অধিনায়ক হেৰী কেইনৰ শেষ মুহূৰ্তৰ দুটাকৈ গুৰুত্বপূৰ্ণ গ’লৰ সহায়ত ইংলেণ্ডে এক ডাঙৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰি ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ দ্য কংগোক ২-১ ব্যৱধানত পৰাস্ত কৰে। এই জয়েৰে ইংলেণ্ডে বিশ্বকাপৰ ‘ৰাউণ্ড অব ১৬’ত নিজৰ স্থান নিশ্চিত কৰিছে। খেলৰ প্ৰথমাৰ্ধতে ব্ৰায়ান চিপেংগাৰ এটা আকৰ্ষণীয় গ’লৰ সহায়ত কংগোৱে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি শক্তিশালী ইংলেণ্ডক শলঠেকত পেলাইছিল।
৬০ বছৰৰ মূৰত বিশ্বকাপ জিকাৰ লক্ষ্যৰে খেলা থমাছ টুচেলৰ ইংলেণ্ড দলটোক লজ্জাজনক পৰাজয়ৰ পৰা ৰক্ষা কৰে হেৰী কেইনে। খেল শেষ হ’বলৈ মাত্ৰ ১৫ মিনিট বাকী থকা অৱস্থাত কেইনে প্ৰথমটো হেড কৰি আৰু তাৰ কিছু সময় পিছত ৮৬ মিনিটত দ্বিতীয়টো শক্তিশালী গ’ল কৰি ইংলেণ্ডক ২-১ত জয়ী কৰোৱায়। খেলৰ শেষত প্ৰশিক্ষক থমাছ টুচেল আৰু অধিনায়ক হেৰী কেইনে কংগোৰ গ’লৰক্ষক লিয়োনেল ম্পাচিৰ উৎকৃষ্ট প্ৰদৰ্শনক প্ৰশংসা কৰাৰ লগতে কঠিন পৰিস্থিতিতো ধৈৰ্য্য আৰু বিশ্বাস হেৰুৱাই নোযোৱা বাবে খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰে।
এই পৰাজয়ৰ সৈতে কংগোৰ ৫২ বছৰৰ পিছত বিশ্বকাপলৈ ঘূৰি অহাৰ এক সুন্দৰ যাত্ৰাৰ অন্ত পৰিল। আনহাতে, এই গুৰুত্বপূৰ্ণ জয়ৰ পিছত অহা দেওবাৰে হ’বলগীয়া নকআউট মেচত ইংলেণ্ডে মেক্সিকোৰ বিখ্যাত ‘এষ্টেডিঅ’ আজটেকা’ ষ্টেডিয়ামত সহ-আয়োজক মেক্সিকোৰ বিৰুদ্ধে মুখামুখি হ’ব।
