বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বেলজিয়াম

ইয়ুৰি টিলেমান্সৰ ১২৫ মিনিটৰ পেনাল্টীৰ সহায়ত বেলজিয়ামে চিয়াটেলত অনুষ্ঠিত বিশ্বকাপৰ নকআউট পৰ্যায়ৰ এক ৰোমাঞ্চকৰ খেলত চেনেগালক ৩-২ ব্যৱধানত পৰাস্ত কৰে। দুটা গলত পিছপৰি থকাৰ পিছতো বেলজিয়ামে এই ঐতিহাসিক জয় সাব্যস্ত কৰে। খেলৰ প্ৰথম ভাগত চেনেগালে সুন্দৰ প্ৰদৰ্শন কৰে। ২৫ মিনিটত হাবিব ডিয়াৰা আৰু ৫১ মিনিটত ইছমাইল ছাৰৰ গলেৰে চেনেগালে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

খেল শেষ হ’বলৈ মাত্ৰ ৪ মিনিট বাকী থকা অৱস্থাত বেলজিয়ামে নাটকীয়ভাৱে খেললৈ উভতি আহে। ৰোমেলু লুকাৰু আৰু অধিনায়ক টিলেমান্সৰ দুটা গলৰ সহায়ত খেলখন অতিৰিক্ত সময়লৈ টানি নিয়া হয়। অতিৰিক্ত সময়ৰৰ একেবাৰে শেষ মুহূৰ্তত (১২৫ মিনিটত) ভিএআৰৰ সহায়ত বেলজিয়ামে এটা পেনাল্টী লাভ কৰে। অধিনায়ক টিলেমান্সে এই পেনাল্টীটো গ’ললৈ ৰূপান্তৰ কৰি দলক জয়ী কৰায়।

এই জয়ৰ লগে লগে বেলজিয়াম পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে, য’ত সোমবাৰে চিয়াটেলত তেওঁলোকে সহ-আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখামুখি হ’ব। আনহাতে, সুন্দৰ খেলিও পৰাজয়বৰণ কৰিবলগীয়া হোৱাত চেনেগালৰ প্ৰশিক্ষক পাপে থিয়াৱে গভীৰ দুখ প্ৰকাশ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *