Sonakshi Sarkar

1908 Posts
সদনত ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকাৰ বাজেট উপস্থাপন

সদনত ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকাৰ বাজেট উপস্থাপন

ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সদনৰ মজিয়াত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। বাজেট দাখিলৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাজট সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে এইবাৰৰ বাজেটৰ সৰ্বমুঠ ব্যয়ৰ পৰিমাণ হৈছে ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকা। অৰ্থাৎ এইবাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে ডেৰ লাখ কোটি টকাৰ সংখ্যা অতিক্ৰম কৰিলে আৰু অনুমান কৰিব পাৰোঁ যে মাৰ্চৰ ভিতৰত আৰু দুখন বিধানসভা অধিবেশন হ'ব আৰু দুয়োবাৰে বাজেটৰ ধন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সেয়ে বাজেটৰ ধন ১ লাখ ৫৬ হাজাৰ কোটিতকৈ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকি যাব। সকলো দিশৰ পৰা আৰু ৰাজ্যৰ বিকাশৰ বাবে…
Read More
আইচিচি ‘হল অব ফে’মত অন্তৰ্ভুক্ত সৌৰভ গাংগুলী

আইচিচি ‘হল অব ফে’মত অন্তৰ্ভুক্ত সৌৰভ গাংগুলী

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বুধবাৰে তেওঁৰ ৫৪ সংখ্যক জন্মদিনত এক অনন্য উপহাৰ লাভ কৰে। এডিনবাৰ্গত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ  বাৰ্ষিক বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে গাংগুলীক সন্মানীয় ‘আইচিচি হল অব ফে’ম’ত অন্তৰ্ভুক্ত কৰা হৈছে। এই সন্মানেৰে বিভূষিত হোৱা তেওঁ দ্বাদশগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। এই স্বীকৃতিৰ বাবে আইচিচিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে গাংগুলীয়ে আইচিচিৰ অধ্যক্ষ জয় শ্বাহক ধন্যবাদ জনায়। ইয়াক এক ‘পৰম গৌৰৱৰ বিষয়’ বুলি অভিহিত কৰি প্ৰাক্তন অধিনায়কগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (টুইটাৰ)ত লিখে, "মোক ‘হল অব ফে’মত অন্তৰ্ভুক্ত কৰাৰ বাবে আইচিচি আৰু অধ্যক্ষ জয় শ্বাহক ধন্যবাদ। বিশ্ব ক্ৰিকেটৰ মহান খেলুৱৈসকলৰ সৈতে এই তালিকাত স্থান পোৱাটো…
Read More
পৰ্তুগালক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত স্পেইন

পৰ্তুগালক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত স্পেইন

২০২৬ চনৰ ফিফা বিশ্বকাপৰ এক ৰুদ্ধদ্বাৰ খেলত স্পেইনে পৰ্তুগালক ১-০ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ একেবাৰে শেষ মুহূৰ্তত (৯১ মিনিটত) স্পেইনৰ খেলুৱৈ মিকেল মেৰিনোই ফেৰান টৰেছৰ পাছৰ সহায়ত এই নিৰ্ণায়ক গলটো স্ক’ৰ কৰে।এই পৰাজয়ৰ লগে লগে বিশ্ব ফুটবলৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জিকাৰ সপোন ভংগ হ’ল আৰু তেওঁৰ বিশ্বকাপ যাত্ৰাৰ অন্ত পৰিল। সমগ্ৰ খেলখনত দুয়োটা দলেই তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। খেলৰ শেষ মুহূৰ্তলৈকে কোনো দলেই গ'ল কৰিব পৰা নাছিল। কিন্তু ইনজুৰী টাইমত  ফেৰান টৰেমৰ পাছৰ পৰা মিকেল মেৰিনোৱে কৰা এটা সুন্দৰ গ'লেৰে স্পেইনে জয় লাভ কৰে। এই পৰাজয়ৰ লগে লগে ৪১ বছৰীয়া ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জয়ৰ সপোন ভংগ…
Read More
বিশ্বকাপ কেৰিয়াৰ সামৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে

বিশ্বকাপ কেৰিয়াৰ সামৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে

২০২৬ ফুটবল বিশ্বকাপৰ ‘ৰাউণ্ড অৱ ১৬’ মেচত স্পেইনৰ হাতত ১-০ গ’লত পৰাজিত হৈ বিশ্বকাপৰ পৰা বিদায় লৈছে পৰ্তুগালে।এই পৰাজয়ৰ লগে লগে ফুটবল জগতৰ অন্যতম মহান খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জয়ৰ সপোন চকুৰ পানীৰে সমাপ্ত হয়।খেলৰ শেষৰ মুহূৰ্তত স্পেইনৰ খেলুৱৈ মিকেল মেৰিনোৱে দিয়া নিৰ্ণায়ক গ’লটোৱে স্পেইনক কোৱাৰ্টাৰ ফাইনেললৈ লৈ যায়। ৪১ বছৰীয়া ৫ বাৰৰ বেলন ডি'অৰ বিজয়ী ৰোনাল্ডোৰ বাবে এয়া অন্তিমখন বিশ্বকাপ খেল আছিল। অভিলেখ সৃষ্টিকাৰী ৬খন বিশ্বকাপত গ’ল কৰা ৰোনাল্ডোৱে কেৰিয়াৰত ৯৭৬টা গ’ল কৰিছে যদিও ফুটবলৰ আটাইতকৈ ডাঙৰ ট্ৰফীটো জিকাৰ সপোন তেওঁৰ আধৰুৱা হৈ ৰ’ল। ৪১ বছৰীয়া তৰকা ৰোনাল্ডোৱে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে এয়া তেওঁৰ জীৱনৰ শেষ বিশ্বকাপ…
Read More
ইংলেণ্ডক হৰুৱাই অষ্ট্ৰেলিয়া পুনৰ মহিলা টি-২০ বিশ্বকাপৰ চেম্পিয়ন

ইংলেণ্ডক হৰুৱাই অষ্ট্ৰেলিয়া পুনৰ মহিলা টি-২০ বিশ্বকাপৰ চেম্পিয়ন

ক্ৰীড়া ইতিহাসত আন এক সোণালী অধ্যায় সৃষ্টি কৰি অষ্ট্ৰেলিয়াই দেওবাৰে লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে। এক ৰোমাঞ্চকৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াই আয়োজক ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি সপ্তমবাৰৰ বাবে এই খিতাপ নিজৰ নামত কৰে। সমগ্ৰ প্ৰতিযোগিতাখনত এখনো খেলত নহাৰাকৈ অষ্ট্ৰেলিয়াই এই অভিলেখ গঢ়িছে।২৮ হাজাৰতকৈও অধিক দৰ্শকৰ উপস্থিতিত ইংলেণ্ডে প্ৰথমে বেটিং কৰি ৪ উইকেট হেৰুৱাই ১৫০ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক নাট চিভাৰ-ব্ৰাণ্টে সৰ্বাধিক ৫৮ ৰান (৫৩ টা বলত) আৰু ফ্ৰেয়া কেম্পে বিস্ফোৰক ৪৪ ৰান (২৮ টা বলত) কৰে। অষ্ট্ৰেলিয়াৰ বলাৰসকলে নিয়ন্ত্ৰিত বলিং কৰি ইংলেণ্ডক ডাঙৰ স্ক’ৰ কৰাত বাধা দিয়ে। ১৫১ ৰানৰ…
Read More
১০ জনীয়া ইংলেণ্ড দলে মেক্সিকোক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত

১০ জনীয়া ইংলেণ্ড দলে মেক্সিকোক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত

ফিফা বিশ্বকাপ ২০২৬-ৰ এখন অতি ৰোমাঞ্চকৰ মেচত ১০ জনীয়া ইংলেণ্ড দলে আয়োজক মেক্সিকোক ৩-২ গ'লত পৰাস্ত কৰিছে। এই ঐতিহাসিক বিজয়ৰ লগে লগে ইংলেণ্ডে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত (শেষ ৮) নিজৰ স্থান নিশ্চিত কৰিছে। মেক্সিকোৰ বিখ্যাত আজটেক ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ইংলেণ্ডৰ হৈ ষ্টাৰ খেলুৱৈ জুড বেলিংহামে দুটা গুৰুত্বপূৰ্ণ গ'ল কৰে। আনহাতে, অধিনায়ক হেৰী কেনে পেনাল্টিৰ জৰিয়তে দলৰ হৈ তৃতীয়টো গ'ল দিয়ে। খেলৰ দ্বিতীয় আৰ্ধত ইংলেণ্ডৰ ডিফেণ্ডাৰ জেৰেল কোৱানছাক এখন ৰেড কাৰ্ড দেখুওৱা হয়, যাৰ ফলত ইংলেণ্ডে বাকী সময়খিনি মাত্ৰ ১০ জন খেলুৱৈৰে খেলিবলগীয়া হৈছিল। ইয়াৰ পিছতো তেওঁলোকে মেক্সিকোৰ তীব্ৰ আক্ৰমণ সফলতাৰে প্ৰতিহত কৰিবলৈ সক্ষম হয়। মেক্সিকোৰ হৈ জুলিয়ান…
Read More
কেপ ভাৰ্ডেৰ আত্মঘাতী গ’লৰে বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত আৰ্জেণ্টিনা

কেপ ভাৰ্ডেৰ আত্মঘাতী গ’লৰে বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত আৰ্জেণ্টিনা

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই এক অত্যন্ত ৰোমাঞ্চকৰ আৰু তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ খেলত কেপ ভাৰ্ডেক ৩-২ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ৰাউণ্ড অব ১৬ত নিজৰ স্থান সুৰক্ষিত কৰিছে। প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলা আফ্ৰিকান দেশ কেপ ভাৰ্ডেৰ দুৰ্দান্ত প্ৰদৰ্শনে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক অতিৰিক্ত সময়লৈকে সংগ্ৰাম কৰিবলৈ বাধ্য কৰে। খেলৰ ২৯ নম্বৰ মিনিটত লিয়নেল মেছিয়ে এটা সুন্দৰ গ’ল দি আৰ্জেণ্টিনাক ১-০ ত আগবঢ়াই দিয়ে। এইটো চলিত প্ৰতিযোগিতাত মেছিৰ সপ্তমটো গ’ল আছিল। মেচখনত পিছ পৰি থকাৰ পিছতো হাৰ নমনা কেপ ভাৰ্ডেৰ ডীৰয় দুৱাৰ্টেই খেলৰ ৬০ নম্বৰ মিনিটত গ’ল শোধাই খেলখন ১-১ সমতালৈ আনে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ'লত ড্ৰ হোৱাৰ পিছত খেল অতিৰিক্ত সময়লৈ গতি কৰে। অতিৰিক্ত…
Read More
হেৰী কেইনৰ চমকপ্ৰদ প্ৰদৰ্শনৰে বিশ্বকাপৰ নকআউটত ইংলেণ্ড

হেৰী কেইনৰ চমকপ্ৰদ প্ৰদৰ্শনৰে বিশ্বকাপৰ নকআউটত ইংলেণ্ড

অধিনায়ক হেৰী কেইনৰ শেষ মুহূৰ্তৰ দুটাকৈ গুৰুত্বপূৰ্ণ গ’লৰ সহায়ত ইংলেণ্ডে এক ডাঙৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰি ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ দ্য কংগোক ২-১ ব্যৱধানত পৰাস্ত কৰে। এই জয়েৰে ইংলেণ্ডে বিশ্বকাপৰ 'ৰাউণ্ড অব ১৬'ত নিজৰ স্থান নিশ্চিত কৰিছে। খেলৰ প্ৰথমাৰ্ধতে ব্ৰায়ান চিপেংগাৰ এটা আকৰ্ষণীয় গ’লৰ সহায়ত কংগোৱে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি শক্তিশালী ইংলেণ্ডক শলঠেকত পেলাইছিল। ৬০ বছৰৰ মূৰত বিশ্বকাপ জিকাৰ লক্ষ্যৰে খেলা থমাছ টুচেলৰ  ইংলেণ্ড দলটোক লজ্জাজনক পৰাজয়ৰ পৰা ৰক্ষা কৰে হেৰী কেইনে। খেল শেষ হ’বলৈ মাত্ৰ ১৫ মিনিট বাকী থকা অৱস্থাত কেইনে প্ৰথমটো হেড কৰি আৰু তাৰ কিছু সময় পিছত ৮৬ মিনিটত দ্বিতীয়টো শক্তিশালী গ’ল কৰি ইংলেণ্ডক ২-১ত জয়ী কৰোৱায়।…
Read More
বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বেলজিয়াম

বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বেলজিয়াম

ইয়ুৰি টিলেমান্সৰ ১২৫ মিনিটৰ পেনাল্টীৰ সহায়ত বেলজিয়ামে চিয়াটেলত অনুষ্ঠিত বিশ্বকাপৰ নকআউট পৰ্যায়ৰ এক ৰোমাঞ্চকৰ খেলত চেনেগালক ৩-২ ব্যৱধানত পৰাস্ত কৰে। দুটা গলত পিছপৰি থকাৰ পিছতো বেলজিয়ামে এই ঐতিহাসিক জয় সাব্যস্ত কৰে। খেলৰ প্ৰথম ভাগত চেনেগালে সুন্দৰ প্ৰদৰ্শন কৰে। ২৫ মিনিটত হাবিব ডিয়াৰা আৰু ৫১ মিনিটত ইছমাইল ছাৰৰ গলেৰে চেনেগালে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। খেল শেষ হ’বলৈ মাত্ৰ ৪ মিনিট বাকী থকা অৱস্থাত বেলজিয়ামে নাটকীয়ভাৱে খেললৈ উভতি আহে। ৰোমেলু লুকাৰু আৰু অধিনায়ক টিলেমান্সৰ দুটা গলৰ সহায়ত খেলখন অতিৰিক্ত সময়লৈ টানি নিয়া হয়। অতিৰিক্ত সময়ৰৰ একেবাৰে শেষ মুহূৰ্তত (১২৫ মিনিটত) ভিএআৰৰ সহায়ত বেলজিয়ামে এটা পেনাল্টী লাভ কৰে। অধিনায়ক টিলেমান্সে এই পেনাল্টীটো…
Read More
মানটাছা জাহাংগীৰৰ ইংৰাজী গ্ৰন্থ “A World below the Roundabout ”উন্মোচন

মানটাছা জাহাংগীৰৰ ইংৰাজী গ্ৰন্থ “A World below the Roundabout ”উন্মোচন

যুৱ প্ৰজন্মৰ প্ৰতিভাবান কবি - লেখিকা  মানটাছা জাহাংগীৰৰ ইংৰাজী গ্ৰন্থ A World below the Roundabout গুৱাহাটীৰ বৰাগাওঁস্থিত কুমাৰ গ্ৰীণ ৰিজৰ্টত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰা হয়  অনুষ্ঠানত  উপস্থিত থাকি বিশিষ্ট সাহিত্যিক - শিক্ষাবিদ  ডঃ দয়ানন্দ পাঠকে কয়  যে আজিকালি সকলোৰে নিজস্ব এখন পৃথিৱী আছে ৷ কোনেও কাকো সময় দিব নোৱাৰে ৷ প্ৰতিজন মানুহ বৰ্তমান অকলশৰীয়া।  এনে এক দিনত মানটাছাৰ দৰে যুৱতীয়ে জীৱনটোক জুকিয়াই চাইছে নতুন সম্পৰীক্ষাৰী ৷তেওঁৰ এই পদক্ষেপ যথেষ্ট প্ৰশংসনীয় । অনুষ্ঠানত বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্যই উপস্থিত থাকি কয় যে এজন লেখকৰ এখন কিতাপ জন্ম হোৱা মানে লেখকজনে  আকৌ এবাৰ জনম লয় ৷ তথ্য প্ৰযুক্তিয়ে নতুন প্ৰজন্মক আছন্ন কৰিছে…
Read More