ইছৰ’ৰ পৰা ১২০ ৰো অধিক বিজ্ঞানী-গৱেষকৰ পদত্যাগ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ৰ বৰ্তমান এক গুৰুতৰ সমস্যাৰ মুখামুখি হৈছে। অলপতে দেশৰ এই সন্মানীয় মহাকাশ সংস্থাটোৰ ১২০ জনতকৈও অধিক বিজ্ঞানী আৰু গৱেষকে চাকৰি এৰি দিছে। ইয়াৰ ফলত ইছৰ’ত মেধাৱী লোকৰ নাটনি হোৱাৰ আশংকা বৃদ্ধি পাইছে। জানিব পৰা মতে, চাকৰি এৰি যোৱা এই বিজ্ঞানীসকলৰ ভিতৰত ভাৰতৰ অতি গুৰুত্বপূৰ্ণ মহাকাশ অভিযান— যেনে ‘চন্দ্ৰযান-৩’ আৰু ‘স্পাডেক্স’ ( মহাকাশত মহাকাশযান সংযোগ কৰা প্ৰযুক্তি) ক্ৰাফ্টৰ কামত নিয়োজিত হৈ থকা বিজ্ঞানীসকলও অন্তৰ্ভুক্ত আছে। প্ৰাথমিক তথ্য অনুসৰি, এই বিজ্ঞানীসকলে চাকৰি এৰাৰ কেইবাটাও কাৰণ আছে; তাৰ ভিতৰত আছে বেচৰকাৰী খণ্ডৰ পৰা আকৰ্ষণীয় অফাৰ লাভ। বৰ্তমান সময়ত বিশ্বজুৰি আৰু দেশৰ ভিতৰতে ব্যক্তিগত মহাকাশ উদ্যোগসমূহ  যথেষ্ট বৃদ্ধি পাইছে। সেই কোম্পানীসমূহে বিজ্ঞানীসকলক অধিক দৰমহা আৰু উন্নত সুযোগ আগবঢ়াইছে। ইয়াৰ লগতে আছে দৰমহা আৰু সা-সুবিধাৰ পাৰ্থক্য। ইছৰ’ৰ দৰমহাৰ তুলনাত বেচৰকাৰী খণ্ডত লাভ কৰা আৰ্থিক সুযোগ বহু বেছি।

লগতে উন্নত সা-সুবিধা আৰু নতুন প্ৰযুক্তিৰ সৈতে মুক্তভাৱে কাম কৰাৰ সুযোগ বিচাৰিও একাংশ বিজ্ঞানীয়ে এই সিদ্ধান্ত লৈছে। চন্দ্ৰযান-৩’ আৰু ‘স্পাডেক্স’ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত থকা অভিজ্ঞ বিজ্ঞানীসকল ওলাই যোৱাৰ ফলত ইছৰ’ৰ ভৱিষ্যতৰ অভিযানসমূহৰ গতি কিছু লেহেমীয়া হোৱাৰ সম্ভাৱনা আছে। কিয়নো এই জটিল প্ৰযুক্তিৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ প্ৰয়োজন হয়। মহাকাশ বিশেষজ্ঞসকলৰ মতে, ইছৰ’ই নিজৰ মেধাৱী বিজ্ঞানীসকলক ধৰি ৰাখিবলৈ অতি শীঘ্ৰে তেওঁলোকৰ দৰমহাৰ গাঁথনি আৰু কামৰ পৰিৱেশ সংস্কাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। অন্যথা অনাগত দিনত ভাৰতৰ মহাকাশ অভিযানসমূহে ডাঙৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পাৰে। ইয়াৰ মাজতে অভিজ্ঞ বিজ্ঞানীসকলৰ ক্ৰমাগত পদত্যাগ ৰোধ কৰিবলৈ ভাৰত চৰকাৰৰ মহাকাশ বিভাগে এক নতুন তথা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অভিযানৰ সৈতে জড়িত ১০০ৰো অধিক বিজ্ঞানীয়ে শেহতীয়াকৈ চাকৰি এৰাৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

মহাকাশ বিভাগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি গগনযান বা অন্যান্য গুৰুত্বপূৰ্ণ অভিযানৰ সৈতে জড়িত থকা ‘গ্ৰুপ এ’ শ্ৰেণীৰ বৈজ্ঞানিক আৰু কাৰিকৰী কৰ্মচাৰীসকলৰ পদত্যাগ বা স্বেচ্ছামূলক অৱসৰৰ আবেদন ইছৰ’ৰ কেন্দ্ৰসমূহে এতিয়াৰে পৰা সাধাৰণভাৱে গ্ৰহণ কৰিব নোৱাৰিব। এই ধৰণৰ সকলো আবেদন এতিয়াৰে পৰা চূড়ান্ত সিদ্ধান্ত আৰু অনুমোদনৰ বাবে পোনপটীয়াকৈ মহাকাশ বিভাগলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে। অভিজ্ঞ বিজ্ঞানী আৰু গৱেষকসকলৰ প্ৰস্থানৰ ফলত যাতে দেশৰ গুৰুত্বপূৰ্ণ মহাকাশ অভিযানসমূহৰ ক্ষতি নহয়, সেই উদ্দেশ্যেই চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *