ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ ৷ বিগত কেবাদিন ধৰি উজনি অসমৰ বানে ধ্বংসলীলা চলাই থকাৰ মাজতে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা অহা এই বাতৰিয়ে স্বাভাৱিকতে ৰাজ্যবাসীৰ শংকিত কৰি তুলিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) সদৰী কৰা মতে, আগন্তুক ২-৩ ধৰি অসমৰ বিভিন্ন প্ৰান্তত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷কেৱল অসমেই নহয়, বতৰ বিভাগৰ পূৰ্বাভাস অনুসৰি আগন্তুক কেবাদিনো উত্তৰ প্ৰদেশ, বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে ।
ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ
