উজনি অসমত ভয়াৱহ বান পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰা সময়তে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য । বানপানীৰ পিছতে চাউল, চেনি, মিঠাতেলৰ অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক মাধমাৰ সোধাইছে । বিশেষকৈ সকলো ধৰণৰ চাউলৰ মূল্য প্ৰতিকেজিত ৪-৬ টকাকৈ বৃদ্ধি পোৱাত অত্য়াৱশ্য়কীয় সামগ্ৰী ক্ৰয়ত সমস্য়াৰ সন্মুখীন হৈছে । অৰ্থাৎ প্ৰতি কুইণ্টল চাউলৰ ৪০০ টকাৰ পৰা ৬০০ টকা পৰ্যন্ত মূল্যবৃদ্ধি পাইছে ; কিন্তু হঠাৎ কিয় বৃদ্ধি পাইছে চাউল,চেনি বা মিঠাতেলৰ মূল্য সেই বিষয়ে স্থানীয় ব্যৱসায়ীসকল অৱগত নহয় ।তদুপৰি মিঠাতেল ৮-১০ টকা,চেনিত ৫ টকা বাঢ়িছে ।”
পুনৰ সামগ্ৰীৰ মূল্যবৃদ্ধি
