বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি পাইছে।অসমৰ ভয়াৱহ বানত ৫৮ জন পুৰুষ আৰু ২৩ গৰাকী মহিলাৰ লগতে ১৮ টা শিশু (১২ ল’ৰা আৰু ৬ ছোৱালী)ৰ মৃত্যু হৈছে ৷ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শনিবাৰে গোলাঘাট জিলাত এজন লোকৰ মৃত্যু হয় ৷ ইফালে শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ ১ লাখ ৪৭ হাজাৰ ৩৭৬ জন লোক বানত আক্ৰান্ত হৈছে ৷অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্বন্ধীয় বুলেটিনত প্ৰকাশ তথ্য।
বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি
