Blog

ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে

ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে

পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । সোমবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ ফলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈছে ।ইয়াৰ মাজতে মঠঘৰীয়াত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে ।বৰষুণৰ মাজতেই মঙলবাৰে পুৱা প্ৰায় ৮ বজাত মহানগৰীৰ মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰ অঞ্চলত হোৱা ভয়াৱহ ভূমিস্খলনত নগেন ৰাজবংশীৰ লগতে তেওঁৰ পত্নী মীনা ৰাজবংশী আৰু কন্য়া চুনু ৰাজবংশীৰ মৃত্য়ু হয় । চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ বিপ্লৱ ৰাজবংশীক স্থানীয় ৰাইজে বোকামাটিৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগে লগে স্থানীয় ৰাইজে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
Read More
পুনৰ উত্তপ্ত মণিপুৰ

পুনৰ উত্তপ্ত মণিপুৰ

মণিপুৰৰ কাংপোকপি জিলাত সোমবাৰে পুৱা সশস্ত্ৰ নগা বিদ্ৰোহীৰ আক্ৰমণত তিনি অসামৰিক লোক নিহত হোৱাৰ লগতে চাৰিজন গুৰুতৰভাৱে আহত হয়।আজি পুৱা প্ৰায় ৮ বজাত প্ৰায় ৫০জন সশস্ত্ৰ বিদ্ৰোহীয়ে কাংপোকপি জিলাৰ টেইখাং গাঁৱত প্ৰৱেশ কৰি অসামৰিক লোকক লক্ষ্য কৰি ধাৰাসাৰ গুলীচালনা কৰে। আক্ৰমণৰ সময়ত গাঁওখনৰ কেইবাটাও ঘৰত অগ্নিসংযোগ কৰা হয় বুলিও অভিযোগ উঠিছে। গুলীচালনাৰ ফলত আতংকিত গাঁওবাসীয়ে প্ৰাণৰক্ষাৰ বাবে অঞ্চলটোৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।এই আক্ৰমণত নিহত হোৱা তিনিজন লোক হৈছে টিংনেইচিন (৪০), টংপাও লহুভুমৰ পত্নী; হইনেইং লহুজেম (২১), থাংগৌলেন লহুজেমৰ পত্নী; আৰু লামটিনথাং লহুজেম (৩৬), ছেইলুন লহুজেমৰ পুত্ৰ। আনহাতে, আক্ৰমণত চাৰিজন লোক গুৰুতৰভাৱে আহতসকল হৈছে—নেমনেইচং লহুজেম (৫০), ছেইলুন লহুজেম (৭০), ডেইলহিং…
Read More
মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিৰ পাছতো বৃদ্ধি পালে দেশৰ GDP

মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিৰ পাছতো বৃদ্ধি পালে দেশৰ GDP

বিশ্বজুৰি অনিশ্চয়তা, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত তেলৰ সংকটৰ মাজতো দেশৰ GDP বৃদ্ধিক এক বৃহৎ সফলতা বুলি অভিহিত কৰিলে মোদীয়ে।দেশৰ GDPৰ এই বৃদ্ধিক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ অৰ্থনীতিয়ে প্ৰত্যাশাতকৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। প্ৰথম তিনিমাহত ভাৰতৰ জিডিপি ৭.৮% বৃদ্ধি পাইছে। উৎপাদন, সেৱা আৰু বিনিয়োগ খণ্ডৰ উৎকৃষ্ট কাম-কাজে খনি খণ্ডৰ দুৰ্বলতা আৰু কৃষি খণ্ডৰ তুলনামূলকভাৱে কম বৃদ্ধিৰ প্ৰভাৱ চম্ভালি লোৱাৰ বাবে অৰ্থনীতিয়ে ৭.৮ শতাংশ হাৰত বৃদ্ধি লাভ কৰিছে।শেহতীয়া GDP পৰিসংখ্যাৰ প্ৰতিক্ৰিয়াত মোদীয়ে এই সফলতাৰ কৃতিত্ব ভাৰতীয়সকলৰ সংকল্প আৰু কঠোৰ পৰিশ্ৰমক দিয়ে। তেওঁ কয় যে কঠিন গোলকীয় পৰিস্থিতিৰ মাজতো এই পৰিসংখ্যাই ভাৰতৰ সামৰ্থ্যৰ প্ৰমাণ…
Read More
কন্যাৰ শিক্ষা যাত্ৰাৰ বাবে এগৰাকী মাতৃৰ সংগ্ৰাম! খালী ভৰিৰে দৌৰি মাৰাথনত অৰ্জন কৰিলে প্ৰথম পুৰস্কাৰ

কন্যাৰ শিক্ষা যাত্ৰাৰ বাবে এগৰাকী মাতৃৰ সংগ্ৰাম! খালী ভৰিৰে দৌৰি মাৰাথনত অৰ্জন কৰিলে প্ৰথম পুৰস্কাৰ

বয়স তেওঁৰ ৪৭ বছৰ। প্ৰতিযোগিতাত ভাগ ল’বলৈ তেওঁৰ ওচৰত নাছিল কোনো জোতা কিম্বা অন্য সা-সৰঞ্জাম। কিন্তু কন্যাৰ শিক্ষাৰ সপোন পূৰণৰ স্বাৰ্থতে সাধাৰণ শাৰী পিন্ধি খালী ভৰিৰেই মাৰাথনত অংশ লৈ প্ৰথম পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হ’ল মহিলাগৰাকীয়ে। মহাৰাষ্ট্ৰৰ বীড় জিলাৰ অম্বাযোগাই চহৰত শিক্ষানুষ্ঠানৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত ‘অমৃত দৌড়’ মাৰাথনত বিজয়ীৰ খিতাপ দখল কৰে ৰমাবাঈ ৰণবীৰ নামৰ ৪৭ বছৰীয়া এগৰাকী মহিলাই। আধুনিক সা-সুবিধাপ্ৰাপ্ত প্ৰশিক্ষিত বহু কম বয়সীয়া প্ৰতিযোগীক পিছ পেলাই তেওঁ অৰ্জন কৰে এই কৃতিত্ব। উল্লেখ্য যে, স্বামীৰ মৃত্যুৰ পিছত আনৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰি পৰিয়াল পোহপাল দিয়া ৰমাবাঈয়ে দুই কন্যা সন্তানৰ পঢ়া-শুনাৰ দায়িত্ব অকলেই বহন কৰি আহিছে। প্ৰতিযোগিতাখনৰ…
Read More
এক সোণালী যুগৰ পৰিসমাপ্তি! আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা লিয়’নেল মেছিৰ

এক সোণালী যুগৰ পৰিসমাপ্তি! আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা লিয়’নেল মেছিৰ

বিশ্ব ফুটবলৰ এখন অনন্য মঞ্চৰ পৰা বিদায় ল’লে বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ তাৰকা লিয়’নেল মেছিয়ে। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে পৰাজয়ৰ কেইমাহমানৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় ফুটবলক চিৰবিদায় জনোৱাৰ এই চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰে ৩৯ বছৰীয়া খেলুৱৈগৰাকীয়ে। সামাজিক মাধ্যম ইনষ্টাগ্ৰামত এখন আৱেগিক হাতেলিখা চিঠি প্ৰকাশ কৰি মেছিয়ে প্ৰায় দুই দশকজোৰা নিজৰ দেশৰ নীলা-বগা জাৰ্ছীযোৰ অৱশেষত খুলি থোৱাৰ কথা সদৰী কৰে। এই সিদ্ধান্ত গ্ৰহণ কৰি মেছিয়ে উল্লেখ কৰে যে অন্তৰৰ পৰা অত্যন্ত কষ্টকৰ হ’লেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আঁতৰি অহাৰ বাবে এয়াই সঠিক সময়। আৰ্জেণ্টিনাৰ সমৰ্থকসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে দেশখনৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়াৰ পিছত বৰ্তমান নৱপ্ৰজন্মৰ…
Read More
বানপীড়িত পৰিয়াল আৰু নৱপ্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ কল্যাণমুখী আঁচনি; বিত্তীয় সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

বানপীড়িত পৰিয়াল আৰু নৱপ্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ কল্যাণমুখী আঁচনি; বিত্তীয় সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

প্ৰাকৃতিক দুৰ্যোগত সৰ্বস্বান্ত হোৱা লোকসকলৰ পুনৰ্বাসন আৰু ৰাজ্যৰ যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে কেইবাখনো উল্লেখনীয় কল্যাণমুখী পদক্ষেপৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে প্ৰতিটো পৰিয়ালক ১৫ হাজাৰ টকাকৈ অন্তৱৰ্তীকালীন বান সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। প্ৰথম পৰ্যায়ত এই তিনিখন জিলাৰ মুঠ ১৬,৭৪৬ টা পৰিয়ালক সামৰি লৈ ২৫.১২ কোটি টকা হস্তান্তৰৰ পদক্ষেপ লোৱা হৈছে। সমগ্ৰ ৰাজ্যখনত এতিয়ালৈকে সৰ্বমুঠ ১,১৭,০৯৫ টা পৰিয়ালক সামৰি মুঠ ১৭৫.৬৪ কোটি টকা সাহায্যৰূপে মুকলি কৰি দিয়া বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। কেৱল বান সাহায্যই নহয়, ৰাজ্যৰ মানৱ সম্পদ বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত…
Read More
ধ্বংসস্তূপৰ মাজত অলৌকিক প্ৰাণৰ সন্ধান! নেপালৰ বানত তিনি দিনৰ পাছত জীৱন্তে উদ্ধাৰ কণমানি

ধ্বংসস্তূপৰ মাজত অলৌকিক প্ৰাণৰ সন্ধান! নেপালৰ বানত তিনি দিনৰ পাছত জীৱন্তে উদ্ধাৰ কণমানি

মৃত্যুৰ কৰুণ আৰ্তনাদ আৰু ধ্বংসাৱশেষৰ গভীৰ অন্ধকাৰ ফালি পোহৰলৈ আহিল এটি নিষ্পাপ প্ৰাণৰ আশাৰ ৰেঙনি। প্ৰলয়ংকাৰী বানৰ তাণ্ডৱত প্ৰায় সকলো নিশ্চিহ্ন হৈ যোৱাৰ তিনি দিন পাছত ডাঠ বোকামাটিৰ তলৰ পৰা এগৰাকী ছবছৰীয়া শিশুক জীৱন্তে উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। ৰাছুৱা জিলাৰ বানবিধ্বস্ত তিমুৰে গাঁৱত সংঘটিত হয় এই আশ্চৰ্যকৰ উদ্ধাৰ অভিযান। ভোট কোশী নদীৰ প্ৰচণ্ড বাঢ়নী পানীত প্লাৱিত হোৱা অঞ্চলটোত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে সেনা আৰক্ষী বাহিনীৰ জোৱানসকলে মাটিৰ তলৰ পৰা এটি ক্ষীণ কান্দোনৰ শব্দ শুনা পায়। কোনো পলম নকৰি জোৱানসকলে তৎপৰতাৰে মাটি খান্দি কণমানিজনীক সুকলমে উদ্ধাৰ কৰে। ইয়াৰ পিছতে শিশুটিক প্ৰাথমিকভাৱে সীমান্ত চকীৰ শিবিৰত চিকিৎসা প্ৰদান কৰা হয় যদিও স্বাস্থ্যৰ…
Read More
বৈশ্বিক সংকটৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থানঃ বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

বৈশ্বিক সংকটৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থানঃ বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

বিশ্বজুৰি অব্যাহত থকা যুদ্ধ আৰু অৰ্থনৈতিক সংকটৰ মাজতো দেশৰ উন্নয়নৰ ধাৰা অব্যাহত আছে। এই দাবী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এছচিঅ’ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কিৰ্গিজস্তানৰ ৰাজধানী বিশকেকত উপস্থিত থকা প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক নাম নোলোৱাকৈ তীব্ৰ কটাক্ষ কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি চলতি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত (এপ্ৰিল-জুন) দেশৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি বিকাশৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে। এই ফলাফল আশা কৰা ৭.১ শতাংশতকৈ যথেষ্ট অধিক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্ব সংকট আৰু যোগান শৃংখলৰ অচলাৱস্থাত থকাৰ সময়তো ভাৰতে অতি দ্ৰুত গতিৰে বিকাশৰ দিশত…
Read More
বিভিন্ন দাবীত অনলাইন চালক সংস্থাৰ ধৰ্মঘট; গুৱাহাটীত অনিৰ্দিষ্টকাললৈ স্তব্ধ কেব সেৱা

বিভিন্ন দাবীত অনলাইন চালক সংস্থাৰ ধৰ্মঘট; গুৱাহাটীত অনিৰ্দিষ্টকাললৈ স্তব্ধ কেব সেৱা

পৰিবহণ খণ্ডৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ স্তব্ধ কৰি ৰাজপথলৈ ওলাই আহিল শতাধিক অনলাইন বাহনৰ চালক। ইন্ধনৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ সমান্তৰালকৈ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ প্ৰতিবাদত গুৱাহাটী মহানগৰীত অনিৰ্দিষ্টকালৰ বাবে অনলাইন কেব সেৱা বন্ধ ঘোষণা কৰে চালক সন্থাসমূহে। অ’লা, উবেৰ, ৰেপিড’ চালক সমাজ আৰু ই-ভি অটো চালক সংস্থাই যৌথভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত কোনো সৰ্বসন্মত সমাধানসূত্ৰ নোলোৱাৰ পাছতেই পুৱা ৫ বজাৰ পৰা এই সেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। চালক সংস্থাসমূহে মহানগৰীৰ প্ৰতিটো পথৰ বাবে সমহাৰত ভাড়া নিৰ্ধাৰণ কৰা আৰু ব্যক্তিগত বাহনৰ অবৈধ বাণিজ্যিক ব্যৱহাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰ উপৰিও গুৱাহাটীত এপ-ভিত্তিক কোম্পানীসমূহৰ স্থায়ী কাৰ্যালয় স্থাপন কৰাৰ…
Read More
ডিম্বাশয়ৰ সঞ্চয় বা সংৰক্ষণ হাসৰ প্ৰৱণতা সন্দৰ্ভত মহিলাসকলে গুৰুত্ব নিদিয়া দিশসমূহ

ডিম্বাশয়ৰ সঞ্চয় বা সংৰক্ষণ হাসৰ প্ৰৱণতা সন্দৰ্ভত মহিলাসকলে গুৰুত্ব নিদিয়া দিশসমূহ

চিকিৎসাৰ অভিজ্ঞতা অনুসৰি, ডিম্বাশয়ৰ সঞ্চয় (অভাৰিয়ান ৰিজাৰ্ভ) হ্ৰাস পোৱাৰ সমস্যাটো প্ৰায়েই অপ্ৰত্যাশিতভাৱে ধৰা পৰে।" এগৰাকী মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া হ'ব পাৰে, কোনো স্পষ্ট লক্ষণ নাথাকিব পাৰে, তথাপিও সন্তানহীনতাৰ চিকিৎসাৰ বাবে কৰা পৰীক্ষাত আশাতকৈ কম সঁহাৰি দেখা যাব পাৰে," এই গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফৰ বন্ধ্যাত্ব বা প্ৰজনন বিশেষজ্ঞা ডাঃ কল্পনা জৈনৰ। ইয়াৰ কাৰণ হ'ল— দেহত থকা ডিম্বাণুৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰক্ৰিয়াটো অতি নীৰৱে ঘটে আৰু ই সকলো মহিলাৰ ক্ষেত্ৰত একে নহয়। ডিম্বাশয়ৰ সঞ্চয় কোনো নিৰ্দিষ্ট সময়সূচী অনুসৰি হ্ৰাস বা কম নহয় মহিলাৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হৈছে বয়স। কিন্তু একে বয়সৰে দুগৰাকী মহিলাৰ ডিম্বাশয়ৰ…
Read More