01
Jul
প্ৰচণ্ড ভূমিকম্পই বিধ্বস্ত কৰি যোৱা ভেনেজুৱেলাত বৰ্তমানো অব্যাহত আছে আতংক। এই পৰিস্থিতিত দেশখনৰ দুৰ্গতসকলৰ কাষত সহায়ৰ হাত হৈ থিয় দিছে ভাৰতীয় সেনাই। 'অপাৰেচন আমিস্তাদ'ৰ অধীনত ভাৰতীয় সেনাই চলোৱা উদ্ধাৰ আৰু চিকিৎসা সাহায্যৰ মাজতে এইবাৰ নতুন জীৱন লাভ কৰিলে এগৰাকী ৭৯ বছৰীয়া বৃদ্ধাই। ভূমিকম্পৰ ফলত ভাগি পৰা ভৱনৰ ধ্বংসস্তূপৰ মাজত আৱদ্ধ বৃদ্ধাগৰাকীক সুকলমে উদ্ধাৰ কৰি সম্পূৰ্ণ চিকিৎসা আৰু মানৱীয় সাহায্য প্ৰদান কৰে ভাৰতীয় সেনাৰ চিকিৎসকৰ দলে। ভাৰতীয় সেনাই জনোৱা অনুসৰি, বৃদ্ধাগৰাকী ভগ্নপ্ৰায় ভৱনৰ ধ্বংসস্তূপৰ তলত দীৰ্ঘ সময় আৱদ্ধ হৈ আছিল। তেওঁৰ এখন ভৰি ভাঙি যোৱাৰ উপৰি 'পেৰিফেৰেল আৰ্টেৰিয়েল ডিজিজ'ত ভুগি থকাৰ ফলত সময়মতে চিকিৎসা নোপোৱাত ভৰিত গুৰুতৰ ঘাঁৰ সৃষ্টি হৈছিল আৰু…
