বেলজিয়ামক হৰুৱাই বিশ্বকাপৰ ছেমিফাইনেলত স্পেইন

২০২৬ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল মেচত বেলজিয়ামক ২-১ গ’লত পৰাস্ত কৰি স্পেইনে ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে। অহা মঙলবাৰে ডলাছত হ’বলগীয়া প্ৰথমখন ছেমিফাইনেলত স্পেইনে মুখামুখি হ’ব এইবাৰৰ খিতাপ জয়ৰ অন্যতম দাবীদাৰ ফ্ৰান্সৰে। খেলৰ ৩০ নম্বৰ মিনিটত ফেবিয়ান ৰুইজে গ’ল কৰি স্পেইনক ১-০ ব্যৱধানত আগুৱাই নিয়ে।

৪১ নম্বৰ মিনিটত বেলজিয়ামৰ চাৰ্লছ ডি কেটেলিয়াৰে এটা সুন্দৰ হেডাৰেৰে গ’ল কৰি খেলখন ১-১ সমতালৈ আনে। চলিত বিশ্বকাপত স্পেইনৰ বিৰুদ্ধে এইটোৱেই আছিল প্ৰথমটো গ’ল। খেল শেষ হোৱাৰ ঠিক ২ মিনিট আগত, অৰ্থাৎ ৮৮ নম্বৰ মিনিটত স্পেইনৰ সলনি খেলুৱৈ মিকেল মেৰিনোই দলৰ হৈ বিজয়ী গ’লটো স্ক’ৰ কৰে।

খেলৰ ৭১ নম্বৰ মিনিটত বেলজিয়ামৰ তাৰকা গলৰক্ষক থিব’ ক’ৰ্টৱা আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ এৰিবলগীয়া হয়। তেওঁৰ স্থানত অহা ব্যাক-আপ গ’লৰক্ষক ছেনে লামেন্সৰ এটা ভুলৰ সুযোগ লৈয়েই মেৰিনোই স্পেইনৰ হৈ বিজয়ী গ’লটো কৰিবলৈ সক্ষম হয়। এই জয়েৰে স্পেইনে পুনৰ এবাৰ বিশ্বকাপৰ ট্ৰফী জয়ৰ দিশে খোজ আগবঢ়াইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *