Sonakshi Sarkar

1908 Posts
উত্তম ভৱিষ্যতৰ বাবে জেন-জি-ৰ ওপৰত মোৰ বিশ্বাস আছে: মোহন ভাগৱত

উত্তম ভৱিষ্যতৰ বাবে জেন-জি-ৰ ওপৰত মোৰ বিশ্বাস আছে: মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে নতুন প্ৰজন্ম বা ‘জেন-জি’-ৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰিছে। মুম্বাইত অনুষ্ঠিত ‘ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল মুভমেণ্ট টু ইউনাইট নেচনছ’-ৰ ১৫ সংখ্যক বাৰ্ষিক অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকৰ শক্তিৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। তেওঁ কয় যে গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিবাদ হৈছে বাক-বিতণ্ডা বা আলোচনাৰ এক মাধ্যম। প্ৰতিবাদৰ উদ্দেশ্য সমাজক ভাগ কৰা নহয়, বৰঞ্চ আলোচনাৰ জৰিয়তে সন্মতি গঢ়ি তোলা আৰু ব্যৱস্থাৰ শুধৰণি কৰাহে হ’ব লাগে। লগতে কয় যে দেশৰ শিক্ষা খণ্ডৰ বিকাশৰ বাবে মুঠ বাজেটৰ অন্তত ৬ শতাংশ পুঁজি ধাৰ্য কৰাটো অতি প্ৰয়োজনীয়। সমাজৰ পৰা বৈষম্য আঁতৰ নোহোৱালৈকে সংৰক্ষণ…
Read More
২০২৭ৰ পৰা প্লাষ্টিকৰ নোট প্ৰচলনৰ পৰিকল্পনা ৰিজাৰ্ভ বেংকৰ

২০২৭ৰ পৰা প্লাষ্টিকৰ নোট প্ৰচলনৰ পৰিকল্পনা ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৭ চনৰ পৰা পৰীক্ষামূলকভাৱে 'পলিমাৰ' অৰ্থাৎ প্লাষ্টিকৰ কাগজৰ টকা চলোৱাৰ সিদ্ধান্ত লৈছে। বিশেষকৈ সৰু সৰু টকাৰ নোটবোৰ সোনকালে ফালি যোৱা আৰু নষ্ট হোৱা সমস্যা সমাধানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোত্ৰাই জনোৱা মতে, এই প্লাষ্টিকৰ নোটবোৰ সহজতে ফালি নাযায়। এইবোৰ পানী আৰু লেতেৰা বস্তুৰ পৰা সুৰক্ষিত হৈ থাকে। লগতে নকলী নোট তৈয়াৰ কৰাটো ৰোধ কৰিবলৈ ইয়াত উন্নত নিৰাপত্তা ব্যৱস্থা থাকিব। বিশ্বৰ ৬০ খনতকৈও অধিক দেশত (যেনে— অষ্ট্ৰেলিয়া, কানাডা, ব্ৰিটেইন আৰু ছিংগাপুৰ) ইতিমধ্যে এনে প্লাষ্টিকৰ নোট ব্যৱহাৰ হৈ আছে। এই নোটবোৰ সাধাৰণ কাগজৰ নোটতকৈ বহু বছৰ বেছি দিন প্ৰচলন হৈ থাকে, যাৰ বাবে চৰকাৰৰ…
Read More
মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ চিন্তিত বি চি চি আই

মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ চিন্তিত বি চি চি আই

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ কাৰ্যকালক লৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ ভিতৰত চিন্তা বৃদ্ধি পাইছে। ক্ৰমাগত পৰাজয়ৰ পাছতো গম্ভীৰে নিজৰ দায়বদ্ধতা স্বীকাৰ নকৰা আৰু খেলুৱৈসকলৰ ওপৰত দোষ জাপি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ব’ৰ্ডৰ সূত্ৰ আৰু প্ৰতিবেদন অনুসৰি, কেইবাগৰাকীও জ্যেষ্ঠ খেলুৱৈয়ে গম্ভীৰৰ প্ৰশিক্ষণ শৈলীক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বি চি চি আইৰ সদস্যসকলক নিজৰ মনৰ ক্ষোভ প্ৰকাশ কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 'বৰ্ডাৰ-গাভাষ্কৰ ট্ৰফী'ত শোচনীয় প্ৰদৰ্শনৰ উপৰিও নিউজীলেণ্ড (০-৩) আৰু দক্ষিণ আফ্ৰিকাৰ (০-২) বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ভাৰত পৰাজিত হৈছে। শেহতীয়াকৈ ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণতো দলৰ প্ৰদৰ্শন অতি নিম্নমানৰ আছিল। দলৰ একাদশ নিৰ্বাচনত বাৰম্বাৰ সলনি কৰা আৰু কে এল ৰাহুল বা…
Read More
শ্বিলঙত এইচ চি জিৰ বিশেষজ্ঞ কেন্সাৰ অ’পিডি সেৱা মুকলি, মেঘালয়ৰ ৰোগীয়ে লাভ কৰিব উন্নত অংক’লজী পৰামৰ্শ

শ্বিলঙত এইচ চি জিৰ বিশেষজ্ঞ কেন্সাৰ অ’পিডি সেৱা মুকলি, মেঘালয়ৰ ৰোগীয়ে লাভ কৰিব উন্নত অংক’লজী পৰামৰ্শ

বিশেষজ্ঞ কেন্সাৰ অ’ পি ডি সেৱা মুকলিৰ জৰিয়তে মেঘালয়ত কেন্সাৰৰ পৰিচৰ্যাৰ সুবিধাৰ সম্প্ৰসাৰণ এইচ চি জি কেন্সাৰ চেণ্টাৰৰ উডলেণ্ড হাস্পতালত বিশেষজ্ঞৰ পৰামৰ্শই অংক’লজীৰ বিশেষ পৰিচৰ্যাক সমগ্ৰ মেঘালয়ৰ ৰোগীৰ ওচৰলৈ লৈ যাব সমগ্ৰ উত্তৰ-পূব ভাৰতত বিশেষ কেন্সাৰ পৰিচৰ্যাক অধিক সুলভ কৰি তোলাৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰি ভাৰতৰ সৰ্ববৃহৎ নিবেদিত কৰ্কট চিকিৎসালয় নেটৱৰ্ক হেল্থকেয়াৰ গ্ল’বেল এণ্টাৰপ্ৰাইজ লিমিটেডে (এইচ চি জি) শ্বিলঙৰ উডলেণ্ড হস্পিতালছৰ সহযোগত আজি শ্বিলঙত এক্সপাৰ্ট কেন্সাৰ অ’পিডি সেৱা আৰম্ভ কৰে। সংবাদমেল সম্বোধন কৰে কৰ্ণাটক এইচ চি জি কেন্সাৰ হাস্পতালৰ মুখ্য পৰিচালন বিষয়া শ্ৰীমতী মনীষা কুমাৰ; ডাঃ কীৰ্তি কৌশিক এ.এছ., পৰামৰ্শদাতা -ৰেডিয়েচন অংক’লজী, এইচ চি জি কেন্সাৰ চেণ্টাৰ, বেংগালুৰু; আৰু জ্যেষ্ঠ পৰামৰ্শদাতা…
Read More
২০২৬ কমনৱেলথ গেমছত ৩৯ টা পদকেৰে ভাৰতৰ অভিযানৰ সামৰণি

২০২৬ কমনৱেলথ গেমছত ৩৯ টা পদকেৰে ভাৰতৰ অভিযানৰ সামৰণি

স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত ২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতে সৰ্বমুঠ ৩৯ টা পদক লাভ কৰি নিজৰ অভিযান সামৰিছে। ভাৰতীয় ক্ৰীড়াবিদসকলে এই প্ৰতিযোগিতাত ১৩ টা সোণ, ১৭ টা ৰূপ, আৰু ৯ টা ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ভাৰতীয় বক্সাৰসকলে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই মুঠ ১০ টা পদক (৭ টা সোণ আৰু ৩ টা ৰূপ) অৰ্জন কৰে। কমনৱেলথ গেমছৰ ইতিহাসত বক্সিঙত ভাৰতৰ এইটোৱেই আটাইতকৈ সফলাতম অভিযান। এথলেটিকছত ভাৰতে ১২ টা পদক লাভ কৰে।জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাই ৰূপৰ পদক জয় কৰে। গুলৱীৰ সিঙে একেখন কমনৱেলথ গেমছতে দুটা পদক (১০,০০০ মিটাৰত ৰূপ আৰু ৫,০০০ মিটাৰত ব্ৰঞ্জ) লাভ কৰি ইতিহাস ৰচে। তেজস্বিন শংকৰে ডেকেথলনত প্ৰথমজন ভাৰতীয়…
Read More
কমনৱেলথ গেমছৰ জুডোত অস্মিতা দে’ৰ ঐতিহাসিক স্বৰ্ণ পদক

কমনৱেলথ গেমছৰ জুডোত অস্মিতা দে’ৰ ঐতিহাসিক স্বৰ্ণ পদক

ভাৰতৰ উদীয়মান জুডো খেলুৱৈ অস্মিতা দে’ই গ্লাছগো কমনৱেলথ গেমছ ২০২৬-ত এক নতুন ইতিহাস ৰচনা কৰিছে। মহিলাৰ ৪৮ কেজি শাখাৰ চূড়ান্ত যুঁজত কানাডাৰ হাইডি ক্ৰৱাক  পৰাস্ত কৰি অস্মিতাই স্বৰ্ণ পদক বুটলি লয়। এই সফলতাৰ জৰিয়তে তেওঁ কমনৱেলথ গেমছৰ জুডো প্ৰতিযোগিতাত সোণৰ পদক জিকা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। নিয়মীয়া সময়ত খেলখন সমতাত শেষ হোৱাৰ পাছত ‘গোল্ডেন স্ক’ৰ’ পৰ্যায়ত অস্মিতাই সুন্দৰ টেকনিক প্ৰদৰ্শন কৰি জয়সূচক পইণ্ট অৰ্জন কৰে। ইয়াৰ পূৰ্বে তেওঁ কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ ইভা ইৱিং আৰু চেমিফাইনেলত স্কটলেণ্ডৰেই ছাৰা এডলিংটনক পৰাস্ত কৰি ফাইনেলত স্থান সুনিশ্চিত কৰিছিল। ত্ৰিপুৰাৰ বেলোনিয়াৰ এক অতি সাধাৰণ পৰিয়ালৰ কন্যা অস্মিতাই নিজৰ কষ্ট আৰু একাগ্ৰতাৰে এই সাফল্য…
Read More
অজিংক্য ৰাহানেৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

অজিংক্য ৰাহানেৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ বেটাৰ তথা প্ৰাক্তন উপ-অধিনায়ক অজিংক্য ৰাহানে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰাহানে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে। মুম্বাই ক্ৰিকেট সংস্থাৰ সভাপতি অজিংক্য নাইকে ৰাহানেৰ এই সিদ্ধান্তৰ পিছত কয় যে অজিংক্য ৰাহানেৰ অৱসৰে ভাৰতীয় ক্ৰিকেটৰ এটা চমকপ্ৰদ অধ্যায়ৰ সামৰণি মাৰিলে। তেওঁৰ একাগ্ৰতা আৰু ধৈৰ্য্যই মুম্বাই ক্ৰিকেটক সদায় গৌৰৱান্বিত কৰি ৰাখিব। অৱসৰৰ বাৰ্তাত ৰাহানে কয়-ক্ৰিকেটত মই সদায় সময় বা 'টাইমিং'ৰ গুৰুত্ব বুজি পাইছোঁ। আজি মোৰ অনুভৱ হৈছে যে ক্ৰিকেটক বিদায় জনোৱাৰ এইটোৱেই সঠিক সময়। ডোম্বিৱলীৰ পৰা আৰম্ভ হোৱা মোৰ এই যাত্ৰাত মই সদায় দেশ আৰু দলক প্ৰথম স্থান দিছিলোঁ।…
Read More
মাজুলী, বৰদোৱা, বৰপেটা, পোৱামক্কাত আজিৰে পৰা কোনোৱে ক্ৰয় কৰিব নোৱাৰিব ভূমি: ড০ হিমন্ত বিশ্ব শৰ্মা

মাজুলী, বৰদোৱা, বৰপেটা, পোৱামক্কাত আজিৰে পৰা কোনোৱে ক্ৰয় কৰিব নোৱাৰিব ভূমি: ড০ হিমন্ত বিশ্ব শৰ্মা

আজিৰে পৰা মাজুলী, বৰদোৱা, বৰপেটা, পোৱামক্কাৰ দৰে পৱিত্ৰ তীৰ্থস্থান সমূহৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত হিন্দু-মুছলামন যি ধৰ্মাৱলম্বী লোকেই নহওঁক কিয় কোনোৱে মাটি ক্ৰয় কৰিব নোৱাৰিব। কেৱল তাত তিনিটা প্ৰজন্ম থকা লোকসকলেহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। ৰাজ্যৰ পৱিত্ৰ তীৰ্থস্থানসমূহ সুৰক্ষিত ৰখাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে বুলি আজি সদনৰ মজিয়াত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আৰু কয় যে এই তীৰ্থস্থানসমূহৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত হিন্দু-মুছলামন যি ধৰ্মাৱলম্বীয়ে নাথাকক কিয় যিয়ে মাটিৰ পট্টাৰে বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰা নহ'ব। কেৱল আজিৰে পৰা নতুনকৈ কোনোৱেও সেই স্থানসমূহত ভূমি ক্ৰয় কৰিব নোৱাৰিব। তেওঁ আজি সদনৰ মজিয়াত কয় যে ইতিমধ্যে…
Read More
শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ অসম যুৱ পৰিষদৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ কৰ্মকৰ্তাৰ

শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ অসম যুৱ পৰিষদৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ কৰ্মকৰ্তাৰ

উজনি অসমৰ বানাক্ৰান্ত চাৰিখন জিলা ক্ৰমে - শিৱসাগৰ , চৰাইদেউ , যোৰহাট আৰু গোলাঘাট জিলাত বিগত প্ৰায় এটা সপ্তাহ ধৰি বানৰ কৱলত ককবকাই থাকিব লগা হৈছে কেবা লক্ষাধিক ৰাইজ । বৰ্তমান পানী সামান্য কমিলেও ৰাইজৰ দুখ - দুদৰ্শা আঁতৰ হোৱা নাই। ইয়াৰ মাজতে ৰাজ্যৰ শাসকীয় এন ডি এ মৰ্চাৰ অন্যতম সহযোগী দল অগপৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অগপ দলৰ লগতে দলটোৰ সকলো ভাতৃ - ভগ্নী সংগঠন সমূহক উজনি অসমৰ বানাক্ৰান্ত ৰাইজক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছিল। সেই আহ্বান অনুসৰি অগপ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ মধ্য গুৱাহাটী সমষ্টি যুৱ বিধান পৰিষদৰ উদ্যোগত আৰু…
Read More
গ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ পদকৰে ইতিহাস মিৰাবাঈ চানুৰ

গ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ পদকৰে ইতিহাস মিৰাবাঈ চানুৰ

ভাৰতৰ তাৰকা ভাৰ উত্তোলনকাৰী মিৰাবাঈ চানুৱে পুনৰ এবাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। গ্লাছগোত অনুষ্ঠিত হৈ থকা ২০২৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৪৮ কেজি ওজনৰ শ্ৰেণীত তেওঁ সোণৰ পদক জয় কৰিছে। ২০১৮ (গোল্ড ক'ষ্ট) আৰু ২০২২ (বাৰ্মিংহাম)ৰ পাছত কমনৱেলথ গেমছত মিৰাবাঈ চানুৰ ইয়া ধাৰাবাহিকভাৱে তৃতীয়টো স্বৰ্ণ পদক। তেওঁ 'স্নেচ' শাখাত ৮৫ কেজি আৰু 'ক্লিন এণ্ড জাৰ্ক' শাখাত ১০৫ কেজি, অৰ্থাৎ মুঠ ১৯০ কেজি ওজন দাঙি নতুন গেমছ ৰেকৰ্ড গঢ়ে। এই স্বৰ্ণ পদকৰ সৈতে ২০২৬ৰ কমনৱেলথ গেমছত ভাৰতৰ মুঠ পদকৰ সংখ্যা তিনিটালৈ বৃদ্ধি পালে। এই ঐতিহাসিক সফলতাৰ বাবে সমগ্ৰ দেশজুৰি আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে আৰু ক্ৰীড়ানুৰাগীসকলে মিৰাবাঈ চানুলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
Read More