Sonakshi Sarkar

1846 Posts
প্ৰথম আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰৰ সামৰণি

প্ৰথম আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰৰ সামৰণি

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ  গুৱাহাটীস্থিত  প্ৰথম  আসাম  বেটেলিয়ান এন চি চিৰ   সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ ২৩ মে'ৰ  পৰা পহিলা জুনলৈ দহদিনীয়াকৈ নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত  অনুষ্ঠিত হয়।  দহদিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত (চি এ টি চি) বেটেলিয়ানৰ অধীনৰ গুৱাহাটী , নলবাৰী , ৰঙিয়া আৰু তামূলপুৰ আদিৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ৫২০ জন  জুনিয়ৰ আৰু ছিনিয়ৰ ডিভিজনৰ লৰা আৰু ছোৱালী কেডেটে  ভাগ লয়। দহদিনীয়া শিবিৰত কেডেট সকলক  শাৰীৰিক অনুশীলন, সামৰিক প্ৰশিক্ষণ ,  ৰাইফল চালনা, পেৰেড, ড্ৰিল, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, দক্ষতা বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ  উপায় আদিৰ  প্ৰশিক্ষণ…
Read More
অম্বুবাচী মেলা উপলক্ষে পাণ্ডুনাথ দেৱালয়ত ১২টা সাৰ্বজনীন শৌচাগাৰ উদ্বোধন

অম্বুবাচী মেলা উপলক্ষে পাণ্ডুনাথ দেৱালয়ত ১২টা সাৰ্বজনীন শৌচাগাৰ উদ্বোধন

গুৱাহাটীৰ পাণ্ডুঘাটস্থিত পাণ্ডুনাথ দেৱালয় (প্ৰাচীন গণেশ মন্দিৰ) চৌহদত ৩১ মে'ত ১২টা সাৰ্বজনীন শৌচাগাৰ কমপ্লেক্সৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱক কৈলাশ চন্দ্ৰ লোহিয়া মুখ্য অতিথি হিচাপে আৰু প্ৰদীপ ভাৰেচ সন্মানীয় অতিথি তথা ওমপ্ৰকাশ খাকোলিয়া বিশেষ অতিথি হিচাপে উপস্থিত থাকে । দেৱভক্ত, পৰ্যটক আৰু সাধাৰণ জনসাধাৰণৰ বাবে উন্নত স্বাস্থ্যসন্মত অনাময় সুবিধা প্ৰদানৰ উদ্দেশ্যে এই শৌচাগাৰসমূহ নাৰেংগীস্থিত এইচ. এল. পোদ্দাৰ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অজয় পোদ্দাৰ আৰু কাঞ্চন পোদ্দাৰৰ উদ্যোগত নিৰ্মাণ আৰু পৃষ্ঠপোষকতা কৰা হৈছে। বিশেষকৈ অম্বুবাচী মেলা আৰু অন্যান্য ধৰ্মীয় সমাৱেশৰ সময়ত আগমন ঘটা হাজাৰ হাজাৰ ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অনুষ্ঠানত অজয় পোদ্দাৰে…
Read More
৪ বছৰৰ পিছত পুনৰ পেছাদাৰী টেনিছ লৈ উভতিব সাজু ছেৰেনা উইলিয়ামছ

৪ বছৰৰ পিছত পুনৰ পেছাদাৰী টেনিছ লৈ উভতিব সাজু ছেৰেনা উইলিয়ামছ

পেছাদাৰী টেনিছৰ পৰা প্ৰায় চাৰি বছৰ আঁতৰি থকাৰ পাছত ৪৪ বছৰীয়া ছেৰেনা উইলিয়ামছে ডব্লিউ টি এ ট্যুৰলৈ উভতি আহিবলৈ সাজু হৈছে। কুইনছ ক্লাবত পুনৰ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব ছেৰেনাই।এইখন উইম্বলডনৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা। ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম একক চেম্পিয়ন ছেৰেনা উইলিয়ামছে ২০২২ চনত অৱসৰ গ্ৰহণ কৰিছিল।দুগৰাকী কন্যাৰ মাতৃ হিচাপে প্ৰতিযোগিতালৈ ঘূৰি আহিব। ২০১৭ চনত অলিম্পিয়াক জন্ম দিয়ে ছেৰেনাই।২০২৩ চনত তেওঁৰ দ্বিতীয় কন্যা আদিৰাৰ জন্ম হয়। ছেৰেনা উইলিয়ামছৰ প্ৰত্যাৱৰ্তনে টেনিছ জগতত উত্তেজনাৰ সৃষ্টি কৰিছে। বহুতে ইয়াক তেওঁৰ কেৰিয়াৰৰ আন এক ঐতিহাসিক মুহূৰ্ত বুলি গণ্য কৰে, যিটো কেৰিয়াৰে বাৰে বাৰে এই ক্ৰীড়াৰ মুখখন সলনি কৰি আহিছে। মাতৃ হোৱাৰ পিছত পেছাদাৰী টেনিছলৈ…
Read More
ৰাষ্ট্ৰীয় কাৰাটেত লংকেশ্বৰ কাৰাটে গীল্ডৰ সাফল্য

ৰাষ্ট্ৰীয় কাৰাটেত লংকেশ্বৰ কাৰাটে গীল্ডৰ সাফল্য

গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত কাৰাটে প্ৰতিযোগিভতাত গুৱাহাটীৰ  লংকেশ্বৰ কাৰাটে গীল্ডে বিশেষ সাফল্য লাভ কৰে । প্ৰশিক্ষক খগেন কলিতা আৰু ৰাব্বাৰ তত্বাৱধানত অংশগ্ৰহণ কৰা দলটোৰ ভিতৰত কৃশাংগী দাসে ৰূপ আৰু  ব্ৰঞ্জৰ , উপাস্যা কাশ্যপে  ( বাবলী ) ৰূপ , প্ৰতিস্মিতা দাসে ৰূপ, দুৰ্লভকান্তি কলিতা আৰু  ধৃতিমান ডেকাই ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক  ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে  শ্বিলঙৰ  আই আই এমত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ  চিন্তন শিবিৰত ‘মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা’ লাভ কৰি  বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সন্মানীয় বঁটাটো  কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী  মনসুখ মাণ্ডব্য আৰু ৰাষ্ট্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাডছেৰ উপস্থিতিত  যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক  শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত প্ৰদান কৰে। অসমত সমাজ সেৱা, যুৱ উন্নয়ন আৰু সামাজিক কল্যাণমূলক কাৰ্যসূচীত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ডঃ কাকতিয়ে এই সন্মান লাভ কৰে।…
Read More
ফ্ৰেন্স অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ ছ’ৰানা চিৰষ্টিয়া

ফ্ৰেন্স অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ ছ’ৰানা চিৰষ্টিয়া

চীনৰ ৱাং জিউক ৬-৩, ৭-৬(৪) ত পৰাস্ত কৰি দেওবাৰে ফ্ৰেন্স অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৰোমানিয়াৰ ছ’ৰানা চিৰষ্টিয়াই। ৱাং জিউৰ পৰা চিৰষ্টেয়াই কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি আশা কৰা হৈছিল। কিন্তু ৰোমানিয়ানগৰাকীৰ অভিজ্ঞতা নিৰ্ণায়ক বুলি প্ৰমাণিত হ’ল। মেচখনৰ এটা বৃহৎ অংশ তেওঁ নিয়ন্ত্ৰণ বজাই ৰাখিছিল, আৰু অৱশেষত যেতিয়া ৱাঙে এক প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল, তেতিয়াও তেওঁৰ স্থিৰতা হেৰুৱাব পৰা নাছিল।আৰম্ভণিৰে পৰাই চিৰষ্টিয়াই আধিপত্য বিস্তাৰ কৰিছিল। শ্বটৰ গভীৰতা আৰু উচ্চমানৰ ক’ৰ্টৰ স্থান ব্যৱহাৰ কৰি ৩৬ বছৰীয়া তাৰকাগৰাকীয়ে প্ৰথম ছেটত দুবাৰকৈ চাৰ্ভ ব্ৰেক কৰি ৫-১ ত নিৰ্ণায়ক অগ্ৰগতি লাভ কৰে। কান্ধৰ দীঘলীয়া আঘাতৰ পিছত মাৰ্চ মাহতহে ছিজন পুনৰ আৰম্ভ হোৱা ৱাঙে অৱশেষত…
Read More
বিজয় শোভাযাত্ৰা নুলিয়াই আৰ চি বিয়ে

বিজয় শোভাযাত্ৰা নুলিয়াই আৰ চি বিয়ে

বিগত বৰ্ষত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খিতাপ উদযাপনৰ বাবে বিজয় শোভাযাত্ৰা নলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে ইয়াত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এল খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে। লোকভৱনত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটকৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ শপতগ্ৰহণৰ কথাও মনত ৰাখি আৰ চি বিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা বছৰৰ ৪ জুনত আয়োজন কৰা বিজয় শোভাযাত্ৰাৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত ১১ জন অনুৰাগী নিহত হৈছিল। আৰচিবিৰ এক সূত্ৰই জনোৱা মতে, বেংগালুৰুত কোনো ধৰণৰ…
Read More
২০ কোটি টকাৰ পুৰস্কাৰ লাভ চেম্পিয়ন আৰচিবিৰ

২০ কোটি টকাৰ পুৰস্কাৰ লাভ চেম্পিয়ন আৰচিবিৰ

আইপিএলৰ ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এল ২০২৬ৰ ট্ৰফী লাভ কৰে। চমৎকাৰ বলিং প্ৰদৰ্শন কৰি আৰ চি বিয়ে গুজৰাট টাইটানছক মুঠ ১৫৫ ৰানত সীমাবদ্ধ কৰি ৰাখে। লক্ষ্য অনুসৰণ কৰি বিৰাট কোহলীয়ে ৭৫ ৰানৰ ইনিংছ খেলে। ফাইনেলত কোহলীক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয়। বৈভৱ সূৰ্যবংশীক অৰেঞ্জ কেপকে ধৰি কেইবাটাও বঁটা লাভ কৰি টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে লাভ কৰে ২০ কোটি টকাৰ পুৰস্কাৰ ধন। একেৰাহে দ্বিতীয়বাৰৰ বাবে দলটোৱে খিতাপ দখল কৰিছে, আৰু একেটা স্থানতে দুয়োটা ট্ৰফী লাভ কৰিছে। ফাইনেলত ৰানাৰ্ছ আপ গুজৰাট…
Read More
ৰাণীৰ সজ্জনপাৰাত বনৰীয়া হাতীয়ে ভাঙিলে কৃষকৰ ধানৰ ভৰাল

ৰাণীৰ সজ্জনপাৰাত বনৰীয়া হাতীয়ে ভাঙিলে কৃষকৰ ধানৰ ভৰাল

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী  বৃহত্তৰ ৰাণী অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ।  আনকি বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ  ৰাণীৰ পাটগাওঁ , সজ্জনপাৰা  আদি  অঞ্চলৰ খেতিপথাৰ সমূহত বছৰ বছৰ ধৰি চলি আহিছে বনৰীয়া হাতীৰ তাণ্ডৱ। বিশেষকৈ বৃহত্তৰ অঞ্চলটোৰ জৱে, পাটগাঁও, সজ্জনপাৰা, ৰাজাপানীচান্দা, আন্ধেৰিজুলি,  মাণিকপুৰ, পুৰাণ শুকুৰবৰীয়া, মাজপাৰা, মাহেন্দ্ৰী, বেলগুৰি, উদয়পুৰ, নালাপাৰা, পুখুৰীপাৰ, চেচা, টাঙ্গনপাৰা, চল্লি, জয়পুৰ, গাৰোপাৰা আদি গাঁৱৰ খেতিপথাৰত অধিক ৰূপত বনৰীয়া হাতীৰ তাণ্ডৱ চলে প্ৰত্যেক বছৰে। অঞ্চলটোৰ এটি সূলভ দৃশ্য বনৰীয়া হাতী ওলাই আহি খাদ্যৰ সন্ধান কৰা । ২৬ মে'ৰ দিনা নিশাও কেবাগৰাকী কৃষকৰ ঘৰ-দুৱাৰ, তামোল গছ, কঁঠালগছ ভাঙি তহিলং কৰে এটা বন্যহস্তীয়ে। জানিব পৰা মতে যোৱা নিশা প্ৰায় চাৰে…
Read More
কাইলৈ আহমেদাবাদত আইপিএলৰ ফাইনেল মেচ

কাইলৈ আহমেদাবাদত আইপিএলৰ ফাইনেল মেচ

অন্ত পৰাৰ দিশে আগবাঢ়িছে আইপিএল ২০২৬। কাইলৈ আহমেদাবাদত ফাইনেল। য'ত বিগত চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱৰ লক্ষ্য একেৰাহে দ্বিতীয়বাৰলৈ চেম্পিয়ন খিতাপ অৰ্জন কৰা। কিন্তু তেওঁলোকৰ বাবে এইটো সহজ নহ'ব। কিয়নো গুজৰাট টাইটানছ সুন্দৰ ফৰ্মত আছে। সেয়ে এই খেলখন ৰোমাঞ্চকৰ হোৱাৰ পূৰ্বে সম্ভাৱনা আছে। এই খেলখন সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব।আৰ চি বিয়ে আক্ৰমণাত্মক আৰু নিৰ্ভীক দৃষ্টিভংগীৰে প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে টাইটানছৰ ধৈৰ্য্য খেলেৰে আপ্লুত কৰি পাঁচ বছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে ফাইনেলত স্থান নিশ্চিত কৰিছে। ডিফেণ্ডিং চেম্পিয়ন আৰচিবিক টাইটানছৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হয়, কিয়নো তেওঁলোকৰ নিৰ্ভীক আৰু ৰিস্ক লোৱা…
Read More