02
Sep
ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ইতিহাসত মহিলাৰ নেতৃত্বক নতুন মাত্ৰা প্ৰদান কৰি এক অনন্য কৃতিত্ব অৰ্জন এগৰাকী সেনা বিষয়াৰ। ভাৰতীয় প্ৰতিৰক্ষা সেৱাৰ প্ৰথমগৰাকী অনা-চিকিৎসা বিষয়া হিচাপে ‘টু-ষ্টাৰ’ পদবীলৈ পদোন্নতি লাভ কৰিছে এয়াৰ ভাইচ মাৰ্শ্বাল শক্তি শৰ্মাই। এই পদোন্নতিৰ লগে লগে তেওঁ ভাৰতীয় বায়ুসেনাৰ এছিষ্টেণ্ট চীফ অৱ দ্য এয়াৰ ষ্টাফ (শিক্ষা) হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। দেশৰ নাৰী শক্তিয়ে সকলো বাধা নেওচি প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ নেতৃত্বত স্থান দখল কৰাৰ নিদৰ্শন দাঙি ধৰিছে এই সফলতাই। দায়িত্ব আৰু নিষ্ঠাৰে দেশসেৱাত অগ্ৰণী ভূমিকা পালন কৰা শক্তি শৰ্মাৰ এই উত্তৰণে কেৱল পুৰণিকলীয়া ধাৰণাক ওফৰাই পেলোৱাই নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক মাইলৰ খুঁটিও স্থাপন কৰিছে। সামৰিক বাহিনীত সেৱা আগবঢ়োৱাৰ স্বপ্ন…
