26
Aug
নিজৰ বিভাগসমূহৰ সৈতে জড়িত বিভিন্ন নীতি, প্ৰাতিষ্ঠানিক পদ্ধতি আৰু উন্নয়নমূলক পদক্ষেপ অধ্যয়নৰ বাবে গুজৰাট ভ্ৰমণৰ অংশ হিচাপে অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী কৌশিক ৰায়ে মঙলবাৰে আহমেদাবাদত নগৰ উন্নয়ন, পৌৰ শাসন, চেনিৰ মূল্য ব্যৱস্থাপনা আৰু সমবায় চেনি উদ্যোগৰ ওপৰত গুৰুত্ব দি একাধিক পৰিদৰ্শন আৰু উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে আহমেদাবাদৰ চাবৰমতী ৰিভাৰফ্ৰণ্ট পৰিদৰ্শন কৰে আৰু আইকনিক অটল দলং পৰিদৰ্শন কৰি প্ৰায় ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিভাৰফ্ৰণ্ট প্ৰকল্পৰ পৰিকল্পনা, উন্নয়ন আৰু বিভিন্ন উপাদানৰ প্ৰত্যক্ষভাৱে বুজ লয়। ইয়াৰ পিছত চাবৰমতী ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ (SRFDCL) কাৰ্যালয়ত আহমেদাবাদ প্ৰশাসনৰ…
