ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰয়াত পবিন চন্দ্ৰ গায়নৰ বাসগৃহত প্ৰেমানন্দ প্ৰভু

অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা গুৱাহাটীৰ সাওকুছি অঞ্চলৰ  বিশিষ্ট সমাজকর্মী পবিন চন্দ্র গায়নৰ ৩ জুলাইত অসুখত ভুগি মৃত্যু হয়।  আনহাতে আজি তেওঁৰ  আদ্যশ্ৰাদ্ধ উপলক্ষে সাওকুছিৰ মিলিজুলি পথত থকা প্ৰয়াত পবিন চন্দ্ৰ গায়নৰ বাসগৃহত আহি উপস্থিত হয় কৃষ্ণগুৰু ধৰ্মৰ মহাপ্ৰভু হিচাপে পৰিচিত প্ৰেমানন্দ প্ৰভু।

প্ৰেমানন্দ প্ৰভুৱে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে  পবিন চন্দ্ৰ গায়নৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে।  উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে পবিন চন্দ্ৰ গায়নৰ বৰপুত্ৰ কুলদীপ গায়ন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিৰিক্ত ব্যক্তিগত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *