰুণাচলী দুৰ্বৃত্তই অসমৰ ভূমি বেদখল কৰিছিল ৷ ভূমি বেদখলকাৰী অৰুণাচলী দুৰ্বৃত্তক অসমৰ কেইবাগৰাকী লোকে বাধা প্ৰদান কৰে ৷ যাৰ বাবে দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ তাৰ পাছতে অৰুণাচলী দুৰ্বৃত্তই অসমৰ ব্যক্তিক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে ।
Read More
ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে

ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে

ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে ৷ বিগত ২৪ ঘন্টাত পুনৰ দুজন লোকৰ মৃত্যুৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০জনলৈ বৃদ্ধি পাইছে ।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দেওবাৰে নিশা প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত গোলাঘাট আৰু কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ বানত মৃত্যু হৈছে ৷ ইফালে গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, লখিমপুৰ, যোৰহাট, কাৰ্বি আংলং, চৰাইদেউ, নগাঁও, বিশ্বনাথ জিলাত ১ লাখ ৩৭ হাজাৰ ৫০০ৰো অধিক লোক বানত আক্ৰান্ত হৈছে ৷
Read More
ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণ

ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণ

ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই আক্ৰমণ ফলত গেছ প্লান্টটোত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। য়েমেনৰ হুথী বিদ্ৰোহীয়ে এই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ছৌদি আৰৱৰ অন্যতম বৃহৎ গেছ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটোত এই আক্ৰমণৰ পাছত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। নাছাৰ FIRMS উপগ্ৰহৰ ছবিতো প্ৰকল্পস্থলীত ভয়ংকৰ জুই দেখা গৈছে।
Read More
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি। কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব মোবাইল ফোন। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যানত মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো পৰ্যটকে।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
Read More
বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি

বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি

বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি পাইছে।অসমৰ ভয়াৱহ বানত ৫৮ জন পুৰুষ আৰু ২৩ গৰাকী মহিলাৰ লগতে ১৮ টা শিশু (১২ ল’ৰা আৰু ৬ ছোৱালী)ৰ মৃত্যু হৈছে ৷ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শনিবাৰে গোলাঘাট জিলাত এজন লোকৰ মৃত্যু হয় ৷ ইফালে শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ ১ লাখ ৪৭ হাজাৰ ৩৭৬ জন লোক বানত আক্ৰান্ত হৈছে ৷অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্বন্ধীয় বুলেটিনত প্ৰকাশ তথ্য।
Read More
ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ

ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ

ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ ৷ বিগত কেবাদিন ধৰি উজনি অসমৰ বানে ধ্বংসলীলা চলাই থকাৰ মাজতে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা অহা এই বাতৰিয়ে স্বাভাৱিকতে ৰাজ্যবাসীৰ শংকিত কৰি তুলিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) সদৰী কৰা মতে, আগন্তুক ২-৩ ধৰি অসমৰ বিভিন্ন প্ৰান্তত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷কেৱল অসমেই নহয়, বতৰ বিভাগৰ পূৰ্বাভাস অনুসৰি আগন্তুক কেবাদিনো উত্তৰ প্ৰদেশ, বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে ।
Read More
বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন

বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন

কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন সংঘটিত হৈছে। বুঢ়াপাহাৰৰ ৫টা স্থানত পাহাৰৰ শিল-মাটি খহিছে বুলি জানিব পৰা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলতে পুৱাৰে পৰা ভূমিস্খলন হৈছে।ৰাষ্ট্ৰীয় ঘাইপথত শিল-মাটি খহি পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথ কিছু পৰিমাণে যানজঁটৰ সৃষ্টি হৈছে। অৱশ্যে এই পৰ্যন্ত দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই।
Read More
ভয়ংকৰ বাছ দুৰ্ঘটনা

ভয়ংকৰ বাছ দুৰ্ঘটনা

হিমাচল প্ৰদেশৰ শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। চাম্বা জিলাৰ তীছা-বৈৰাগড় পথৰ চালুজ মোড়ৰ সমীপত পৰ্যটৰক এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত সাতজন লোকৰ থিতাতে মৃত্যু হয়।আনহাতে, এই দুৰ্ঘটনাত ১১জন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।বৈৰাগড়ৰ পৰা চাম্বাৰ দিশে গৈ থকা বাছখনত দুৰ্ঘটনাৰ সময়ত প্ৰায় ২০ৰ পৰা ২৫জন যাত্ৰী আছিল। চালুজ মোড়ৰ সমীপত হঠাতে বাছখন দুৰ্ঘটনাত পতিত হোৱাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।পৰৱৰ্তী সময়ত আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Read More