Blog

পথৰ কুকুৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ বস্তাত ভৰাই পৌৰ কাৰ্যালয়লৈ লৈ আহিল কুকুৰ! তাৰ পিছত

পথৰ কুকুৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ বস্তাত ভৰাই পৌৰ কাৰ্যালয়লৈ লৈ আহিল কুকুৰ! তাৰ পিছত

পথৰ কুকুৰৰ আতংকৰ কাৰণে অতিষ্ঠ হৈ অৱশেষত পৌৰ পঞ্চায়তৰ মুখ্য বিষয়াৰ কাৰ্যালয়তে বাটৰ কুকুৰ এৰি দিলে একাংশ প্ৰতিবাদকাৰীয়ে। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ নিফাড চহৰত সংঘটিত এই অভাৱনীয় ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, চহৰখনত বিগত কিছুদিন ধৰি বাটৰ কুকুৰৰ ত্ৰাস বৃদ্ধি পোৱাৰ ফলত নিতৌ ইয়াৰ কবলত পৰিবলগীয়া হৈছিল বাটৰুৱা। সঘনাই ঘটা এনে আক্ৰমণৰ বিৰুদ্ধে পৌৰ প্ৰশাসনক বাৰে বাৰে দৃষ্টিগোচৰ কৰাৰ পিছতো কোনো ফলপ্ৰসূ পদক্ষেপ নোলোৱাত স্থানীয় ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিগি পৰে। প্ৰশাসনৰ এনে চৰম নিৰ্লিপ্ততাৰ প্ৰতিবাদ জনাই শিৱসেনাৰ (উদ্ধৱ ঠাকৰে গোট) যুৱ শাখা 'যুৱ সেনা'ৰ জিলা সভাপতি বিক্ৰম ৰন্ধৱেৰ নেতৃত্বত দলীয় কৰ্মীসকলে সাব্যস্ত কৰে এক অভিনৱ…
Read More
ইউপিআই কৰ প্ৰস্তাৱ সন্দৰ্ভত সংসদীয় সমিতিত হোৱা নাছিল কোনো আলোচনাঃ কেন্দ্ৰৰ নীতিৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ

ইউপিআই কৰ প্ৰস্তাৱ সন্দৰ্ভত সংসদীয় সমিতিত হোৱা নাছিল কোনো আলোচনাঃ কেন্দ্ৰৰ নীতিৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ

ডিজিটেল লেনদেনত মাচুল আৰোপৰ চৰকাৰী সিদ্ধান্তক লৈ দেশজোৰা ক্ষোভৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মুখ খুলিলে লোকসভাৰ কংগ্ৰেছ দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে। বিত্ত সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে মোদী চৰকাৰৰ শেহতীয়া ইউপিআই কৰ প্ৰস্তাৱ সন্দৰ্ভত কোনো ধৰণৰ আলোচনাই কৰা নাছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদজনে। সামাজিক মাধ্যমযোগে চৰকাৰৰ দাবী খণ্ডন কৰি গৌৰৱ গগৈয়ে কয়, "যেতিয়া বিত্ত বিভাগৰ বিষয়াসকলে বিত্তীয় সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁলোকৰ হাতত ইউপিআই কৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট প্ৰস্তাৱেই নাছিল।" মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট বা এমডিআৰৰ প্ৰয়োজনীয়তাক লৈ সমিতিয়ে প্ৰশ্ন উত্থাপন কৰিছিল যদিও চৰকাৰী প্ৰতিনিধিৰ ওচৰত কোনো স্পষ্ট আৰু সন্তোষজনক উত্তৰ নাছিল বুলিও তেওঁ সদৰী কৰে। এই…
Read More
পবিত্ৰ মক্কা অভিমুখে হুথিৰ ড্ৰোন আক্ৰমণ প্ৰতিহত চৌদি আৰবৰ; পবিত্ৰ চহৰত জৰুৰী সতৰ্কতা জাৰি

পবিত্ৰ মক্কা অভিমুখে হুথিৰ ড্ৰোন আক্ৰমণ প্ৰতিহত চৌদি আৰবৰ; পবিত্ৰ চহৰত জৰুৰী সতৰ্কতা জাৰি

ইছলামৰ পৱিত্ৰতম তীৰ্থনগৰী মক্কাক লক্ষ্য কৰি য়েমেনৰ হুথি বিদ্ৰোহীয়ে প্ৰেৰণ কৰা এক বিপজ্জনক ড্ৰোন আক্ৰমণ মাজ আকাশতে ধ্বংস কৰিলে চৌদি আৰবৰ প্ৰতিৰক্ষা বাহিনীয়ে। মঙলবাৰে সন্ধিয়া নিষিদ্ধ আকাশসীমাত প্ৰৱেশ কৰাৰ পূৰ্বেই ৰয়েল চৌদি এয়াৰ ডিফেন্স ফ'ৰ্চে এই শত্ৰুভাৱাপন্ন ড্ৰোনটো আকাশতে গুলীয়াই ভূপতিত কৰে। ঘটনাৰ পিছতেই মক্কা চহৰত প্ৰায় এক দশকৰ অন্তত প্ৰথমবাৰৰ বাবে জাৰি কৰা হয় হাই এলাৰ্ট। মক্কাৰ লগতে দ্বিতীয় বৃহত্তম চহৰ জেদ্দা আৰু তায়িফতো সম্ভাৱ্য বিপদৰ ছাইৰেন বাজি উঠে যদিও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত এই সতৰ্কতা প্ৰত্যাহাৰ কৰা হয়। চৌদি মিত্ৰজোঁটৰ মুখপাত্ৰ তুৰ্কী আল-মালিকিয়ে এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দি কয় যে পবিত্ৰ দুয়োটা মছজিদ আৰু তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তা চৌদি…
Read More
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক

অসমৰ বাবে গৌৰৱৰ আন এক খবৰ কঢ়িয়াই  আনিছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত  গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰীয়ে।বিশ্ববিদ্যালয়খনত বি ফাৰ্ম অধ্যয়ন কৰি থকা চাৰ্লিন মাহালিয়া আৰু প্ৰাচিতা দুৱাৰাই মস্কোত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী আন্দোলনৰ চতুৰ্থ কংগ্ৰেছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। ১৬ আৰু ১৭ ছেপ্টেম্বৰত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব দুই ছাত্ৰীয়ে। আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা তেওঁলোকে মস্কো অভিমুখে যাত্ৰা আৰম্ভ কৰে। ভাৰতৰ ৩০জনীয়া প্ৰতিনিধি দলৰ সদস্য হিচাপে চাৰ্লিন আৰু প্ৰাচিতাই এই সন্মিলনত অংশ ল’ব।  মস্কোত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ জৰিয়তে দুই ছাত্ৰীয়ে বিভিন্ন দেশৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ…
Read More
২৪ ঘণ্টাও নিটিকিল শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতি! মুকলিৰ পিছতে সৃষ্টি প্ৰকাণ্ড গাঁত

২৪ ঘণ্টাও নিটিকিল শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতি! মুকলিৰ পিছতে সৃষ্টি প্ৰকাণ্ড গাঁত

দুমাহত প্ৰায় সাত-আঠ কোটি টকা ব্যয় কৰি কৰা বৃহৎ মেৰামতি কাৰ্য মুকলি হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই ফোঁপোলা স্বৰূপ ওলাই পৰিল ঐতিহাসিক পুৰণি শৰাইঘাট দলঙৰ। বিগত ১৩ জুলাইৰ পৰা সুদীৰ্ঘ দুটা মাহ ধৰি সাধাৰণ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে স্তব্ধ কৰি উত্তৰ-পূব সীমান্ত ৰে'লৱেই দলংখনৰ উপৰিভাগ মেৰামতি আৰু সংস্কাৰ সাধন কৰিছিল। প্ৰায় ৬০ দিনৰ অন্তত ১৫ ছেপ্টেম্বৰত দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়াৰ পিছতেই সৃষ্টি হয় এক চৰম হতাশাজনক পৰিস্থিতিৰ। বাহন চলাচল আৰম্ভ হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতেই নৱনিৰ্মিত পথছোৱাত খহনীয়া সদৃশ অৱস্থাৰ সৃষ্টি হয়। পুৱাৰ ভাগত তীব্ৰবেগী গাড়ী-মটৰ পাৰ হোৱাৰ লগে লগেই বহু ঠাইত পিট্‌চ আৰু আলকতৰাৰ প্ৰলেপ চপৰা-চপৰে উফৰি পৰি পুনৰ পুৰণি গাঁতৰ…
Read More
ছাত্ৰ আন্দোলনৰ স্বতন্ত্ৰতা ৰক্ষাৰ স্বাৰ্থতেই যন্তৰ-মন্তৰলৈ যোৱা নাছিল ৰাহুল গান্ধীঃ আইছা নেত্ৰী নেহা বৰা

ছাত্ৰ আন্দোলনৰ স্বতন্ত্ৰতা ৰক্ষাৰ স্বাৰ্থতেই যন্তৰ-মন্তৰলৈ যোৱা নাছিল ৰাহুল গান্ধীঃ আইছা নেত্ৰী নেহা বৰা

ৰাজধানীৰ যন্তৰ-মন্তৰত সমাপ্তি ঘটা ঐতিহাসিক ছাত্ৰ আন্দোলনত ৰাহুল গান্ধীৰ অনুপস্থিতিক লৈ বিৰোধীক ঘেৰিবলৈ চেষ্টা কৰিছিল শাসক পক্ষই। কিন্তু শাসক পক্ষৰ এনে প্ৰচেষ্টাৰ মাজতে এইবাৰ লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ অনুপস্থিতিৰ কাৰণ স্পষ্ট কৰিলে আইছাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বৰাই। পৰীক্ষাৰ খেলিমেলি আৰু নিযুক্তিৰ বিসংগতিৰ বিৰুদ্ধে দেশ কঁপোৱা 'Gen Z' প্ৰতিবাদৰ সময়ত লোকসভাৰ বিৰোধী দলপতিগৰাকী সোশৰীৰে উপস্থিত নোহোৱাক লৈ সৃষ্টি হোৱা ব্যাপক চৰ্চাৰ মাজতেই সৰৱ হৈ পৰে ছাত্ৰ নেত্ৰীগৰাকী। ছাত্ৰ-ছাত্ৰীৰ এই স্বতঃস্ফূৰ্ত আন্দোলনত শাসক পক্ষই যাতে কোনো ৰাজনৈতিক লেবেল লগাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিৰোধী দলপতিগৰাকীয়ে যন্তৰ-মন্তৰলৈ যোৱাৰ পৰা বিৰত আছিল বুলি সদৰী কৰে নেত্ৰীগৰাকীয়ে। বিষয়টো সন্দৰ্ভত নেহা বৰাই কয়, "ৰাহুল গান্ধীয়ে ব্যক্তিগতভাৱে…
Read More
হিংসাৰ ফলত মণিপুৰৰ ১,২০০ কোটি টকাৰ জিএছটি ৰাজহ ক্ষতি: মুখ্যমন্ত্ৰী য়ুমনাম খেমেচান্দ সিং

হিংসাৰ ফলত মণিপুৰৰ ১,২০০ কোটি টকাৰ জিএছটি ৰাজহ ক্ষতি: মুখ্যমন্ত্ৰী য়ুমনাম খেমেচান্দ সিং

২০২৩ চনৰ পৰা অব্যাহত থকা দীৰ্ঘদিনীয়া গোষ্ঠীগত সংঘাটৰ বাবে মণিপুৰ ৰাজ্যই নিজৰ সামগ্ৰী আৰু সেৱা কৰ ৰাজহৰ শ্বেয়াৰত অন্ততঃ ১,২০০ কোটি টকাৰ বৃহৎ লোকচান ভৰিবলগীয়া হৈছে। বুধবাৰে ইম্ফলত অনুষ্ঠিত এক ৰাজহুৱা কাৰ্যসূচীত বক্তব্য ৰাখি মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমেচান্দ সিঙে এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩ চনৰ পৰা ২০২৬ চনৰ এই সময়ছোৱাত কৰ ৰাজহ সংগ্ৰহ অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতিৰ ওপৰত তীব্ৰ আৰ্থিক হেঁচা পৰিছে।উল্লেখ্য যে, ২০২৩ চনৰ ৩ মে'ৰ পৰা কুকি-জো আৰু মেইতেই সম্প্রদায়ৰ মাজত এই জাতিগত সংঘাতৰ সূত্ৰপাত হৈছিল। পৰৱৰ্তী সময়ত ফ্ৰেব্ৰুৱাৰী মাহত এই সংঘাতে এক নতুন মোৰ লয় আৰু কুকি-জো সম্প্ৰদায়ৰ সৈতে নাগা…
Read More
নিৰাপত্তা বাহিনীৰ সৈতে চলি থকা সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত

নিৰাপত্তা বাহিনীৰ সৈতে চলি থকা সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে চলি থকা সংঘৰ্ষত বৃহস্পতিবাৰে দুটা সন্ত্ৰাসবাদী নিহত হয় ৷ ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছে বৃহস্পতিবাৰে পুৱা এক্সত এটা পোষ্টত এই তথ্য নিশ্চিত কৰে ৷সেনা বিষয়াই জনোৱা মতে, বুধবাৰে নিশা প্ৰায় ৯ বজাত মাজালতাৰ দুৰ্গম ব্ৰাটেল ছ’নে আৰু খুব্বান অঞ্চলত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ চলাচলৰ তথ্য লাভ কৰাৰ পিছতে সেনা, আৰক্ষী আৰু চি আৰ পি এফে যৌথভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰে ।
Read More
প্ৰাণৰ শিল্পীবিহীন এটা বৰ্ষ

প্ৰাণৰ শিল্পীবিহীন এটা বৰ্ষ

প্ৰাণৰ শিল্পীবিহীন এটা বৰ্ষ । সোণাপুৰৰ জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ 'জুবিন দিৱস'ৰ ব্যাপক প্ৰস্তুতি ।প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা আৰু অশ্ৰুসিক্ত নয়নেৰে সুঁৱৰিবলৈ এতিয়া সমগ্ৰ ৰাজ্যবাসী সাজু হৈছে ।১৭ ছেপ্টেম্বৰৰ পৰা সোণাপুৰৰ জুবিনক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰাণৰ শিল্পীগৰাকীৰ পুণ্য তিথিৰ বিশেষ কাৰ্যসূচী । সমগ্ৰ অসমবাসীৰ আৱেগৰ প্ৰতীকস্বৰূপ এই দিনটোক 'জুবিন দিৱস' হিচাপে উদযাপন কৰাৰ বাবে জুবিনক্ষেত্ৰত এতিয়া ব্যাপক প্ৰস্তুতি চলিছে ।নতুনকৈ নিৰ্মাণ কৰা হৈছে বিশাল ৰভা আৰু আটকধুনীয়াকৈ সজাই তোলা হৈছে শ্ৰদ্ধাঞ্জলি তথা উপহাৰ থোৱাৰ বিশেষ স্থান ।পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা, য'ত সকলো ধৰ্মৰ লোকে একত্ৰিত হৈ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিব । ইয়াৰ পিছতে দিনৰ ১ বজাৰ…
Read More
হাতত উজনিৰ প্ৰলয়ৰ ফটোগ্ৰাফ লৈ অনশনত বহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ

হাতত উজনিৰ প্ৰলয়ৰ ফটোগ্ৰাফ লৈ অনশনত বহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ

হাতত উজনিৰ প্ৰলয়ৰ ফটোগ্ৰাফ লৈ অনশনত বহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। উজনি অসমত হোৱা বান বিভীষিকাময় জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত লোকসকলক উচিত সাহায্য প্ৰদানৰ ব্যৰ্থতা আৰু অনিয়মৰ বিৰুদ্ধে প্ৰথমে দিছপুৰৰ জনতা ভৱনৰ সমীপত দিনজোৰা অনশন কাৰ্যসূচীত বহিছিল যদিও আৰক্ষীৰ হেঁচাৰ ফলত স্থান সলনি কৰিবলগীয়া হয় বিধায়গৰাকীয়ে। বিধায়গৰাকীয়ে গণেশ মন্দিৰৰ সমীপত অনশন কাৰ্যসূচী অ্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। অখিল গগৈয়ে জানিবলৈ দিয়ে যে বানপীড়িত ৰাইজৰ সমস্যা সমাধান নোহোৱালৈকে চৰকাৰৰ বিৰুদ্ধে এই গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত থাকিব। ইপিনে প্ৰতিবাদকাৰীৰ ৩টা মুখ্য দাবী যেনে- ১. উপযুক্ত ক্ষতিপূৰণ প্ৰদান,২. CBI তদন্তৰ দাবী৩. দায়িত্বজ্ঞানহীন মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা
Read More