ছেপ্টেম্বৰৰ আৰম্ভণিতেই মূল্যবৃদ্ধি, সলনি হ’ল দেশৰ ৭টা গুৰুত্বপূৰ্ণ নিয়ম

​নতুন মাহ ছেপ্টেম্বৰৰ আৰম্ভণিৰ লগে লগে দেশজুৰি কেইবাটাও গুৰুত্বপূৰ্ণ আৰ্থিক আৰু ব্যৱহাৰিক নিয়ম সলনি হৈছে। পেট্ৰ’লিয়াম প্ৰতিষ্ঠানসমূহৰ নতুন মূল্য নিৰ্ধাৰণৰ ফলত ব্যৱসায়ীসকলৰ লগতে সাধাৰণ জনসাধাৰণৰ ওপৰত অতিৰিক্ত বিত্তীয় বোজা পৰিছে। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা ৭টা প্ৰধান পৰিৱৰ্তন হৈছে- ​কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি: ১৯ কেজি ওজনৰ ব্যৱসায়িক (কমাৰ্চিয়েল) এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৯.৫০ টকাৰ পৰা ১১.৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু কেটাৰিং ব্যৱসায়ত খৰচ বৃদ্ধি পাব। ​বিমানৰ ইন্ধনৰ মূল্য বৃদ্ধি: বিমানৰ ইন্ধন বা এভিয়েশ্যন টাৰ্বাইন ফুৱেলৰ মূল্য ৫.৪৬% লৈ বৃদ্ধি পাইছে।

ইয়াৰ ফলত অনাগত দিনত বিমানৰ টিকটৰ দাম বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ​চিএনজি আৰু পিএনজিৰ দাম বৃদ্ধি: ইন্ধনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱত দেশৰ কেইবাখনো ডাঙৰ চহৰত চিএনজি আৰু ঘৰুৱা পিএনজি গেছৰ দাম বৃদ্ধি কৰা হৈছে। ​গাখীৰৰ পাইকাৰী মূল্য বৃদ্ধি: গো-খাদ্য আৰু পৰিবহণ খৰচ বৃদ্ধি পোৱাৰ বাবে ১ ছেপ্টেম্বৰৰ পৰা গাখীৰৰ পাইকাৰী দামো বৃদ্ধি পাইছে। ​নতুন বাহনৰ মূল্য বৃদ্ধি: টাটা মটৰ্ছ আৰু হিউণ্ডাইৰ দৰে মুখ্য বাহন নিৰ্মাতা প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ নির্দিষ্ট গাড়ীৰ মডেলসমূহত মূল্যবৃদ্ধি কাৰ্যকৰী কৰিছে। ​

এলপিজি ই-কেৱাইচিৰ নিয়ম: ৰান্ধনি গেছ চিলিণ্ডাৰৰ ৰাজসাহায্য  লাভৰ বাবে ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাতো জৰুৰী কৰা হৈছে, নহ’লে ৰাজসাহায্য লাভত পলম হ’ব পাৰে। ​বিমানবন্দৰৰ নিয়ম সহজ কৰা: ইমিগ্ৰেশ্যন প্ৰক্ৰিয়াৰ সময়ত ব’ৰ্ডিং পাছত ছীল/ষ্টেম্প মৰাৰ নিয়ম বন্ধ কৰা হৈছে, যাৰ ফলত যাত্ৰীসকলে মোবাইল বা প্ৰিণ্ট কৰা ডিজিটেল ব’ৰ্ডিং পাছ দেখুৱাই সহজতে যাত্ৰা কৰিব পাৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *