16
Jul
ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে ভাৰতীয় পাছপ’ৰ্ট এখন দেশৰ নাগৰিকসকলৰ বিদেশ যাত্ৰা নিয়ন্ত্ৰণ আৰু সুচল কৰাৰ বাবেহে জাৰি কৰা হয়। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে বৰ্তমান সময়ত ভাৰতৰ মুঠ জনসংখ্যাৰ ৮ শতাংশতকৈও কম লোকৰ হাততহে পাছপ’ৰ্ট আছে। ১৯৬৭ চনৰ পাছপ’ৰ্ট আইন আৰু ১৯৮০ চনৰ পাছপ’ৰ্ট নিয়ম অনুসৰি নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছতহে এই নথিপত্ৰ প্ৰদান কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, পাছপ’ৰ্ট হৈছে মূলতঃ বিদেশ ভ্ৰমণৰ বাবে ব্যৱহৃত এখন নথিপত্ৰ। ভাৰতত নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে কোনো এটা নিৰ্দিষ্ট একক নথিপত্ৰ নাই। উচ্চতম ন্যায়ালয় আৰু দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়দান অনুসৰি— ভোটাৰ…
