”ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে”

ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে।অনুপ্ৰৱেশকাৰীসকলে ভাৰতৰ নিৰাপত্তা, অৰ্থনীতি আৰু জনসংখ্যাতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি আক্ষেপ প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰে যে, গৃহ মন্ত্ৰালয়ে সীমান্ত সংলগ্ন ৰাজ্যসমূহৰ সৈতে মিলি এক চাৰি দফীয়া কৌশল প্ৰস্তুত কৰিছে, যাৰ মূল লক্ষ্য হ’ল অতি কম সময়ৰ ভিতৰত দেশখনক অনুপ্ৰৱেশকাৰী মুক্ত কৰা।পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত বৰ্তমানৰ চৰকাৰে মাওবাদী, উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰবাদ আৰু ড্ৰাগছৰ সমস্যাসমূহ কাৰ্যক্ষমভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যিসকল লোকে আইনীভাৱে ভাৰতলৈ আহি দেশৰ উন্নয়নত অৱদান আগবঢ়ায় তেওঁলোকক আদৰণি জনোৱা হ’ব। কিন্তু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *