16
Jun
ভাৰতীয় এনিমেছন ছবি জগতলৈ ইতিপূর্বে গৌৰৱ কঢ়িওৱা ৰাজ্যৰ এজন অগ্ৰণী সাংস্কৃতিক কৰ্মী, সাহিত্যিক , চলচ্চিত্ৰ পৰিচালক , অভিনেতা আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নির্মিত এনিমেটেড চুটি ছবি 'ছিমি'য়ে 'এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ'ত শ্রেষ্ঠ চুটি ছবি শাখাত 'অনাৰেব'ল মেনশ্যন' সম্মান লাভ কৰি বিশেষ খ্যাতি অর্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । এই সন্মানে এনিমেটেড চুটি ছবি জগতত 'ছিমি'ৰ গৌৰৱময় যাত্ৰাক অধিক শক্তিশালী কৰি তুলিছে। ইতিমধ্যে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰ পূৰ্বে 'ছিমি'-এ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত্র মহোৎসৱত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰাৰ লগতে নিউয়র্ক শ্বর্ট এনিমেছন ফেষ্টিভেলতো শ্রেষ্ঠ চুটি ছবি হিচাপে সন্মানিত…
