মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিৰ পাছতো বৃদ্ধি পালে দেশৰ GDP

বিশ্বজুৰি অনিশ্চয়তা, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত তেলৰ সংকটৰ মাজতো দেশৰ GDP বৃদ্ধিক এক বৃহৎ সফলতা বুলি অভিহিত কৰিলে মোদীয়ে।দেশৰ GDPৰ এই বৃদ্ধিক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ অৰ্থনীতিয়ে প্ৰত্যাশাতকৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। প্ৰথম তিনিমাহত ভাৰতৰ জিডিপি ৭.৮% বৃদ্ধি পাইছে। উৎপাদন, সেৱা আৰু বিনিয়োগ খণ্ডৰ উৎকৃষ্ট কাম-কাজে খনি খণ্ডৰ দুৰ্বলতা আৰু কৃষি খণ্ডৰ তুলনামূলকভাৱে কম বৃদ্ধিৰ প্ৰভাৱ চম্ভালি লোৱাৰ বাবে অৰ্থনীতিয়ে ৭.৮ শতাংশ হাৰত বৃদ্ধি লাভ কৰিছে।শেহতীয়া GDP পৰিসংখ্যাৰ প্ৰতিক্ৰিয়াত মোদীয়ে এই সফলতাৰ কৃতিত্ব ভাৰতীয়সকলৰ সংকল্প আৰু কঠোৰ পৰিশ্ৰমক দিয়ে। তেওঁ কয় যে কঠিন গোলকীয় পৰিস্থিতিৰ মাজতো এই পৰিসংখ্যাই ভাৰতৰ সামৰ্থ্যৰ প্ৰমাণ দাঙি ধৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *