Paromita

898 Posts
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! জিএমচিৰ বাহনত খুন্দা মাৰি বাইক আৰোহীৰ মৃ*ত্যু

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! জিএমচিৰ বাহনত খুন্দা মাৰি বাইক আৰোহীৰ মৃ*ত্যু

মহানগৰীত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন বাইক আৰোহী যুৱকে। শনিবাৰে গভীৰ নিশা ৰুক্মিণীগাঁও উৰণীয়া সেতুত গুৱাহাটী পৌৰ নিগমৰ পথ পৰিষ্কাৰ কৰা বাহনত তীব্ৰ বেগে বাইকখন খুন্দা মৰাৰ ফলত ঘটনাস্থলীতেই মৃত্যু হয় দিব্যাংশু আগৰৱালৰ। আৰক্ষীয়ে জনোৱা মতে, পথ পৰিষ্কাৰৰ কামত নিয়োজিত হৈ থকা গুৱাহাটী পৌৰ নিগমৰ বাহনখনত বাইকখন খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। সংঘৰ্ষৰ অভিঘাত ইমানেই তীব্ৰ আছিল যে যুৱকজনক উদ্ধাৰ কৰাৰ সুযোগ নোপোৱাকৈয়ে তেওঁৰ মৃত্যু হয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More
পাকিস্তানত ১২৫ বছৰ পুৰণি গুৰুদ্বাৰত বুলড’জাৰ! সংখ্যালঘুৰ ধৰ্মীয় সুৰক্ষাক লৈ উদ্বেগ ভাৰতৰ

পাকিস্তানত ১২৫ বছৰ পুৰণি গুৰুদ্বাৰত বুলড’জাৰ! সংখ্যালঘুৰ ধৰ্মীয় সুৰক্ষাক লৈ উদ্বেগ ভাৰতৰ

ধ্বংসস্তূপত পৰিণত হ'ল এটা ১২৫ বছৰ পুৰণি ঐতিহাসিক গুৰুদ্বাৰ। সংখ্যালঘু সম্প্ৰদায়ৰ উপাসনাস্থলীৰ সুৰক্ষাক লৈ পুনৰ উদ্বেগ বৃদ্ধি হোৱাৰ মাজতে পাকিস্তানত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ভাৰততো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভাৰত চৰকাৰে এই ঘটনাৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক আপত্তি প্ৰকাশ কৰাৰ লগতে দোষীসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। অভিযোগ অনুসৰি, পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ফাৰুকাবাদত অৱস্থিত গুৰুদ্বাৰ সিংহ সভা নামৰ ঐতিহাসিক উপাসনাস্থলীটো স্থানীয় এজন ব্যৱসায়ীয়ে বুলড'জাৰেৰে ভাঙি পেলায়। সংশ্লিষ্ট বিভাগৰ অনুমতি অবিহনে এই ধ্বংস চলায় ব্যৱসায়ীজনে। পাকিস্তানৰ চৰকাৰী বিষয়াসকলে সদৰী কৰা অনুসৰি, গুৰুদ্বাৰটো ভাঙি পেলোৱাৰ পূৰ্বে বাধ্যতামূলক অনাপত্তি প্ৰমাণপত্ৰ সংগ্ৰহ কৰা হোৱা নাছিল। ঘটনাটোক "অত্যন্ত নিন্দনীয়" আৰু "লক্ষ্যভিত্তিক ধ্বংসলীলা"…
Read More
সোণম ৰঘুবংশীৰ জামিনত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সোণম ৰঘুবংশীৰ জামিনত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

মেঘালয়ৰ বহুচৰ্চিত ৰাজা ৰঘুবংশী হত্যাকাণ্ড গোচৰক কেন্দ্ৰ কৰি চলি থকা আইনী যুঁজত পুনৰ মুখথেকেচা খাবলগীয়া হ’ল মেঘালয় চৰকাৰ। সোণম ৰঘুবংশীৰ জামিনৰ ওপৰত তাৎক্ষণিক স্থগিতাদেশ জাৰি কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰাৰ লগতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰে। বিচাৰপতি এম এম সুন্দৰেশ আৰু শীল নাগুৰ খণ্ডপীঠৰ সন্মুখত মেঘালয় চৰকাৰৰ হৈ উপস্থিত হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দাঙি ধৰে যে, সোণম ৰঘুবংশীৰ বিৰুদ্ধে অভিযোগ অতি গুৰুতৰ। কেৱল এটা কাৰিকৰী ত্ৰুটিৰ ভিত্তিত তেওঁক জামিন দিয়াটো উচিত হোৱা নাছিল বুলিও আদালতত উল্লেখ কৰে তেওঁ। লগতে অভিযুক্তা পলায়ন কৰাৰ আশংকা থকাৰ কথা উল্লেখ কৰি উচ্চ ন্যায়ালয়ৰ আদেশত তাৎক্ষণিক স্থগিতাদেশ বিচাৰে। অৱশ্যে এই আবেদন গ্ৰহণ…
Read More
এক কোটি টকাৰ উৎকোচৰ অভিযোগত হাৰিয়ানাৰ আইপিএছ বিষয়া গ্ৰেপ্তাৰ

এক কোটি টকাৰ উৎকোচৰ অভিযোগত হাৰিয়ানাৰ আইপিএছ বিষয়া গ্ৰেপ্তাৰ

এক কোটি টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী আইপিএছ বিষয়া। শেহতীয়াকৈ চিবিআইয়ে অভিযান চলাই ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে হাৰিয়ানা কেডাৰৰ ২০১২ বৰ্ষৰ আইপিএছ বিষয়া দীপক গেহলাৱটক। পুডুচেৰীৰ প্ৰায় ৫,০০০ কোটি টকাৰ ভুৱা ঔষধ কেলেংকাৰিৰ তদন্তৰ মাজতে সংঘটিত এই গ্ৰেপ্তাৰে বৃহৎ কেলেংকাৰীৰ গোচৰটোত নতুন তাৎপৰ্যৰ সৃষ্টি কৰিছে। চিবিআইৰ সূত্ৰ অনুসৰি, ধৃত বিষয়াজন হৈছে হাৰিয়ানা কেডাৰৰ ২০১২ বৰ্ষৰ আইপিএছ বিষয়া দীপক গেহলাৱট। অভিযোগ অনুসৰি, আইপিএছ বিষয়াগৰাকীয়ে কেলেংকাৰীটোৰ অন্যতম অভিযুক্ত ৰাজাৰ পৰা তেওঁ মুঠ তিনি কোটি টকা উৎকোচ দাবী কৰিছিল। সেই দাবী কৰা ধনৰ ভিতৰত ইতিমধ্যে এক কোটি টকা তেওঁ গ্ৰহণ কৰিছিল বুলিও তদন্তকাৰী সংস্থাই অভিযোগ কৰিছে। উল্লেখ্য যে, এই কেলেংকাৰীৰ তদন্তত…
Read More
প্ৰৱঞ্চনাৰ অভিযোগত ওড়িশাত অসমৰ মহিলা গ্ৰেপ্তাৰ

প্ৰৱঞ্চনাৰ অভিযোগত ওড়িশাত অসমৰ মহিলা গ্ৰেপ্তাৰ

নিজকে উচ্চপদস্থ চৰকাৰী বিষয়া বুলি ভুৱা পৰিচয় দি দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱঞ্চনা চলোৱাৰ অভিযোগত অসমৰ এগৰাকী মহিলাক পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ব্যৱসায়ীকে ধৰি একাধিক লোকক লক্ষ্য কৰি ধন আত্মসাৎ কৰাৰ অভিযোগত ওড়িশাত গ্ৰেপ্তাৰ কৰা হৈছে মনালী হাজৰিকাক। অভিযোগ অনুসৰি, মনালী হাজৰিকাই বিভিন্ন সময়ত নিজকে শিক্ষা মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়া, চিকিৎসক অথবা ফেশ্বন ডিজাইনাৰ বুলি পৰিচয় দি বহু লোকৰ বিশ্বাস অৰ্জন কৰিছিল। সেই পৰিচয়ৰ সুযোগ লৈ তেওঁ বিভিন্ন প্ৰকাৰৰ প্ৰৱঞ্চনা চলাইছিল বুলি তদন্তকাৰী সংস্থাই অভিযোগ উত্থাপন কৰিছে। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, হোটেলৰ বিল আৰু টেক্সি চালকৰ ভাড়া পৰিশোধ নকৰা, দামী গাড়ী ভাড়াত লৈ উধাও হোৱা, পুনেৰ এটা কেব সংস্থাৰ প্ৰায় ২.৭…
Read More
অৰুণাচলত বান বিভীষিকা! দুৰ্যোগগ্ৰস্তলৈ সাত মাহৰ দৰমহা প্ৰদান ডিৰাঙৰ বিধায়কৰ

অৰুণাচলত বান বিভীষিকা! দুৰ্যোগগ্ৰস্তলৈ সাত মাহৰ দৰমহা প্ৰদান ডিৰাঙৰ বিধায়কৰ

অৰুণাচল প্ৰদেশত শেহতীয়া বানপানী আৰু ভূমিস্খলনে সৃষ্টি কৰা দুৰ্যোগৰ মাজতে দুৰ্যোগপীড়িত পৰিয়ালসমূহৰ সহায়ত আগবাঢ়ি আহিছে ৰাজ্যখনৰ ডিৰাং সমষ্টিৰ বিধায়ক ফুৰ্পা টছেৰিঙে। কীয়ি পান্যোৰ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে নিজৰ সাত মাহৰ দৰমহা দান কৰিছে তেওঁ। মুঠ ৭.৫ লাখ টকাৰ এই সাহায্য আগবঢ়াই জনস্বাস্থ্য আৰু পথ নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ উপদেষ্টা হিচাপেও দায়িত্ব পালন কৰা ফুৰ্পা টছেৰিঙে কয় যে, ৰাজ্যখন বৰ্তমান এক কঠিন সময়ৰ মাজেৰে পাৰ হৈ আছে। এনে পৰিস্থিতিত দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াটো সকলোৰে দায়িত্ব। ডিৰাংবাসী আৰু অঞ্চলটোৰ জননেতাসকলকো দুৰ্যোগপীড়িত পৰিয়ালসমূহৰ সহায়লৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। এই সংকটৰ সময়ত পাৰস্পৰিক সহযোগিতা আৰু ঐক্যবদ্ধ প্ৰচেষ্টাইহে ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ স্বাভাৱিক…
Read More
নলবাৰী লাভ মাৰ্ডাৰ! চিকিৎসাধীন অৱস্থাত মৃত্যু কিশোৰী মৃদুমুদ্ৰাৰ

নলবাৰী লাভ মাৰ্ডাৰ! চিকিৎসাধীন অৱস্থাত মৃত্যু কিশোৰী মৃদুমুদ্ৰাৰ

অৱশেষত মৃদুমুদ্ৰাও গ'লগৈ! একপক্ষীয় প্ৰেম, প্ৰত্যাখ্যান আৰু আক্ৰোশৰ ভয়ংকৰ পৰিণতিত সংঘটিত নৃশংস আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল নলবাৰীৰ ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকা। কিন্তু জীৱন-মৃত্যুৰ সেই যুঁজত অৱশেষত হাৰ মানিলে কিশোৰীগৰাকীয়েও। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে মৃদুমুদ্ৰাই। মৃদুমুদ্ৰাৰ মৃত্যুৰে নলবাৰীৰ গংগাপুৰত সংঘটিত এই নৃশংস আক্ৰমণত নিহতৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা ১৯ বছৰীয়া মাধুৰ্য বৰ্মনে। উল্লেখ্য যে, ৩১ মে'ৰ সন্ধিয়া নলবাৰী চহৰৰ পৰা কিতাপ কিনি স্কুটীৰে ঘৰলৈ উভতি আহিছিল মাধুৰ্য বৰ্মন আৰু তেওঁৰ সম্পৰ্কীয় ভগ্নী মৃদুমুদ্ৰা ডেকা। গংগাপুৰত…
Read More
উত্তৰ প্ৰদেশ ডাবল মাৰ্ডাৰ কাণ্ডঃ পাঁচ সহোদৰ ভাতৃসহ ৯ জনক আজীৱন কাৰাদণ্ডৰ শাস্তি

উত্তৰ প্ৰদেশ ডাবল মাৰ্ডাৰ কাণ্ডঃ পাঁচ সহোদৰ ভাতৃসহ ৯ জনক আজীৱন কাৰাদণ্ডৰ শাস্তি

ভূমি দখলক কেন্দ্ৰ কৰি সংঘটিত ডাবল মাৰ্ডাৰ গোচৰত প্ৰায় পাঁচ বছৰৰ পিছত ৰায়দান কৰিলে উত্তৰ প্ৰদেশৰ এখন আদালতে। গোচৰটোৰ বিচাৰ সম্পূৰ্ণ কৰি পাঁচ সহোদৰ ভাতৃসহ ৯ জন অভিযুক্তক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে। গৌতমবুদ্ধ নগৰ জিলাৰ গিৰধৰপুৰ গাঁৱত ২০২১ চনৰ ৮ ফেব্ৰুৱাৰীত এই হত্যাকাণ্ড সংঘটিত হৈছিল। মাটি দখলৰ বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে অনুষ্ঠিত এখন পঞ্চায়ত বৈঠকৰ সময়ত দুয়োপক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়। তাৰ পিছতে দেৱেন্দ্ৰ আৰু তেওঁৰ সহযোগীসকলে নিৰ্বিচাৰে গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই গুলীচালনাত সুৰেশ ওৰফে চালেক, অমিত আৰু প্ৰেম গুৰুতৰভাৱে আহত হয়। তিনিওকে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎলায় পোৱাৰ পূৰ্বেই মৃত্যু ঘটে অমিতৰ। পিছত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে…
Read More
জালুকৰ বৈয়ামত লুকুৱাই অনা হৈছিল নিচাযুক্ত সামগ্ৰী; কাছাৰত ৯.৫ কোটি টকাৰ ইয়াবা-হেৰ’ইন জব্দ

জালুকৰ বৈয়ামত লুকুৱাই অনা হৈছিল নিচাযুক্ত সামগ্ৰী; কাছাৰত ৯.৫ কোটি টকাৰ ইয়াবা-হেৰ’ইন জব্দ

উত্তৰ-পূবৰ ৰাজ্যসমূহত অব্যাহত থকা নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ মাজতে এইবাৰ কাছাৰত জব্দ হ'ল প্ৰায় ৯.৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট আৰু হেৰ'ইন। জালুকভৰ্তি বৈয়ামৰ ভিতৰত লুকুৱাই সৰবৰাহ কৰাৰ চেষ্টা চলোৱা হৈছিল এই নিচাযুক্ত সামগ্ৰীখিনি। অসম ৰাইফলছৰ শ্ৰীকোনা বেটেলিয়ন, কাছাৰ আৰক্ষী আৰু শুল্ক বিভাগে যুটীয়াভাৱে চলোৱা এক বিশেষ অভিযানত ৩০ জুনত টোলেংগ্ৰাম অঞ্চলৰ পৰা এই সাফল্য লাভ কৰে। নিৰ্দিষ্ট গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত ৩০ হাজাৰ ইয়াবা টেবলেট আৰু ৫৩৫ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা নিচাযুক্ত সামগ্ৰীৰ বজাৰমূল্য প্ৰায় ৯.৫ কোটি টকা বুলি জানিবলৈ দিয়ে সংশ্লিষ্ট সূত্ৰই। তদন্তকাৰী সংস্থাৰ তথ্য অনুসৰি, নিচাযুক্ত সামগ্ৰীখিনি ৰঙা জালুকভৰ্তি…
Read More
ভিয়েটনামৰ ৰেষ্টুৰেণ্টত তথাকথিত ভাৰতীয় ইনফ্লুৱেন্সাৰৰ উদ্ভণ্ডালি! কৰ্মচাৰীকো দুৰ্ব্যৱহাৰৰ অভিযোগ

ভিয়েটনামৰ ৰেষ্টুৰেণ্টত তথাকথিত ভাৰতীয় ইনফ্লুৱেন্সাৰৰ উদ্ভণ্ডালি! কৰ্মচাৰীকো দুৰ্ব্যৱহাৰৰ অভিযোগ

তথাকথিত ইনফ্লুৱেন্সাৰে উদ্ভণ্ডালি চলোৱাৰ ঘটনা ভাৰতত নতুন নহয়। কিন্তু এইবাৰ বিদেশৰ মাটিত ভাৰতৰ নাক কাটিলে তথাকথিত এই ইনফ্লুৱেন্সাৰে। ভিয়েটনামৰ হো চি মিন চিটিৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত শিশুৰ আচৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে ইমানেই ভয়ংকৰ ৰূপ লয় যে ভাৰতীয় এটা পৰিয়ালৰ বিৰুদ্ধে ৰেষ্টুৰেণ্টৰ সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে কৰ্মচাৰীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে কৰ্তৃপক্ষই। ঘটনাটো হো চি মিন চিটিৰ পৰ্যটকপ্ৰধান ডিষ্ট্ৰিক্ট–১ত অৱস্থিত 'বম্বে বাইটছ এইচচিএম' নামৰ ভাৰতীয় ৰেষ্টুৰেণ্টখনত সংঘটিত হয়। ৰেষ্টুৰেণ্টখনৰ কৰ্তৃপক্ষই সামাজিক মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি, পৰিয়ালটোৰ শিশুসকলে ভিতৰত সোমোৱাৰ লগে লগে টেবুলৰ টিছু কাগজ ইফালে-সিফালে দলিয়াবলৈ আৰম্ভ কৰে। ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী মনমীত সিঙে জানিবলৈ দিয়া মতে, কৰ্মচাৰীয়ে শিশু…
Read More