Sonakshi Sarkar

1846 Posts
ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ সুস্মিতা দেৱৰ

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ সুস্মিতা দেৱৰ

মমতা বেনাৰ্জীৰ ঘনিষ্ঠ আত্মবিশ্বাসী সুস্মিতা দেৱে বুধবাৰে ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুস্মিতা দেৱৰ সাক্ষাৎৰ ফটো এখন পোহৰলৈ আহে। সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁ বিজেপিত যোগদান কৰিব পাৰে। যোৱা তিনিদিনত টিএমচিৰ ৰাজ্যসভাৰ দুজন সাংসদে পদত্যাগ কৰিছে। ইয়াৰ পূৰ্বে ৮ জুনত সুখেন্দু শেখৰে সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ লগতে দলটোও ত্যাগ কৰে। পদত্যাগ পত্ৰত তেওঁ দলৰ পৰাজয়ৰ কাৰণ মমতা বেনাৰ্জীৰ ১৫ বছৰীয়া বিশৃংখল শাসন বুলি উল্লেখ কৰে। বৰ্তমান টিএমচিৰ লোকসভাত ২৮ জন আৰু ৰাজ্যসভাত ১৩ জন সাংসদ আছে। ইয়াৰ পূৰ্বে ৩ জুনত বংগৰ ৮০ গৰাকী বিধায়কৰ ভিতৰত ৫৮ গৰাকীয়ে এটা…
Read More
বৰঝাৰ বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক গভীৰ শ্ৰদ্ধাঞ্জলি

বৰঝাৰ বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক গভীৰ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয়  বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জন্ম জয়ন্তীত আজি তেঁওলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।। উল্লেখ্য যে গোপীনাথ বৰদলৈৰ ৰাজনৈতিক বিচক্ষণতা, শক্তিশালী নেতৃত্ব , ব্যক্তিত্বৰ বাবে অসমখন পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল । আনহাতে বিমানবন্দৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া মুকেশ নানকানীয়ে । কাৰ্যসূচীত গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰ লিমিটেডৰ কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ বহু জোৱান উপস্থিত আছিল। জন্ম জয়ন্তীৰ বিশেষ দিনটো স্মৰণীয় কৰি ৰাখিবলৈ আৰু ভাৰত ৰত্ন বিজয়ীগৰাকীৰ মহান ঐতিহ্যক উদযাপন কৰিবলৈ টাৰ্মিনেলৰ কৰ্মচাৰীসকলে…
Read More
জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভ ফ্ৰেন্স অ’পেনৰ চেম্পিয়ন

জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভ ফ্ৰেন্স অ’পেনৰ চেম্পিয়ন

দেওবাৰে নিশা ফ্ৰেন্স অ’পেনৰ পুৰুষৰ একক ফাইনেলত ইটালীৰ ফ্লেভিঅ’ ক’ব’লিক ৬-১, ৪-৬, ৬-৪, ৬-৭ (৫), ৬-১ ত পৰাস্ত কৰি জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভে প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰে। ক’ৰ্ট ফিলিপ-চেট্ৰিয়াৰত ৪ ঘণ্টা ২০ মিনিটৰ খেলখনত ২-১ ত অগ্ৰগতি লাভ কৰি ঝভেৰেভে নিৰ্ণায়ক পঞ্চম ছেটত ফ্ৰেন্স অ’পেন জয় কৰে। ইয়াৰ লগে লগে গ্ৰেণ্ড শ্লেম খিতাপৰ বাবে ঝভেৰেভৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল। ইয়াৰ পূৰ্বে ২০২০ চনত ইউ এছ অ’পেন, ২০২৪ চনত ৰ’লেণ্ড গাৰ’ছ, ২০২৫ চনত অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত পৰাস্ত হৈছিল। ঝভেৰেভৰ কেৰিয়াৰত এইটো এটা উল্লেখযোগ্য খিতাপ। ইতিমধ্যে তেওঁ দুটা এ টি পি ফাইনেল খিতাপ, ৭টা মাষ্টাৰছ ১০০০ খিতাপ, আৰু এটা অলিম্পিক…
Read More
মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী

মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে  অসম যুৱ পৰিষদৰ অন্তৰ্গত মধ্য গুৱাহাটী যুৱ বিধান পৰিষদ উদ্যোগত তথা ৰমেন্দ্ৰ নাৰায়ণ কলিতা অনুৰাগী মঞ্চৰ সহযোগত আজি  মধ্য গুৱাহাটী সমষ্টিৰ আমবাৰী চেগুনবাৰীস্থিত দৈমুগিৰি প্ৰাথমিক বিদ্যালয় চৌহদত এক বৃক্ষৰোপণ  কাৰ্যসূচী  হাতত লোৱা হয়।    কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ  ৰমেন্দ্ৰ নাৰায়ণ কলিতা , ১২ নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য , মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন ডেকা, সম্পাদক ভূপেন ঠাকুৰীয়া, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি  সুশান্ত দেৱ চৌধুৰী, মধ্য গুৱাহাটী মহিলা বিধান পৰিষদৰ সভানেত্ৰী গীতা ৰাণী কলিতা, মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ বাবু শৰ্মা,বলেন কলিতা, মহিলা পৰিষদৰ…
Read More
কাইলৈ ফ্ৰেন্স অ’পেনৰ ফাইনেলত আলেকজেণ্ডাৰ ঝভেৰেভৰে মুখামুখি ফ্লেভিঅ’ ক’ব’লিৰ

কাইলৈ ফ্ৰেন্স অ’পেনৰ ফাইনেলত আলেকজেণ্ডাৰ ঝভেৰেভৰে মুখামুখি ফ্লেভিঅ’ ক’ব’লিৰ

২০২৬ ৰ ফ্ৰেন্স অ’পেনৰ পুৰুষৰ একক ফাইনেলত দেওবাৰে আলেকজেণ্ডাৰ ঝভেৰেভ আৰু ফ্লেভিঅ’ ক’ব’লিৰ মাজত অনুষ্ঠিত হ’ব আৰু দুয়োজনে প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেন জয় কৰাৰ সুযোগ পাব। ঝভেৰেভে জাকুব মেনছিকক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মেটিঅ’ আৰ্নাল্ডিয়ে অসুস্থতাৰ বাবে মেচখনৰ পৰা আঁতৰি যোৱাৰ পিছত ক’ব’লিয়ে নিজৰ স্থান নিশ্চিত কৰে। শুকুৰবাৰে ফ্ৰেন্স অ’পেনৰ প্ৰথমখন একক ছেমি ফাইনেলত চেক তাৰকা জাকুব মেনছিকক চাৰিটা ছেটত পৰাস্ত কৰে আলেকজেণ্ডাৰ ঝভেৰেভে। তিনি ঘণ্টা এক মিনিটৰ খেলখনত পেৰিছৰ ক’ৰ্ট ফিলিপ-চেট্ৰিয়াৰৰ বিৰুদ্ধে আলেকজেণ্ডাৰ ঝভেৰেভে জাকুব মেনছিকক ৭-৫, ৬-২, ৩-৬, ৬-৩ ত পৰাস্ত কৰে। দ্বিতীয়বাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে ঝভেৰেভ। জয়ৰ পিছত ঝভেৰেভে কয়-তৃতীয় ছেটত মেনচিকে…
Read More
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা ; ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান ;ইউচিচি বলৱতৰ সিদ্ধান্তক প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আদৰণি

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা ; ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান ;ইউচিচি বলৱতৰ সিদ্ধান্তক প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আদৰণি

ইউনিফৰ্ম চিভিল কোড (ইউচিচি ) বা সম নাগৰিক সংহিতা আইন বলৱতৰ জৰিয়তে  মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে  গ্ৰহণ কৰা শক্তিশালী স্থিতিক ৰাজ্যজুৰি বিভিন্ন পক্ষই   আদৰণি জনোৱাৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা প্রকাশ কৰিছে  প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এটা বিবৃতিত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে ৰাজ্যবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক সময়োপযোগী পদক্ষেপ গ্রহণ কৰিছে। বিশেষকৈ লিভ-ইন ৰিলেচনশ্বিপে সমাজখনৰ বহু ক্ষতি কৰিছে। ইউচিচি বলৱতৰ জৰিয়তে এতিয়াৰে পৰা সমাজৰ বাবে ক্ষতিকাৰক এই ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ পৰিব। আজিৰ যুগত এই ব্যৱস্থা সঁচাকৈয়ে বন্ধ কৰাৰ প্ৰয়োজন আছিল। মুখ্যমন্ত্রী…
Read More
বিশ্বৰ পাঁচটা দলক ফিফা বিশ্বকাপলৈ উভতিবলৈ লাগিছিল বহু বছৰ

বিশ্বৰ পাঁচটা দলক ফিফা বিশ্বকাপলৈ উভতিবলৈ লাগিছিল বহু বছৰ

অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপ ২০২৬ত মুঠ ৪৮টা দলে অংশগ্ৰহণ কৰিব। ৪৮ টা দলে ইজনে আনজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি খিতাপ দখল কৰিবলৈ চেষ্টা চলাব। আটাইতকৈ দীঘলীয়া বিৰতিৰ অন্তত বিশ্বকাপলৈ উভতি অহা পাঁচটা দলৰ তালিকা প্ৰস্তুত কৰা হৈছে। যিখন তালিকাত প্ৰথমে আছে ৱেলছ। ৱেলছ (১৯৫৮-২০২২): ফিফা বিশ্বকাপত পুনৰ অংশগ্ৰহণৰ বাবে আটাইতকৈ বেছি সময় অপেক্ষা কৰিছিল ৱেলছ। ১৯৫৮ চনৰ বিশ্বকাপত খেলাৰ পিছত ৱেলছে ২০২২ চনত পৰৱৰ্তী বিশ্বকাপ খেলিছিল।অৰ্থাৎ এই মেগা ইভেণ্টলৈ দলটোৱে ঘূৰি আহিবলৈ ৬৪ বছৰ সময় লাগিছিল। অৱশ্যে তেওঁলোকৰ উভতি অহাটো ভাল নাছিল, আৰু ৱেলছ গ্ৰুপ পৰ্যায়ত বাহিৰ হৈছিল। ইজিপ্ত (১৯৩৪-১৯৯০): ১৯৩৪ চনৰ ফিফা বিশ্বকাপত খেলাৰ পিছত ইজিপ্তই…
Read More
প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত ইটালীৰ ফ্লেভিঅ’ ক’ব’লি

প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত ইটালীৰ ফ্লেভিঅ’ ক’ব’লি

ইটালীৰ টেনিছ তাৰকা ফ্লেভিঅ’ ক’ব’লিয়ে ২০২৬ৰ ফ্ৰেন্স অ’পেনত এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াই কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰে। পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত কানাডাৰ ফেলিক্স অগাৰ-এলিয়াছিমক ৪-৬, ৬-৪, ৬-৪, ৬-৪ ত পৰাস্ত কৰি ২৪ বছৰীয়া ক’ব’লিয়ে অন্তিম চাৰিত প্ৰৱেশ কৰে। খেলখনৰ আৰম্ভণি ভাল নহ’ল ক'ব'লিৰ বাবে। প্ৰথম ছেটত ৪-৬ ত পৰাস্ত হয়। ইয়াৰ পিছত তেওঁ এক সুন্দৰ কামবেক কৰে, একেৰাহে তিনিটা ছেট জয় কৰি মেচখন জয় কৰে। এই জয় তেওঁৰ কেৰিয়াৰৰ অন্যতম ডাঙৰ কৃতিত্ব হিচাপে পৰিগণিত হৈছে, তেওঁ প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মেচৰ অন্তত ক'ব'লিয়ে কয় যে এই সপ্তাহটো তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ সপ্তাহ আছিল।  গোটেই মেচখনত…
Read More
টীম ইণ্ডিয়াৰ টি-২০ অধিনায়ক হ’ব শ্ৰেয়ছ আয়াৰ

টীম ইণ্ডিয়াৰ টি-২০ অধিনায়ক হ’ব শ্ৰেয়ছ আয়াৰ

টীম ইণ্ডিয়াৰ পৰৱৰ্তী টি-২০ অধিনায়ক হ’ব শ্ৰেয়াছ আয়াৰ। শীঘ্ৰে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। টি-২০ৰ অধিনায়ক হিচাপে ভাৰতীয় দলত সূৰ্যকুমাৰ যাদৱৰ ঠাইত আয়াৰে স্থান লাভ কৰিব। এক প্ৰতিবেদন অনুসৰি শ্ৰেয়াছ আয়াৰক টি-২০ৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ চূড়ান্ত সিদ্ধান্ত বৃহস্পতিবাৰে বিচিচিআই এপেক্স কাউন্সিলৰ অনলাইন বৈঠকৰ সময়ত লোৱা হ’ব। ইতিমধ্যে টিম ইণ্ডিয়াৰ নতুন টি-২০ অধিনায়ক সন্দৰ্ভত আলোচনা পূৰ্ণগতিত চলি আছিল; এতিয়া এই বিষয়টোক লৈ থকা চাচপেন্স প্ৰায় শেষ হৈছে। বি চি চি আই এপেক্স কাউন্সিলৰ বৈঠকৰ সময়ত শ্ৰেয়াছ আয়েৰৰ নাম অনুমোদন পোৱাৰ পিছত এই সিদ্ধান্তৰ বিষয়ে আন নিৰ্বাচকসকলক আনুষ্ঠানিকভাৱে অৱগত কৰিব মুখ্য নিৰ্বাচক অজিত আগৰকাৰে। টি-২০ৰ অধিনায়ক হিচাপে সঞ্জু চেমছনক নিযুক্তি দিয়াৰ…
Read More
দিল্লীৰ মালভিয়া নগৰৰ হোটেলত অগ্নিকাণ্ডত ২১ জন লোকৰ মৃ*ত্যু

দিল্লীৰ মালভিয়া নগৰৰ হোটেলত অগ্নিকাণ্ডত ২১ জন লোকৰ মৃ*ত্যু

দিল্লীৰ মালভিয়া নগৰৰ ফ্ল’ৰিছ ষ্টে হোটেলত বুধবাৰে পুৱা সংঘটিত হোৱা অগ্নিকাণ্ডত ২১ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ অধিকাংশই মধ্য এছিয়া আৰু আফ্ৰিকাৰ বিদেশী নাগৰিক। নিহত বিদেশী নাগৰিকৰ সঠিক সংখ্যা বৰ্তমান জানিব পৰা হোৱা নাই। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ লগতে স্থানীয় ৰাইজৰ মতে, পুৱা ৮:৫০ বজাত মালভিয়া নগৰৰ এই হোটেলখনৰ ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত ওপৰৰ মহলা আৰু বেছমেণ্টলৈ বিয়পি পৰে। এই ঘটনাৰ ভিডিঅ’ত দেখা গৈছে যে জ্বলি থকা অট্টালিকাটোৰ তৃতীয় আৰু চতুৰ্থ মহলাৰ পৰা জপিয়াই নিজৰ জীৱন ৰক্ষা কৰিছে বহুকেইজনে। মুঠ ৪০ জন লোকক উদ্ধাৰ কৰা হৈছে, ইয়াৰে বহুতৰে অৱস্থা সংকটজনক। ছয়জনতকৈ অধিক লোককো বেছমেণ্টৰ পৰা উলিয়াই অনা হয়। এই…
Read More