উজনি অসমৰ প্ৰলয়ংকাৰী বানত সহায়ৰ হাত আগবঢ়াই বিশেষভাৱে চৰ্চালৈ অহা এ আই ইউ ডি এফৰ সভাপতি তথা বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে এইবাৰ নেপালত দুৰ্গত সকলক সহায় কৰাৰ বাবে সাজু হৈছে ৷ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুর্যোগপূর্ণ পৰিস্থিতিলৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে বিধায়ক বদৰুদ্দিন আজমলে ৷ভাৰত চৰকাৰে অনুমতি প্ৰদান কৰিলে বদৰুদ্দিন আজমলে ৫০ জনীয়া স্বেচ্ছাসেৱকৰ এটা দলৰ সৈতে নেপাললৈ গৈ উদ্ধাৰ, সাহায্য আৰু মানৱীয় সেৱাত অংশগ্ৰহণ কৰিবলৈ সাজু আছে ৷ মঙলবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে বিধায়ক বদৰুদ্দিন আজমলে এই কথা সদৰী কৰে ৷
বিধায়ক বদৰুদ্দিন আজমলে এইবাৰ নেপালত দুৰ্গত সকলক সহায় কৰাৰ বাবে সাজু হৈছে
