উত্তৰ-পূৱ

ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ

ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ

এতিয়াৰে পৰা ইংৰাজী মাধ্য়মতো শিক্ষা গ্ৰহণ কৰিব পাৰিব অসমীয়া মাধ্য়মৰ বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে । ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা হৈছে এই বিশেষ সুবিধা । অসমীয়া মাধ্য়মৰ হ’লেও ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িব পাৰিব । এই কথা সদৰী কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । সোমবাৰে এক জাননী জাৰি কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উল্লেখ কৰে যে বাকী বিষয়সমূহ আন যিকোনো মাধ্যমত পঢ়িলেও সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব । অৱশ্যে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়তখনত থাকিব…
Read More
পুনৰ এক ৰে’ল দুৰ্ঘটনা

পুনৰ এক ৰে’ল দুৰ্ঘটনা

সোমবাৰে নিশা পুনৰ এক ৰে’ল দুৰ্ঘটনা সংঘটিত হয় ৷ এই ৰে’ল দুৰ্ঘটনাক কেন্দ্ৰ কৰি চাৰিওফালে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে নিশাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক ৷ কিন্তু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২ ঘণ্টাৰ পাছতো উক্ত স্থানত ৰে’ল বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজ তথা প্ৰত্যক্ষদৰ্শীয়ে ৷উত্তৰাখণ্ডৰ ঋষিকেশৰ যোগনগৰী ৰে’ল ষ্টেচনত সংঘটিত হয় ৰে’ল দুৰ্ঘটনাটো ৷ ১৯ মে'ৰ পুৱাৰ ভাগত উজ্জয়িনী অভিমুখে যাত্ৰা কৰাৰ কথা আছিল দুৰ্ঘটনাতপতিত ৰে’লখন ।প্ৰত্যক্ষদৰ্শীৰ মতে, ৰে’লখনে হঠাতে গতিবেগ বৃদ্ধি কৰি কিছু দূৰত্বত লাইনচ্যুত হয় ৷ ইয়াৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে ঘটনাৰ ফলত চাৰিওফালে…
Read More
ডালিমৰ উপকাৰীতা

ডালিমৰ উপকাৰীতা

ডালিম এবিধ অতি পুষ্টিকৰ আৰু ঔষধি গুণসমৃদ্ধ ফল, যি হৃদযন্ত্ৰ সুস্থ ৰখা, তেজ বৃদ্ধি কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা আৰু পেটৰ সমস্যা দূৰ কৰাত অসাধাৰণ ভূমিকা পালন কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে শৰীৰৰ দুৰ্বলতা দূৰ কৰি যৌৱন ধৰি ৰখাত সহায় কৰে।ডালিমৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ তলত উল্লেখ কৰা হ’ল:ৰক্তহীনতা দূৰ কৰে: ডালিম ৰক্ত বৃদ্ধিকাৰক। ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ই উত্তম পথ্য আৰু শৰীৰত হিমোগ্লোবিনৰ মাত্ৰা বৃদ্ধি কৰে।হৃদযন্ত্ৰ সুস্থ ৰাখে: উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু হৃদৰোগৰ সম্ভাৱনা কমোৱাত ডালিম অতি উপকাৰী।পাচনতন্ত্ৰ মজবুত কৰে: ডালিমত থকা আঁহে হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য, পেটৰ গেছ, আমাশয়,…
Read More
মধ্যপ্ৰাচ্যত উত্তেজনাৰ মাজতে ইৰানক লক্ষ্য কৰি সামৰিক পদক্ষেপ পিছুৱাই দিলে ডোনাল্ড ট্রাম্প

মধ্যপ্ৰাচ্যত উত্তেজনাৰ মাজতে ইৰানক লক্ষ্য কৰি সামৰিক পদক্ষেপ পিছুৱাই দিলে ডোনাল্ড ট্রাম্প

পশ্চিম এচিয়াত অব্যাহত থকা তীব্ৰ উত্তেজনাৰ মাজতে ইৰানৰ ওপৰত মঙলবাৰে চলাবলগীয়া সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰাখিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। কাটাৰ, চৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ শীৰ্ষ নেতৃবৃন্দৰ বিশেষ অনুৰোধৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা এই যুদ্ধসদৃশ পৰিস্থিতিত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা পাকিস্তানৰ সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কোনো মন্তব্য কৰা নাই। এক বিশেষ বিবৃতিৰ জৰিয়তে ড’নাল্ড ট্ৰাম্পে কয়, "কাটাৰৰ আমিৰ, চৌদি আৰৱৰ যুৱৰাজ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতিৰ অনুৰোধ মৰ্মে মই ইৰানৰ ওপৰত হ’বলগীয়া পূৰ্বপৰিকল্পিত আক্ৰমণ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছোঁ।" বৰ্তমান এই বিষয়ত উচ্চস্তৰীয় আলোচনা চলি থকা বুলি উল্লেখ কৰি…
Read More
উত্তৰাখণ্ডত উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টা ডবা লাইনচ্যুত, কথমপি প্ৰাণে বাচিল শতাধিক যাত্ৰী

উত্তৰাখণ্ডত উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টা ডবা লাইনচ্যুত, কথমপি প্ৰাণে বাচিল শতাধিক যাত্ৰী

উত্তৰাখণ্ডত ইতিহাসপ্ৰসিদ্ধ তীৰ্থনগৰী ঋষিকেশৰ সমীপত সোমবাৰে নিশা ৰে’লপথৰ পৰা চিটিকি পৰিল উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টাকৈ ডবা। খাণ্ড গাঁও অঞ্চলৰ যোগ নগৰী ৰে’ল ষ্টেচনৰ ওচৰত নিশা প্ৰায় ৯:৪০ বজাত ৰে’লখন ইয়াৰ ইয়াৰ্ডলৈ লৈ যোৱাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। সৌভাগ্যবশতঃ সেই সময়ত ৰে’লখনৰ ভিতৰত কোনো যাত্ৰী থকা নাছিল, যাৰ বাবে এক ডাঙৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে। ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ইন্দোৰৰ লক্ষ্মীবাই নগৰ আৰু যোগ নগৰী ঋষিকেশৰ মাজত চলাচল কৰা ৰে’লখন ছণ্টিং লাইনৰ শেষ প্ৰান্তত থকা বাফাৰৰ সৈতে পোনপটীয়াকৈ সংঘৰ্ষত লিপ্ত হয়। এই তীব্ৰ খুন্দাৰ ফলত ডবাসমূহৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি হোৱাত এটা ডবা সম্পূৰ্ণৰূপে চিটিকি পৰে আৰু…
Read More
বনাঞ্চল সংকোচন আৰু মানুহ-হস্তী সংঘাতৰ মাজতে কলিয়াবৰত বন্যহস্তীৰ অস্বাভাৱিক মৃত্যু

বনাঞ্চল সংকোচন আৰু মানুহ-হস্তী সংঘাতৰ মাজতে কলিয়াবৰত বন্যহস্তীৰ অস্বাভাৱিক মৃত্যু

অসমত হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হোৱাৰ মাজতে মঙলবাৰে পুৱা কলিয়াবৰৰ লেংটেং ২ নম্বৰ বস্তি এলেকাত উদ্ধাৰ হয় এটা বন্যহস্তীৰ মৃতদেহ। গাঁৱৰ একাংশ বাসিন্দাই পুৱা পথাৰলৈ যোৱাৰ সময়তে প্ৰথমবাৰৰ বাবে হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু লগে লগে সমগ্ৰ বিষয়টো স্থানীয় গাঁওবুঢ়াক অৱগত কৰে। ইয়াৰ পাছতে গাঁৱৰ ৰাইজে ঘটনা সন্দৰ্ভত শালনা বন সংমণ্ডলক খবৰ দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ ৱেষ্টাৰ্ণ ৰেঞ্জৰ এটা দল যুদ্ধকালীন তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় একাংশ বাসিন্দাৰ গুৰুতৰ অভিযোগ অনুসৰি কোনো অচিনাকি দুষ্কৃতিকাৰীয়ে অবৈধভাৱে বিদ্যুতৰ সংযোগ ব্যৱহাৰ কৰি হাতীটোক বিদ্যুৎস্পৃষ্ট কৰাইছিল, যাৰ ফলত প্ৰাণীটোৰ কৰুণ মৃত্যু ঘটে। অৱশ্যে এতিয়ালৈকে চৰকাৰীভাৱে মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত কোনো স্পষ্ট…
Read More
বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ। কথা মতেই কাম আৰম্ভ হিমন্ত চৰকাৰৰ। বাংলাদেশীৰ বিৰুদ্ধে মহাঅভিযান। দৰঙৰ ধূলাত আৰক্ষীৰ জালত পৰিল বাংলাদেশী। আৰক্ষীয়ে আটক কৰিছে ৩২বছৰীয়া মহম্মদ জাকিৰক। বাংলাদেশৰ বড়িশাল জিলাৰ মচীনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ।
Read More
টিনৰ বাকচত ওলাল যুৱতী!

টিনৰ বাকচত ওলাল যুৱতী!

টিনৰ বাকচত ওলাল যুৱতী! লোমহৰ্ষক ঘটনাই কঁপাইছে দেশ। নীলা ড্ৰাম, ফ্ৰীজৰ পাছত টিনৰ বাকছক লৈ দেশজুৰি চাঞ্চল্য। টিনৰ বাকচত পোৱা গ'ল ২৫বছৰীয়া যুৱতীৰ কটা মূৰ। হাত-ভৰি, শৰীৰ বিভিন্ন অংশ পোৱা গ'ল এটা বেগত। লগে লগে ৰে'লৰ ডবাত হুলস্থুলীয়া পৰিৱেশ। যুৱতীগৰাকীৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাট কৰাৰ চিন স্পষ্ট। বাকচ আৰু বেগটোত তেজৰ দাগ স্পষ্ট। ৰে'লৰ চাফাই কৰ্মচাৰীয়ে বাকচটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে প্রশাসনক। কোনোৱে হত্যা কৰি যুৱতীগৰাকীক বাকচত ভৰাই উঠাই দিছিল ৰে'লত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ৰে'ল ষ্টেচনত এই ঘটনা।
Read More
প্ৰধানমন্ত্ৰীয়ে লাভ কৰিলে আন এক সন্মান

প্ৰধানমন্ত্ৰীয়ে লাভ কৰিলে আন এক সন্মান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ ৷ এয়া হৈছে স্ক্যাণ্ডিনেভিয়ান ৰাষ্ট্ৰই বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান । প্ৰধানমন্ত্ৰীৰ ছুইডেন ভ্ৰমণৰ সময়ত প্ৰদান কৰা এই সন্মান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ৰে সন্মানিত হোৱাটো কেৱল ব্যক্তিগত স্বীকৃতি নহয় বৰঞ্চ “ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে” আৰু ভাৰত-ছুইডেনৰ সম্পৰ্ক শক্তিশালী কৰাত অৰিহণা যোগোৱা সকলোৰে বাবে এক সন্মান ।
Read More
ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । সতীশনৰ সৈতে আন ২০ জন বিধায়কেও তেওঁৰ কেবিনেটৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ৰাজ্যপাল আৰ ভি আৰ্লেকাৰে আটাইকে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ তিৰুৱনন্তপুৰমৰ চেন্ট্ৰেল ষ্টেডিয়ামত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান ।শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে সতীশনে কয়, “পবিত্ৰ দায়িত্ববোধেৰে মই সৰ্বাংগীন শাসন ব্যৱস্থা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, সকলো সম্প্ৰদায়ক সন্মান জনোৱা আৰু কেৰালামৰ উন্নয়ন আৰু প্ৰগতিক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।”
Read More