Sonakshi Sarkar

1845 Posts
গ’লবিহীন ড্ৰ’ত সমাপ্ত ইংলেণ্ড-ঘানাৰ মেচ

গ’লবিহীন ড্ৰ’ত সমাপ্ত ইংলেণ্ড-ঘানাৰ মেচ

ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ এল-ত ইংলেণ্ড আৰু ঘানাৰ মাজত হোৱা খেলখন গ’লবিহীন ড্ৰ’ত সমাপ্ত হয়। ঘানাৰ ডিফেন্সে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ইংলেণ্ডক গ’ল দিয়াৰ সুযোগৰ পৰা বঞ্চিত কৰে। ১৩ মিনিটত ডেক্লান ৰাইছৰ দীৰ্ঘ দূৰত্বৰ ফ্ৰী কিক ক্ৰছবাৰৰ ওপৰেৰে যোৱাত ইংলেণ্ডে খেলখনৰ প্ৰথমটো ডাঙৰ সুযোগ সৃষ্টি কৰে। ইংলেণ্ডে হেঁচা প্ৰয়োগ কৰি থাকিল যদিও জৰ্ডান আয়ু আৰু ৰিচ জেমছৰ মাজত হোৱা সংঘৰ্ষৰ ফলত খেলখন কিছু সময়ৰ বাবে বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত হাইড্ৰেচন ব্ৰেকেও মেচখনৰ ফৰ্মত ব্যাঘাত জন্মাইছিল, যাৰ ফলত ইংলেণ্ডৰ অগ্ৰগতি গঢ়ি তোলাৰ প্ৰচেষ্টা মন্থৰ হৈ পৰে। প্ৰথমাৰ্ধত জুড বেলিংহামৰ শ্বটটো ঘানাৰ দুজন ডিফেণ্ডাৰে ৰুদ্ধ কৰে। ৰাইছেও ন’নি মাডুকেৰ ক্ৰছৰ পৰা হেডাৰৰ…
Read More
ফিফা বিশ্বকাপৰ নকআউটৰ পৰা বাহিৰ পানামা

ফিফা বিশ্বকাপৰ নকআউটৰ পৰা বাহিৰ পানামা

দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে বিকল্প খেলুৱৈ এণ্টে বুডিমিৰৰ গ’লৰে ক্ৰ’ৱেচিয়াই পানামাক ১-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ ৰাখে। পানামাৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয়, নকআউটৰ দৌৰৰ পৰা বাহিৰ হৈছে। ৫৪ মিনিটত জোচিপ ষ্টেনিচিচৰ কাৰ্লড ক্ৰছৰ পৰা এণ্টেয়ে বলটো হেড কৰি গ'ল দিয়ে। এই গ’লটোৱেই অৱশেষত নিৰ্ণায়ক বুলি প্ৰমাণিত হয় আৰু ক্ৰ’ৱেচিয়াই গুৰুত্বপূৰ্ণ তিনি পইণ্ট লাভ কৰে। ক্ৰ’ৱেচিয়াই প্ৰথমখন মেচত ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ বাবে গ্ৰুপ এলৰ আশা জীয়াই ৰাখিবলৈ জয়ৰ প্ৰয়োজন আছিল। ইংলেণ্ড আৰু ঘানাই ৪ পইণ্টকৈ লাভ কৰাৰ বিপৰীতে ক্ৰ’ৱেচিয়াই ৩ পইণ্টেৰে তৃতীয় স্থানত আছে। গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল ঘানাৰ বিৰুদ্ধে খেলিব। একেৰাহে দুখনকৈ পৰাজয়ৰ অন্তত পানামাই প্ৰতিযোগিতাখনৰ…
Read More
ৰাণীত চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ৰাণীত চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ  ১৭৫ বেটেলিয়ানৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস বেটেলিয়ানৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত  আজি দিনজোৰা  কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা বাহিনীটোৰ বীৰ শ্বহীদ জোৱান - বিষয়া সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ১৭৫ বেটেলিয়ানৰ ছেকেণ্ড - ইন - কমাণ্ড অমিত সিনহা আৰু মুকুণ্ড  মোহন, ডেপুটী কমাডেণ্ট অমিত  যোশী আৰু  বিৰাট কুমাৰ সিং , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে  ধৰি বাহিনীটোৰ বিষয়া - জোৱান সকলোৱে বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।…
Read More
৯২ বছৰৰ পিছত ফিফা বিশ্বকাপত জয়ৰে ইতিহাস ৰচিলে ইজিপ্তে

৯২ বছৰৰ পিছত ফিফা বিশ্বকাপত জয়ৰে ইতিহাস ৰচিলে ইজিপ্তে

ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ জি-ত  নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ইজিপ্তে ৩-১ গ’লত পৰাস্ত কৰে। এই জয়ৰে ইজিপ্তে ৰচিলে ইতিহাস। ফিফা বিশ্বকাপৰ ইতিহাসত ইজিপ্তে প্ৰথমটো জয় লাভ কৰিছে। এই জয় তেওঁলোকে ৯২ বছৰ ২৫ দিনৰ পিছত লাভ কৰিছে। ইজিপ্তৰ জয়ৰ নায়ক আছিল তেওঁলোকৰ তাৰকা খেলুৱৈ মহম্মদ চালাহ। বিজয়ী গ’ল দিয়াৰ উপৰিও ছালাহে বিশ্বকাপৰ দুটা সংস্কৰণত গ’ল দিয়া প্ৰথমজন ইজিপ্তৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। তদুপৰি ৩৪ বছৰ ৯ দিন বয়সত তেওঁ গ’ল দিয়া আটাইতকৈ বয়সীয়াল ইজিপ্তৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। ১৯৯০ চনত নেদাৰলেণ্ডৰ বিৰুদ্ধে ৩০ বছৰ ৩২০ দিন বয়সত গ’ল দিয়া মেগডী আব্দেলঘানীক চেৰ পেলাইছে মহম্মদ চালাহে। খেলখনৰ আৰম্ভণিৰে পৰাই আগ্ৰাসী…
Read More
ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰী কৰ্মচাৰীৰ প্রাপ্য ধন মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ পৰিষদৰ ; স্মাৰক পত্ৰ প্ৰদান

ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰী কৰ্মচাৰীৰ প্রাপ্য ধন মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ পৰিষদৰ ; স্মাৰক পত্ৰ প্ৰদান

ৰাজ্যৰ ৰাজহুৱা  পৰিবহণ সেৱাৰ একমাত্ৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগম ( এ এছ টি চি) ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ সংগঠন অসম ৰাজ্যিক পৰিবহণ নিগম অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিষদে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ প্ৰাপ্য ধনৰাশি মোকলাই দিয়াৰ লগতে বাজেটত এই ধন ধাৰ্য কৰিবলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আহ্বান জনাইছে। এই সন্দৰ্ভত পৰিষদৰ উপদেষ্টা তথা ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বিজেন লহকৰ আৰু পৰিষদৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি বৰুৱাৰ নেতৃত্বত এটা সজাতি দলে ১৫ জুনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰত অসম সচিবাল়য়ত এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে পৰিষদে। স্মাৰক পত্ৰখনত পৰিষদে জাতীয় প্রতিষ্ঠান এ এছ টি চিত কৰ্মচাৰীসকলে জীৱনৰ  ৩০ ৰ পৰা…
Read More
বেংগালুৰুৰ পৰা বিমানেৰে গুৱাহাটীলৈ প্ৰেমিকক লগ ধৰিবলৈ অহা অৱস্থাত বৰঝাৰ বিমানবন্দৰত ভুৱা আধাৰ কাৰ্ডসহ ধৰা পৰিল প্ৰেমিকাৰূপী ৰ বাংলাদেশৰ যুৱতী

বেংগালুৰুৰ পৰা বিমানেৰে গুৱাহাটীলৈ প্ৰেমিকক লগ ধৰিবলৈ অহা অৱস্থাত বৰঝাৰ বিমানবন্দৰত ভুৱা আধাৰ কাৰ্ডসহ ধৰা পৰিল প্ৰেমিকাৰূপী ৰ বাংলাদেশৰ যুৱতী

অসমত ধৰা পৰা বাংলাদেশী নাগৰিকক  সেই দেশলৈ খেদি পঠিয়াই দিয়াক কেন্দ্ৰ কৰি ভাৰতৰ  সীমান্ত নিৰাপত্তা বাহিনী  (বি এছ এফ )  আৰু বাংলাদেশৰ বৰ্ডাৰ গাৰ্ড বাংলাদেশ ( বি জি বি ) ৰ মাজত সংঘাতৰ সৃষ্টি হৈ অহাৰ  মাজতে কালি  নিশা  ৭.৪৫  বজাত বেংগালুৰুৰ পৰা এয়াৰ ইণ্ডিয়াৰ  বিমানযোগে গুৱাহাটীলৈ প্ৰেমিকক লগ ধৰিবলৈ অহা অৱস্থাত বাংলাদেশৰ এজনী যুৱতী বৰঝাৰ বিমানবন্দৰত ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আন যাত্ৰীৰ দৰে অহা সেই যুৱতী গৰাকী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত নমাৰ পাছত নিজৰ বেগ  লোৱাৰ সময়ত বিমানবন্দৰত থকা অসম আৰক্ষীৰ চোৰাংচোৱা বাহিনীৰ যুৱতীগৰাকীৰ ওপৰত সন্দেহ হোৱাত জেৰা কৰে। জেৰাত যুৱতীজনীয়ে নিজকে…
Read More
বিশ্বকাপত একেৰাহে দ্বিতীয় জয়ৰে দ্বিতীয় ৰাউণ্ড মেক্সিকো

বিশ্বকাপত একেৰাহে দ্বিতীয় জয়ৰে দ্বিতীয় ৰাউণ্ড মেক্সিকো

২০২৬ৰ ফিফা বিশ্বকাপত গ্ৰুপ এ-ত মেক্সিকোৰ বিৰুদ্ধে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলখন ১-০ গ’লত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ড অৰ্থাৎ ৰাউণ্ড অৱ ৩২লৈ আগবাঢ়ি যায়।৫০ মিনিটত লুইছ ৰোমোৱে মেক্সিকোৰ একমাত্ৰ গ’লটো দিয়ে। এইটোৱেই আছিল মেক্সিকোৰ একেৰাহে দ্বিতীয়টো জয়, আনহাতে দক্ষিণ কোৰিয়াৰ দুখন মেচত প্ৰথমটো পৰাজয়। মেক্সিকোৰ হাতত এতিয়া ৬ পইণ্ট, দক্ষিণ কোৰিয়াৰ হাতত আছে ৩ পইণ্ট। দুয়োটা দলৰ মাজত খেলখন ৰোমাঞ্চকৰ আছিল, প্ৰথমাৰ্ধত দুয়োটা দলে সুযোগ লাভ কৰিছিল যদিও কোনো পক্ষই গ’ল দিবলৈ সক্ষম নহ’ল। প্ৰথমাৰ্ধ গ’লবিহীনভাৱে শেষ হয়। দ্বিতীয়াৰ্ধৰ মাত্ৰ পাঁচ মিনিট বাকী থকা অৱস্থাত কোৰিয়াৰ গ’লৰক্ষক কিম চেউং-গিউৱে নিজৰ গ’লৰ ওচৰতে এক গুৰুত্বপূৰ্ণ ভুল কৰি লুইছ ৰোমোৱে (৫০ মিনিট) গ’ল…
Read More
ডি আৰ কংগোই জয়ৰ স্বপ্ন ভাঙিলে পৰ্তুগালৰ

ডি আৰ কংগোই জয়ৰ স্বপ্ন ভাঙিলে পৰ্তুগালৰ

ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছিয়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কৰাৰ বিপৰীতে তেওঁলোকৰ প্ৰধান প্ৰতিদ্বন্দ্বী ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পর্তুগাল দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়৷ গ্ৰুপ কে-ত ডি আৰ কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ কৰি পৰ্তুগালে সন্তুষ্ট হ’বলগীয়া হয়। হিউষ্টন ষ্টেডিয়ামত খেলা পৰ্তুগালে আৰম্ভণিৰে পৰাই আধিপত্য বিস্তাৰ কৰি ষষ্ঠ মিনিটত জোয়াও নেভেছৰ গ’লৰ সহায়ত অগ্ৰগতি লাভ কৰে। পেড্ৰ’ নেটোৰ সুন্দৰ ক্ৰছৰ পৰা নেভেছে এটা চমৎকাৰ হেডাৰ দি দলটোক ১-০ গ’লত আগুৱাই লৈ যায়। কিন্তু প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত ডি আৰ কংগোৱে উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। আফ্ৰিকান দলটোৱে ধাৰাবাহিক আক্ৰমণ চলাই প্ৰথমাৰ্ধৰ অতিৰিক্ত সময়ত সমতা স্থাপন কৰে। আৰ্থাৰ মাছুৱাকুৰ নিখুঁত ক্ৰছৰ পৰা শক্তিশালী…
Read More
মেছিৰ হেট্ৰিক গ’লৰে ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বৃহৎ জয়

মেছিৰ হেট্ৰিক গ’লৰে ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বৃহৎ জয়

ফিফা বিশ্বকাপ ২০২৬-ৰ নিজৰ প্ৰথমখন খেলত আৰ্জেণ্টিনাই আলজেৰিয়াক ৩-০ গ'লত পৰাস্ত কৰে। নিজৰ ২০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেল খেলিবলৈ অৱতীৰ্ণ হোৱা লিয়নেল মেছিৰ দুভৰিৰ যাদু এই খেলখনত দেখিবলৈ পোৱা যায়। মেছি এতিয়া বিশ্বকাপৰ ইতিহাসত যুটীয়াভাৱে আটাইতকৈ বেছি গ'ল কৰা খেলুৱৈ হৈ পৰিছে। আলজেৰিয়াৰ বিৰুদ্ধে খেলা খেলখনত মেছিয়ে সুন্দৰ প্ৰদৰ্শন কৰি তিনিটা গ'ল কৰে। ইয়াৰ সৈতে মেছিয়ে ফিফা বিশ্বকাপত আটাইতকৈ বেছি গ'ল কৰাৰ ক্ষেত্ৰত জাৰ্মানীৰ প্ৰাক্তন খেলুৱৈ মিৰ’স্লাভ ক্ল’জৰ ৰেকৰ্ড স্পৰ্শ কৰে। মেছি আৰু ক্ল’জ— দুয়োৰে নামত এতিয়া এই প্ৰতিযোগিতাত ১৬ টাকৈ গ'ল আছে। আলজেৰিয়াৰ বিৰুদ্ধে মেছিক সুন্দৰ ফৰ্মত দেখা যায় আৰু তেওঁ খেলখনৰ ১৭ সংখ্যক মিনিটত আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ'ল কৰে।…
Read More
এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত আৰক্ষী বিষয়া ডঃ পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ বিশেষ সন্মান

এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত আৰক্ষী বিষয়া ডঃ পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ বিশেষ সন্মান

ভাৰতীয় এনিমেছন ছবি জগতলৈ ইতিপূর্বে গৌৰৱ কঢ়িওৱা ৰাজ্যৰ এজন অগ্ৰণী সাংস্কৃতিক কৰ্মী, সাহিত্যিক , চলচ্চিত্ৰ পৰিচালক , অভিনেতা আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নির্মিত এনিমেটেড চুটি ছবি 'ছিমি'য়ে 'এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ'ত শ্রেষ্ঠ চুটি ছবি শাখাত 'অনাৰেব'ল মেনশ্যন' সম্মান লাভ কৰি বিশেষ খ্যাতি অর্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । এই সন্মানে এনিমেটেড চুটি ছবি জগতত 'ছিমি'ৰ গৌৰৱময় যাত্ৰাক অধিক শক্তিশালী কৰি তুলিছে। ইতিমধ্যে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰ পূৰ্বে 'ছিমি'-এ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত্র মহোৎসৱত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰাৰ লগতে নিউয়র্ক শ্বর্ট এনিমেছন ফেষ্টিভেলতো শ্রেষ্ঠ চুটি ছবি হিচাপে সন্মানিত…
Read More