ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে ৷ বিগত ২৪ ঘন্টাত পুনৰ দুজন লোকৰ মৃত্যুৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০জনলৈ বৃদ্ধি পাইছে ।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দেওবাৰে নিশা প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত গোলাঘাট আৰু কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ বানত মৃত্যু হৈছে ৷ ইফালে গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, লখিমপুৰ, যোৰহাট, কাৰ্বি আংলং, চৰাইদেউ, নগাঁও, বিশ্বনাথ জিলাত ১ লাখ ৩৭ হাজাৰ ৫০০ৰো অধিক লোক বানত আক্ৰান্ত হৈছে ৷
ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে
