21
Aug
অসম চৰকাৰে বহু বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আইন বলবৎ কৰাৰ পাছতো এই আইনক ভ্ৰুক্ষেপ কৰা নাই একাংশ লোকে । আনকি দুই এঠাইত কোনো কোনোৱে এজনী , দুজনী নহয় তিনীজনীলৈকেও বিয়া কৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এইবাৰ এনে এটা অভিযোগ উত্থাপিত হৈছে লখিমপুৰ জিলাৰ বঙালমাৰা থানাৰ অন্তৰ্গত ফটিপুৰ লাওগাওঁবস্তিৰ পেছাত ব্যৱসায়ী হাবিজুল ইছলাম নামৰ এজন লোকৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় পত্নী থকাৰ পাছতো তৃতীয়বাৰৰ বাবে পুনৰ বিবাহ পাশত আৱদ্ধ হোৱা বুলি অভিযোগ কৰিছে দ্বিতীয় পত্নী ফাৰহা বেগমে । ইতিমধ্যে দ্বিতীয় পত্নী ফাৰহা বেগমে ন্যায় বিচাৰি অসম ৰাজ্যিক মহিলা আয়োগত হাবিজুল ইছলামৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল…
