19
Sep
ৰেন’ ইণ্ডিয়াই শ্ৰীলংকালৈ পুনৰ বাহন ৰপ্তানি আৰম্ভ কৰিছে, এই ৰপ্তানিৰে প্ৰতিষ্ঠানটোৰ আন্তঃৰাষ্ট্ৰীয় ৰপ্তানিৰ পৰিসৰ ১৬খন দেশলৈ বৃদ্ধি পাইছে। চেন্নাইৰ পৰা ১০০খন মেড-ইন-ইণ্ডিয়া বাহন ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। ইয়াত সম্পূৰ্ণ নতুন ট্ৰাইবাৰ, কুইড আৰু কাইগাৰ বাহন অন্তৰ্ভুক্ত আছে আৰু ই দেশৰ অন্যতম আগশাৰীৰ অট’ম’টিভ বিতৰক এএমডব্লিউ মটৰ্ছৰ সৈতে অংশীদাৰিত্বৰে শ্ৰীলংকাৰ বজাৰলৈ ৰেন’ৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ দিশটো সূচাইছে। এই অংশীদাৰিত্বই কোম্পানীটোৰ নৱীকৃত বাণিজ্যিক উপস্থিতি শক্তিশালী কৰিব আৰু অধিক সম্প্ৰসাৰণৰ বাবে এক ভেটি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ৰেন’ ইণ্ডিয়াৰ চেলছ এণ্ড মাৰ্কেটিং বিভাগৰ উপাধ্যক্ষ ফ্ৰাঞ্চিস্ক’ হিডালগোৱে কয় যে, ৰপ্তানি পুনৰ আৰম্ভ কৰাটো কোম্পানীটোৰ আন্তঃৰাষ্ট্ৰীয় বিকাশৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে,…
