Blog

আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ,১৫-২০ হাজাৰ নতুন যুৱক যুৱতীক অসম আৰক্ষীত নিযুক্তি দিয়া হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসম আৰক্ষী সাহস আৰু ত্যাগৰ প্ৰতীক। যোৱা ৫ বছৰত অসম আৰক্ষীয়ে শান্তি-শৃংখলা অটুট ৰাখিছে। ৰাইজৰ সেৱা কৰিবলৈ আৰক্ষীয়ে সাহস, ধৈৰ্য অটটু ৰাখিব লাগে। ৰাজ্যৰ সীমা সমস্যা দূৰ কৰিবলৈ সাহসৰ পৰীক্ষা দিব লাগিব। আৰক্ষীয়ে ৰাজ্যৰ পৰা চাইবাৰকে ধৰি বহু অপৰাধ নিয়ন্ত্ৰণ কৰিছে। বৰ্তমান ৰাজ্যত অপৰাধৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে।
Read More
পুনৰ ভাৰতীয়সকলক সোণ নিকিনিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

পুনৰ ভাৰতীয়সকলক সোণ নিকিনিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰয়োজন নাথাকিলে সোণ নিকিনিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বদেশী আৰু আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দি সোণ কিনাৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে তেওঁ এই বাৰ্তা প্ৰচাৰ কৰে। ইনষ্টাগ্ৰামত প্ৰকাশ কৰা এটা ৰীলত প্রধানমন্ত্ৰী মোদীয়ে কয়, “প্ৰয়োজন নাথাকিলে সোণো কিনা উচিত নহয়। আমি যিমানেই স্বদেশীৰ ওপৰত গুৰুত্ব দিম, সিমানেই আত্মনিৰ্ভৰতাৰ ওপৰত জোৰ দিম। মোৰ দৃঢ় বিশ্বাস, ভাৰত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ কৰিব, তেতিয়া আমি আমাৰ যুৱ প্ৰজন্মৰ হাতত এখন উন্নত ভাৰত তুলি দিব পাৰিম।”
Read More
টেকটন্‌ বাহনৰ ৰপ্তানি আৰম্ভ হোৱাৰ লগে লগে নিচান ইণ্ডিয়াৰ ঘৰুৱা পাইকাৰী বিক্ৰীত ১৪৭% বৃদ্ধি

টেকটন্‌ বাহনৰ ৰপ্তানি আৰম্ভ হোৱাৰ লগে লগে নিচান ইণ্ডিয়াৰ ঘৰুৱা পাইকাৰী বিক্ৰীত ১৪৭% বৃদ্ধি

নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ২০২৬ চনৰ আগষ্ট মাহত মুঠ ৯,৩৫০খন বাহনৰ পাইকাৰী বিক্ৰীৰ কথা সদৰি কৰিছে, যাৰ ভিতৰত ঘৰুৱা বজাৰত ৩,৪২৬খন বাহন আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৫,৯২৪খন বাহন ৰপ্তানি কৰা হয়।মেগনাইট আৰু গ্ৰেভিট মডেলৰ ধাৰাবাহিক চাহিদাৰ লগতে সম্পূৰ্ণ নতুন নিচান টেকটন্‌ এছইউভিৰ প্ৰতি বজাৰৰ তীব্ৰ সঁহাৰিৰ বাবে ঘৰুৱা পাইকাৰী বিক্ৰী বছৰেকীয়া ভিত্তিত ১৪৭% বৃদ্ধি পাইছে।নিচানে নিজৰ ৱান কাৰ, ৱান ৱৰ্ল্ড ৰণকৌশলৰ অধীনত দক্ষিণ আফ্ৰিকা, ভূটান আৰু নেপাললৈও টেকটন বাহনৰ ৰপ্তানি আৰম্ভ কৰিছে। কোম্পানীটোৱে ১,৩০০তকৈও অধিক বাহনৰ প্ৰথমটো গোট প্ৰেৰণ কৰিছে, যাৰ জৰিয়তে ভাৰতৰ পৰা এই এছইউভিখনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে।কোম্পানীটোৱে কয় যে টেকটন্‌ বাহনে পৰ্যায়ক্ৰমে বিভিন্ন অঞ্চলৰ বজাৰসমূহ…
Read More
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন

উত্তৰ পূবৰ প্ৰথমটো আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ এক নতুন নিখুঁত বিমান অৱতৰণ আলোক ব্যৱস্থা কাৰ্যক্ষম কৰি তোলা হৈছে।  এই আধুনিক ব্যৱস্থাৰ সহায়ত ৰানৱে অভিমুখী পাইলটসকলে স্পষ্টভাৱে দূৰলৈ দেখা পোৱাৰ ফলত প্ৰতিকূল বতৰতো বিমান চলাচল প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে অব্যাহত থাকিব। গুৱাহাটীত প্ৰায়েই ধাৰাষাৰ বৰষুণ আৰু ঘন কুঁৱলীৰ প্ৰত্যাহ্বানে বিমান চলাচলক প্ৰভাৱিত কৰে। নতুনকৈ কাৰ্যক্ষম কৰা এই নিখুঁত বিমান অৱতৰণ আলোক ব্যৱস্থাই  বিমানবন্দৰৰ অৱতৰণমুখী আলোক সজ্জাৰ পৰিসৰ পূৰ্বৰ ১৮০ মিটাৰৰ পৰা ৫৭০ মিটাৰলৈ বৃদ্ধি কৰিছে  হৈছে। এই ব্যৱস্থাই বিমান অৱতৰণৰ সময়ত পাইলটসকলক বহু আগতীয়াকৈ ৰানৱে আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ স্পষ্টকৈ চিনাক্ত কৰাত সহায় কৰে।…
Read More
ইভি, ৰপ্তানি বৃদ্ধিয়ে বিকাশ তৰান্বিত কৰাৰ ফলত আগষ্টত টিভিএছ মটৰৰ বিক্ৰীত ২১% উত্থান

ইভি, ৰপ্তানি বৃদ্ধিয়ে বিকাশ তৰান্বিত কৰাৰ ফলত আগষ্টত টিভিএছ মটৰৰ বিক্ৰীত ২১% উত্থান

টিভিএছ ভেনুৰ অংশ টিভিএছ মটৰ কোম্পানীয়ে ২০২৬ চনৰ আগষ্ট মাহত ৬,১৬,৫৪০খন বাহনৰ মাহেকীয়া বিক্ৰীৰে বছৰেকীয়া ভিত্তিত ২১% বৃদ্ধিৰ কথা সদৰি কৰিছে, যাৰ তুলনাত যোৱা বছৰৰ একে মাহত ৫,০৯,৫৩৬খন বাহন বিক্ৰী হৈছিল।দুচকীয়া বাহনৰ বিক্ৰী ২০২৫ চনৰ আগষ্ট মাহৰ ৪,৯০,৭৮৮খন বাহনৰ পৰা ২১% বৃদ্ধি পাই ৫,৯১,৪৩৭খন বাহন হৈছে। ঘৰুৱা দুচকীয়া বাহনৰ বিক্ৰী ৩,৬৮,৮৬২খন বাহনৰ পৰা ১৮% বৃদ্ধি পাই ৪,৩৩,৭৯৬খন বাহন হৈছে, যাৰ দ্বাৰা কোম্পানীটোৰ ঘৰুৱা বজাৰত ধাৰাবাহিক চাহিদাৰ দিশটো প্ৰতিফলিত কৰিছে।কোম্পানীটোৰ বৈদ্যুতিক বাহন খণ্ডই আটাইতকৈ তীব্ৰ অগ্ৰগতি লাভ কৰিছে, য’ত দুচকীয়া ইভি বাহনৰ বিক্ৰী ২০২৬ চনৰ আগষ্ট মাহত বছৰেকীয়া ভিত্তিত ১৩৭% বৃদ্ধি পাই ৫৯,৪৫৩খন বাহন হৈছে, যি পূৰ্বৰ বছৰত ২৫,১৩৮খন বাহন আছিল।টিভিএছ…
Read More
মেঘালয়ত ৰাজনৈতিক জল্পনা: ৯ বিধায়ক বিজেপিত যোগদানৰ খবৰ নস্যাৎ ইউ ডি পিৰ

মেঘালয়ত ৰাজনৈতিক জল্পনা: ৯ বিধায়ক বিজেপিত যোগদানৰ খবৰ নস্যাৎ ইউ ডি পিৰ

ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ (ইউ ডি পি) ১২ গৰাকী বিধায়কৰ ভিতৰত ৯ গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰিব পাৰে বুলি খবৰ প্ৰকাশ পোৱাৰ পিছত মেঘালয়ত সম্ভাৱ্য ৰাজনৈতিক পুনৰবিন্যাসক লৈ জল্পনা তীব্ৰতৰ হৈ পৰিছে। অৱশ্যে ইউ ডি পিয়ে এই খবৰক উৰাবাতৰি বুলি নস্যাৎ কৰি কয় যে দল এৰাৰ কোনো ইচ্ছা তেওঁলোকৰ কোনো বিধায়কে প্ৰকাশ কৰা নাই। গুৱাহাটীত ইউ ডি পি নেতা আৰু বিজেপি নেতাৰ মাজত হোৱা বৈঠকৰ পিছত ৰাজনৈতিক আলোচনাই গতি লাভ কৰা বুলি জানিব পৰা গৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু উত্তৰ-পূবৰ ভাৰপ্ৰাপ্ত সম্বিত পাত্ৰই নতুন দিল্লীত দলৰ কেন্দ্ৰীয় নেতৃত্বক এই অগ্ৰগতিৰ বিষয়ে অৱগত কৰা বুলি জানিব পৰা গৈছে, আনহাতে অসমৰ…
Read More
মেদান্তৰ সহযোগত জি এম চি এইচত ৰবটিক অস্ত্ৰোপচাৰৰ উৎকৰ্ষ কেন্দ্ৰ

মেদান্তৰ সহযোগত জি এম চি এইচত ৰবটিক অস্ত্ৰোপচাৰৰ উৎকৰ্ষ কেন্দ্ৰ

উন্নত শল্য চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (জি এম চি এইচ) ৰবটিক ছাৰ্জাৰীৰ উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে অসম চৰকাৰে আজি গ্ল’বেল হেল্থ লিমিটেড, মেদান্তৰ সৈতে এক বুজাবুজিৰ চুক্তি (এম অ’ ইউ) স্বাক্ষৰ কৰে। এই অংশীদাৰিত্বই জি এম চি এইচলৈ বিশেষ প্ৰশিক্ষণ, সামৰ্থ্য বৃদ্ধি, জ্ঞানৰ অংশীদাৰিত্ব, কাৰিকৰী বিশেষজ্ঞতা আৰু ক্লিনিকেল এস্কেলেচন পথ আনিব। অহা ৬ৰ পৰা ১২ মাহৰ ভিতৰত একাধিক বিভাগত ৰবটিক পদ্ধতি সম্প্ৰসাৰিত হোৱাৰ আশা কৰা হৈছে। মেদান্তই উদীয়মান প্ৰযুক্তি আৰু প্ৰমাণ-ভিত্তিক পদ্ধতিৰ ওপৰত নিৰন্তৰ পৰামৰ্শমূলক সহায় আগবঢ়াব, যৌথ ফলাফল নিৰীক্ষণ আৰু গুণগত নিশ্চয়তাৰে জি এম চি এইচক ৰবটিক অস্ত্ৰোপচাৰৰ বাবে এক আগশাৰীৰ…
Read More
গাখীৰ সঞ্চালকালয়ৰ খালী পদ পূৰণ আৰু পশুধন জৰীপৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গাখীৰ সঞ্চালকালয়ৰ খালী পদ পূৰণ আৰু পশুধন জৰীপৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ গাখীৰ খণ্ডৰ পৰ্যালোচনা কৰে আৰু গাখীৰ উৎপাদন শক্তিশালী কৰা, সমবায় নেটৱৰ্ক সম্প্ৰসাৰণ কৰা, প্ৰক্ৰিয়াকৰণ ক্ষমতা বৃদ্ধি কৰা আৰু ৰাজ্যত এক শক্তিশালী গাখীৰ মূল্য শৃংখল গঢ়ি তোলাৰ বাবে কেন্দ্ৰীভূত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গাখীৰ উন্নয়ন সঞ্চালকালয়ক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত গাখীৰৰ সামগ্ৰিক উপলব্ধতা, উৎপাদন, চাহিদা আৰু জিলা-ভিত্তিক গাখীৰৰ ভিত্তিকে ধৰি পৰ্যালোচনা কৰে। গাখীৰ সমবায় সমিতি (ডি চি এছ)ৰ স্থিতি, সংগঠিত আৰু পঞ্জীয়নভুক্ত সমিতিৰ মাজৰ ব্যৱধানকে ধৰি আলোচনা কৰা হয়। বৈঠকত ৫ টকীয়া ৰাজসাহায্য আঁচনিৰ ৰূপায়ণ, ইয়াৰ সামৰি লোৱা পৰিসৰ, ডি চি এছ পঞ্জীয়ন পৰ্টেল আৰু হিতাধিকাৰীৰ সামৰি লোৱাৰ ক্ষেত্ৰত থকা ব্যৱধানৰ বিষয়েও পৰ্যালোচনা কৰা হয়।…
Read More
ছেপ্টেম্বৰৰ আৰম্ভণিতেই মূল্যবৃদ্ধি, সলনি হ’ল দেশৰ ৭টা গুৰুত্বপূৰ্ণ নিয়ম

ছেপ্টেম্বৰৰ আৰম্ভণিতেই মূল্যবৃদ্ধি, সলনি হ’ল দেশৰ ৭টা গুৰুত্বপূৰ্ণ নিয়ম

​নতুন মাহ ছেপ্টেম্বৰৰ আৰম্ভণিৰ লগে লগে দেশজুৰি কেইবাটাও গুৰুত্বপূৰ্ণ আৰ্থিক আৰু ব্যৱহাৰিক নিয়ম সলনি হৈছে। পেট্ৰ’লিয়াম প্ৰতিষ্ঠানসমূহৰ নতুন মূল্য নিৰ্ধাৰণৰ ফলত ব্যৱসায়ীসকলৰ লগতে সাধাৰণ জনসাধাৰণৰ ওপৰত অতিৰিক্ত বিত্তীয় বোজা পৰিছে। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা ৭টা প্ৰধান পৰিৱৰ্তন হৈছে- ​কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি: ১৯ কেজি ওজনৰ ব্যৱসায়িক (কমাৰ্চিয়েল) এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৯.৫০ টকাৰ পৰা ১১.৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু কেটাৰিং ব্যৱসায়ত খৰচ বৃদ্ধি পাব। ​বিমানৰ ইন্ধনৰ মূল্য বৃদ্ধি: বিমানৰ ইন্ধন বা এভিয়েশ্যন টাৰ্বাইন ফুৱেলৰ মূল্য ৫.৪৬% লৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত অনাগত দিনত বিমানৰ টিকটৰ দাম বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ​চিএনজি…
Read More
বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

মাহটোৰ প্ৰথমটো দিনতে বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। তেল বিপণন সংস্থাসমূহে পুনৰ ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে। ৯.৫০ টকাকৈ বৃদ্ধি পালে প্ৰতিটো চিলিণ্ডাৰৰ দাম। ৫ কিলোগ্ৰামৰ নন-ডমেষ্টিক চিলিণ্ডাৰৰ দামো ২ টকা বৃদ্ধি কৰি ৭৬২ টকাৰ পৰা ৭৬৪ টকা কৰা হৈছে। অৱশ্যে সাধাৰণ ৫ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰ আৰু XTRALITE-ৰ দাম অপৰিৱৰ্তিত আছে। কমাৰ্চিয়েল চিলিণ্ডাৰ মূলতঃ ৰেষ্টুৰেণ্ট, হোটেল আৰু বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হয়। স্বস্তিৰ কথা এয়াই যে, ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
Read More