উত্তৰ-পূৱ

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিলে মুগা সূতাৰ চাদৰ

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিলে মুগা সূতাৰ চাদৰ

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিলে মুগা সূতাৰ চাদৰ । এই উপহাৰে অসমৰ বিখ্যাত মুগা ৰেচম পৰম্পৰাক উজ্জ্বল কৰি তুলিছে ৷ বিজেপিয়ে সততেই দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক বুকুত কঢ়িয়াই লৈ ফুৰে ৷ এতিয়া জৰ্জিয়া মেল’নিক মুগাৰ চাদৰ উপহাৰ দিয়া কাৰ্যই সেই দাবীক অধিক শক্তিশালী কৰি তুলিছে ৷ লগতে মোদীয়ে পাৰ্লে কোম্পানীয়ে নিৰ্মাণ কৰা ‘মেল’ডী’ ট্ৰফীৰ এটা পেকেটো উপহাৰ দিয়ে মেল’নিক ৷
Read More
ভাৰতলৈ আহিব আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই

ভাৰতলৈ আহিব আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই

ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক চুক্তি এতিয়াও চূড়ান্ত হোৱা নাই । দুয়োখন দেশে বিভিন্ন মাধ্যমৰ জৰিয়তে এই ঐতিহাসিক চুক্তিক লৈ আলোচনা অব্যাহত ৰাখিছে । তাৰ মাজতে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই ২৩ মে'ত ৪ দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব । বাণিজ্য, প্ৰতিৰক্ষা আৰু শক্তি বা ইন্ধনৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ লক্ষ্যৰে বৈদেশিক সচিবগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমেৰিকাৰ বৈদেশিক সচিবগৰাকীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ হ'ব । এই ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ কেইবাখনো চহৰলৈ যাব । তাৰ ভিতৰত কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী অন্তৰ্ভুক্ত আছে ।
Read More
কঠালৰ মুচিৰ স্বাস্থ্যগত উপকাৰিতা

কঠালৰ মুচিৰ স্বাস্থ্যগত উপকাৰিতা

কঠালৰ মুচি বা কেঁচা কঠাল পুষ্টিগুণেৰে ভৰপূৰ এক উৎকৃষ্ট খাদ্য। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন (A, C), পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে হজমশক্তি বঢ়োৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰে।কঠালৰ মুচিৰ স্বাস্থ্যগত উপকাৰিতা….. হজমশক্তি বৃদ্ধি: মুচিত থকা উচ্চ পৰিমাণৰ আঁহে কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পাচন তন্ত্ৰ শক্তিশালী কৰি তোলে।ওজন নিয়ন্ত্ৰণ: ইয়াত কম কেলৰি থাকে আৰু আঁহ বেছি থকাৰ বাবে সোনকালে পেট ভৰা অনুভৱ হয়, যিয়ে ওজন কম কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: এণ্টিঅক্সিডেণ্টৰ অন্যতম উৎস হোৱাৰ বাবে ই শৰীৰৰ ক্ষতিকাৰক কোষবোৰক প্ৰতিৰোধ কৰি কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰে।হাড়ৰ স্বাস্থ্য ৰক্ষা: মুচিত থকা মেগনেছিয়াম আৰু কেলচিয়ামে হাড়…
Read More
দিল্লীবাসীক জ্বলাইছে গৰম, তাপমাত্ৰা ৪৬ ডিগ্ৰীলৈ বৃদ্ধি পোৱাৰ আশংকা

দিল্লীবাসীক জ্বলাইছে গৰম, তাপমাত্ৰা ৪৬ ডিগ্ৰীলৈ বৃদ্ধি পোৱাৰ আশংকা

সমগ্ৰ উত্তৰ ভাৰতজুৰি অব্যাহত থকা ভয়াৱহ গ্ৰীষ্মপ্ৰবাহে এতিয়া বিপৰ্যস্ত কৰি তুলিছে সাধাৰণ জনজীৱন। প্ৰচণ্ড গৰমৰ এই সংকটপূৰ্ণ প্ৰেক্ষাপটৰ মাজতে দেশৰ ৰাজধানী দিল্লীত বৃহস্পতিবাৰে তীব্ৰ গ্ৰীষ্মপ্ৰবাহে সাধাৰণ জনজীৱন ব্যাহত কৰি তোলে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি পুৱা চহৰখনৰ সৰ্বনিম্ন উষ্ণতা স্বাভাৱিকতকৈ ৫.২ ডিগ্ৰী অধিক হৈ ৩১.৯ ডিগ্ৰী চেলচিয়াছত স্থিত হয়। সমগ্ৰ দিনটো অঞ্চলটোত তীব্ৰ হিটৱেভ বলাৰ আশংকাই দেখা দিয়াৰ লগতে সৰ্বোচ্চ উষ্ণতা ৪৬ ডিগ্ৰী চেলচিয়াছত উপনীত হ’ব বুলি সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। উত্তৰ ভাৰতৰ সামগ্ৰিক গ্ৰীষ্মপ্ৰবাহৰ প্ৰসংগ উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰে। সমগ্ৰ উত্তৰ ভাৰত বৰ্তমান ভয়াৱহ গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰা বুলি উল্লেখ…
Read More
ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ গৰমাই আজিৰে পৰা বাজেট অধিৱেশন, প্ৰথম দিনাই শপত ল’ব নৱ-নিৰ্বাচিত সদস্যসকলে

ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ গৰমাই আজিৰে পৰা বাজেট অধিৱেশন, প্ৰথম দিনাই শপত ল’ব নৱ-নিৰ্বাচিত সদস্যসকলে

আজিৰে পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন গুৰুত্বপূৰ্ণ অধিৱেশন। ৰাজ্যত এনডিএ মিত্ৰজোঁটে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰা আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এয়া প্ৰথমখন সদনৰ বৈঠক। অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাৰ সদস্যসকলে বিধায়ক হিচাপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰিব। প্ৰ’টেম অধ্যক্ষ চন্দ্ৰ মোহন পাটোৱাৰীয়ে নৱ-নিৰ্বাচিত বিধায়কসকলক এই শপতগ্ৰহণ কৰাব। ইয়াৰ উপৰি প্ৰথম দিনাই বিধানসভাৰ স্থায়ী অধ্যক্ষও নিৰ্বাচন কৰা হ’ব। মিত্ৰজোঁটৰ তৰফৰ পৰা ইতিমধ্যে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নাম অধ্যক্ষ পদৰ বাবে মনোনীত কৰা হৈছে। আনহাতে, ২২ মে’ শুকুৰবাৰে সদনত আনুষ্ঠানিক ভাষণ প্ৰদান কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ…
Read More
বিধানসভাত বিৰোধী দলপতি কোন? চূড়ান্ত সিদ্ধান্ত ল’ব দিল্লীৰ কংগ্ৰেছ নেতৃত্ব

বিধানসভাত বিৰোধী দলপতি কোন? চূড়ান্ত সিদ্ধান্ত ল’ব দিল্লীৰ কংগ্ৰেছ নেতৃত্ব

অসম বিধানসভাৰ পৰৱৰ্তী বিৰোধী দলপতি নিৰ্বাচনৰ সন্দৰ্ভত দলৰ কেন্দ্ৰীয় কমাণ্ডৰ চূড়ান্ত সিদ্ধান্তলৈ অপেক্ষা কৰিব অসম প্ৰদেশ কংগ্ৰেছে। বুধবাৰে এই কথা স্পষ্টকৈ ইংগিত দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। নতুন দিল্লীত দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ উভতি অহাৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গগৈয়ে স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্ত কেৱল ৰাজ্যিক পৰ্যায়তে লোৱা নহ’ব। ইয়াৰ পৰিৱৰ্তে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে দলৰ বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হৈ এই ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব। এই বিষয়ত কেন্দ্ৰীয় নেতৃত্বৰ কৰ্তৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৌৰৱ গগৈয়ে কয় যে এআইচিচিয়ে বিধানসভাৰ দলীয় নেতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব। তেওঁ লগতে সদৰী কৰে…
Read More
শিৱসাগৰত দুৰ্ঘটনাগ্ৰস্ত ১২ হাজাৰ লিটাৰ তেল কঢ়িওৱা টেংকাৰ, স্থানীয় লোকৰ মাজত আতংক

শিৱসাগৰত দুৰ্ঘটনাগ্ৰস্ত ১২ হাজাৰ লিটাৰ তেল কঢ়িওৱা টেংকাৰ, স্থানীয় লোকৰ মাজত আতংক

বিপৰীত দিশৰ পৰা অহা এখন বাছক বাট এৰি দিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ’ল এখন তেল পৰিবাহী টেংকাৰ। শিৱসাগৰ জিলা ৰুদ্ৰসাগৰত বুধবাৰে সন্ধিয়া প্ৰায় ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। ইন্ধন ভৰ্তি টেংকাৰখনৰ চালকগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, AS-04 AC-4991 পঞ্জীয়ন নম্বৰৰ টেংকাৰখনে নুুমলীগড়ৰ পৰা নাজিৰাৰ এটা তৈল ডিপোলৈ পেট্ৰ’ল আৰু ডিজেল কঢ়িয়াই লৈ গৈ আছিল। চালকগৰাকীৰ দাবী অনুসৰি, বিপৰীত দিশৰ পৰা অহা এখন বাছক পাছ দিবলৈ যাওঁতে বাহনখন নিয়ন্ত্ৰণহীন হৈ পৰে আৰু ঘাইপথৰ কাষৰ এটা দ পুখুৰীত বাগৰি পৰে। দুৰ্ঘটনাৰ সময়ত টেংকাৰখনত প্ৰায় ১২ হাজাৰ লিটাৰ…
Read More
‘অপাৰেচন সিন্দূৰ’ক লৈ আন্তর্জাতিক মঞ্চত ৰাজনাথ সিং ৰ বক্তব্য, ভাৰতৰ সামৰিক সক্ষমতাৰ উল্লিখন

‘অপাৰেচন সিন্দূৰ’ক লৈ আন্তর্জাতিক মঞ্চত ৰাজনাথ সিং ৰ বক্তব্য, ভাৰতৰ সামৰিক সক্ষমতাৰ উল্লিখন

অপাৰেচন সিন্দূৰ এক শক্তিশালী, আত্মবিশ্বাসী আৰু সক্ষম ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ এক বলিষ্ঠ নিদৰ্শন। দক্ষিণ কোৰিয়াত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত বুধবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণ আৰু বৈশ্বিক স্থিতি সম্পৰ্কে ভাষণ প্ৰদান কৰি তেওঁ কয় যে এই অভিযানে দেশখনে কোনো কাৰণতে সন্ত্ৰাসবাদ সহ্য নকৰে বুলি এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। দেশৰ সুৰক্ষা আৰু পাৰমাণৱিক নীতিৰ প্ৰসংগ উত্থাপন কৰি এক বিশেষ ভাষণ প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। অনুষ্ঠানত দেশৰ পাৰমাণৱিক স্থিতি সম্পৰ্কে তেওঁ কয় যে নতুন দিল্লী নিজৰ স্থিতিত সদায় অলৰ-অচৰ থাকিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, "ভাৰত নিজৰ ‘ন’ ফাৰ্ষ্ট…
Read More
বিমানৰ ভিতৰত সংকটজনক অৱস্থাত থকা নৱজাতকক চিকিৎসা সহায়, ডাঃ ৰাজশ্ৰী দাসক লৈ প্ৰশংসাৰ জোৱাৰ

বিমানৰ ভিতৰত সংকটজনক অৱস্থাত থকা নৱজাতকক চিকিৎসা সহায়, ডাঃ ৰাজশ্ৰী দাসক লৈ প্ৰশংসাৰ জোৱাৰ

ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী এখন চলন্ত বিমানত হঠাতে অসুস্থ হৈ পৰা নৱজাতক শিশুক চিকিৎসা কৰি সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰা ডিগবৈৰ চিকিৎসক ডাঃ ৰাজশ্ৰী দাসৰ মহানুভৱতাই এতিয়া চর্চা লাভ কৰিছে। ডিগবৈৰ বালিজান নিবাসী অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া গোপাল চন্দ্ৰ দাসৰ কন্যা ডাঃ ৰাজশ্ৰী দাস বৰ্তমান বি বৰুৱা কেন্সাৰ চিকিৎসালয়ৰ সহকাৰী অধ্যাপিকাৰূপে কৰ্মৰত। ডাঃ ৰাজশ্ৰীয়ে যোৱা ১৮ মে'ৰ পুৱা ৯ বজাত ডিব্ৰুগড় বিমান বন্দৰৰ পৰা গুৱাহাটী হৈ দিল্লীলৈ ৬২০৩ নম্বৰৰ ইণ্ডিগ' বিমানখন উৰা মৰাৰ পিচতে বিমানখনত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। বিমানখনত পিতৃ-মাতৃৰ সৈতে এটি নৱজাতক শিশুৱে যাত্ৰী হিচাপে যাত্ৰা কৰিছিল। যাত্ৰাৰ কিছু সময়ৰ পিচতে শিশুটিৰ উশাহ-নিশাহত অসুবিধাৰ লগতে ৰক্তচাপজনিত কাৰণত…
Read More
পুনৰ জনতাৰ মূৰত মাধমাৰ

পুনৰ জনতাৰ মূৰত মাধমাৰ

এসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ৷ মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য ৯০ পইচাকৈ বৃদ্ধি কৰা হয় । চৰকাৰী তেল প্ৰতিষ্ঠানসমূহে পুনৰীক্ষণৰ ওপৰত প্ৰায় চাৰি বছৰীয়া নিষেধাজ্ঞাৰ অন্ত পেলায় এই মূল্যবৃদ্ধি ঘটায় । এই বৃদ্ধিৰ ফলত নতুন দিল্লীত পেট্ৰ’লৰ মূল্য ৯৭.৭৭ টকাৰ পৰা ৯৮.৬৪ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৯০.৬৭ টকাৰ পৰা ৯১.৫৮ টকালৈ বৃদ্ধি পোৱা বুলি উদ্যোগৰ সূত্ৰই প্ৰকাশ কৰিছে ।
Read More