Paromita

898 Posts
৯১ বছৰীয়া হ’ল তিব্বতী ধৰ্মগুৰু দালাই লামা; জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

৯১ বছৰীয়া হ’ল তিব্বতী ধৰ্মগুৰু দালাই লামা; জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

৯১ বছৰীয়া হ’ল তিব্বতী ধৰ্মগুৰু দালাই লামা। সোমবাৰে নিজৰ ৯১ সংখ্যক জন্মদিন উদযাপন কৰে তিব্বতী বৌদ্ধ ধৰ্মগুৰু ১৪ সংখ্যক দলাই লামাই। এই উপলক্ষে শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দালাই লামাই শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে বিশ্বজুৰি অগণন মানুহক পথ দেখুৱাই আহিছে। সোমবাৰে সামাজিক মাধ্যম 'এক্স'ত প্ৰকাশ কৰা শুভেচ্ছাবাৰ্তাত মোদীয়ে লগতে কয়, "তেওঁৰ নৈতিক আৰু আধ্যাত্মিক শক্তি, লগতে বিশ্বকল্যাণৰ প্ৰতি থকা দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁ সুদীৰ্ঘ আৰু সুস্বাস্থ্যপূৰ্ণ জীৱন লাভ কৰক, সেই কামনা জনাইছোঁ।" ইফালে, হিমাচল প্ৰদেশৰ শিমলাস্থিত দৰ্জে ড্ৰাক বৌদ্ধ মঠত পুৱাৰে পৰা সমবেত হয় নিৰ্বাসিত তিব্বতী বৌদ্ধ সন্ন্যাসী, অনুগামী আৰু স্থানীয় বাসিন্দাসকল। দলাই লামাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনাৰে…
Read More
পাকিস্তানৰ ৰক্তাক্ত কবলৰ পৰা পশ্চিমবংগক ৰক্ষা কৰিছিল শ্যামাপ্ৰসাদ মুখাৰ্জীয়েঃ যোগী আদিত্যনাথ

পাকিস্তানৰ ৰক্তাক্ত কবলৰ পৰা পশ্চিমবংগক ৰক্ষা কৰিছিল শ্যামাপ্ৰসাদ মুখাৰ্জীয়েঃ যোগী আদিত্যনাথ

পাকিস্তানৰ ৰক্তাক্ত কবলৰ পৰা পশ্চিমবংগক ৰক্ষা কৰাত মুখ্য ভূমিকা পালন কৰিছিল ড° শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে। - ১২৫সংখ্যক জন্মজয়ন্তী উপলক্ষে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপকগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই এই মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। সোমবাৰে লক্ষ্ণৌত আয়োজিত এক অনুষ্ঠানত ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত ভাষণ দি যোগীয়ে কয়, "ড° শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে পাকিস্তানৰ ৰক্তাক্ত কবলৰ পৰা ৰক্ষা কৰাত যি পশ্চিমবংগৰ বাবে মুখ্য ভূমিকা পালন কৰিছিল, সেই পশ্চিমবংগ এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ শাসনত আছে। ডাবল ইঞ্জিন চৰকাৰে তেওঁৰ সৈতে জড়িত সকলো স্থান সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ কাম আগবঢ়াই নিছে।" মুখাৰ্জীক 'ভাৰত মাতাৰ মহান সন্তান' আৰু 'স্বাধীনতা সংগ্ৰামৰ অন্যতম যুঁজাৰু' বুলি অভিহিত কৰি তেওঁক…
Read More
বিধানসভাত উত্থাপন হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক; গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱ

বিধানসভাত উত্থাপন হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক; গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱ

প্ৰশাসনিক সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ নতুন অধ্যায় আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। সোমবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভা অধিৱেশনত পৰ্যটন, ভূমি আৰু গুৱাহাটী মহানগৰৰ উন্নয়নৰ সৈতে জড়িত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকৰ পিছত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে এই অধিৱেশনত একাধিক নতুন বিধেয়ক দাখিল কৰা হ'ব। তেওঁৰ ভাষ্য অনুসৰি, এই বিধেয়কসমূহৰ লক্ষ্য হৈছে প্ৰশাসনিক ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰাৰ লগতে উন্নয়নমূলক প্ৰকল্পসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰা। অসম পৰ্যটন আৰু উন্নয়ন পঞ্জীয়ন আইন, ২০২৪-ত সংশোধনী আনি হোটেল আৰু গৃহাৱাসৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয়, "হোটেল আৰু গৃহাৱাসৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ কৰা হ'ব। লগতে ১৮৬৭ চনৰ…
Read More
যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী; দলীয় নেতৃত্বলৈ পত্ৰ কংগ্ৰেছ বিধায়কৰ

যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী; দলীয় নেতৃত্বলৈ পত্ৰ কংগ্ৰেছ বিধায়কৰ

দলীয় বৈঠকত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰচৰাত সংঘটিত হৈছে এক নতুন বিতৰ্কৰ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছৰ দুজন বিধায়কে। লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ মহম্মদ নজৰ আৰু গৌৰীপুৰৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰে স্বাক্ষৰ কৰা পত্ৰখনত উল্লেখ কৰা মতে, ২০২৬ চনৰ ২১ মে'ত গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন দলীয় বৈঠকক কেন্দ্ৰ কৰিয়েই এই অভিযোগ উত্থাপন কৰা হৈছে। বৈঠকখনত নবনিৰ্বাচিত বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ আৰু দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল। বিধায়ক দুজনে উল্লেখ কৰা মতে, বৈঠক আৰম্ভ হোৱাৰ প্ৰায় আধা ঘণ্টাৰ পিছত উপস্থিত…
Read More
৮ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত বিজেপি বিধায়ক! চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি

৮ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত বিজেপি বিধায়ক! চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি

উৎসৱ উদযাপনৰ সময়ত গুলীচালনাৰ এক পুৰণি গোচৰত দোষী সাব্যস্ত হ'ল বিজেপিৰ এজন বিধায়ক। এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি বিজেপি বিধায়ক ৰাজু কুমাৰ সিঙক চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে আদালতে। ইয়াৰ পিছতে ৰাজু কুমাৰৰ বিধায়ক পদো খাৰিজ কৰা হয়। উল্লেখ্য যে, দোষী সাব্যস্ত ৰাজু কুমাৰ সিং বিহাৰৰ চাহেবগঞ্জ সমষ্টিৰ বিধায়ক। ২০১৮ চনত সংঘটিত এই ঘটনাৰ ৰায়দান কৰি দিল্লীৰ ৰাউজ এভিনিউ আদালতে শনিবাৰে শাস্তি ঘোষণা কৰে। একেলগে নিহত মহিলাগৰাকীৰ পৰিয়ালক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশো দিয়ে আদালতে। আদালতৰ ৰায় অনুসৰি, ভাৰতীয় দণ্ডবিধিৰ ৩০৪ (দ্বিতীয় অংশ) ধাৰা আৰু অস্ত্ৰ আইনৰ বিভিন্ন ধাৰাত দোষী সাব্যস্ত হৈছে ৰাজু কুমাৰ সিং। ২০১৮ চনৰ ৩১…
Read More
নিজৰ চাৰ্ভিছ অস্ত্ৰেৰে গুলীয়াই আত্মহনন আৰক্ষী জোৱানৰ, তামুলপুৰত চাঞ্চল্য

নিজৰ চাৰ্ভিছ অস্ত্ৰেৰে গুলীয়াই আত্মহনন আৰক্ষী জোৱানৰ, তামুলপুৰত চাঞ্চল্য

এগৰাকী আৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তামুলপুৰত। শুকুৰবাৰে নিশা ২৪ সংখ্যক অসম আৰক্ষী বেটেলিয়নৰ হাবিলদাৰ ঘনকান্ত মালাকাৰ গুলীবিদ্ধ হৈ মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পি পৰে। ঘটনাটো সংঘটিত হয় তমুলপুৰ থানাৰ অন্তৰ্গত দৰঙা মেলা আৰক্ষী আৱাসিক চৌহদত। নিহত হাবিলদাৰজন বজালী জিলাৰ পাঠশালাৰ বৰগাঁও অঞ্চলৰ বাসিন্দা ৫১ বছৰীয়া ঘনকান্ত মালাকাৰ বুলি জানিব পৰা গৈছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, নিশা প্ৰায় ১১.৪০ বজাত আৱাসিক চৌহদৰ শৌচাগাৰৰ ওচৰত নিজৰ ৯ মিলিমিটাৰ চাৰ্ভিছ কাৰ্বাইন ব্যৱহাৰ কৰিছিল মালাকাৰে। গুলীৰ শব্দ শুনি সহকৰ্মী আৰক্ষী ঘটনাস্থলীলৈ দৌৰি আহে যদিও তেতিয়ালৈকে তেওঁৰ মৃত্যু ঘটে। ঘটনাটোক আত্মহত্যা বুলি প্ৰাথমিকভাৱে সন্দেহ…
Read More
মানাহত কেমেৰাত বন্দী দুৰ্লভ ক’লা নাহৰফুটুকীৰ দৃশ্য

মানাহত কেমেৰাত বন্দী দুৰ্লভ ক’লা নাহৰফুটুকীৰ দৃশ্য

বনৰ গভীৰতাত পুনৰ ধৰা পৰিল এক দুৰ্লভ অতিথিৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানত কেমেৰাত ধৰা পৰা এটা ক'লা নাহৰফুটুকীৰ দৃশ্যই প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী অনুৰাগীৰ মাজত ব্যাপক সঁহাৰি সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শনিবাৰে সামাজিক মাধ্যমত এই দৃশ্য প্ৰকাশ কৰে। গাঢ় ক'লা ৰঙৰ শৰীৰেৰে নিঃশব্দে অৰণ্যৰ মাজেৰে খোজ কঢ়া এই মেলানিষ্টিক নাহৰফুটুকীটোক অতি দুৰ্লভ বুলি গণ্য কৰা হয়। সামাজিক মাধ্যমত দিয়া পোষ্টত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মানাহক ভাৰতৰ অন্যতম অসাধাৰণ অৰণ্য বুলি উল্লেখ কৰে। লগতে এই দুৰ্লভ দৃশ্যই মানাহৰ বন্যপ্ৰাণীৰ সমৃদ্ধি পুনৰ এবাৰ প্ৰতিফলিত কৰিছে বুলিও কয়। বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত সংগঠন আৰু প্ৰকৃতিপ্ৰেমীসকলে এই দৃশ্যক অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছে। এনে দুৰ্লভ দৃশ্যই প্ৰাকৃতিক বাসস্থান…
Read More
নাবালিকাক ধৰ্ষণৰ অভিযোগত এজন গ্ৰেপ্তাৰ; ধুবুৰীত চাঞ্চল্য

নাবালিকাক ধৰ্ষণৰ অভিযোগত এজন গ্ৰেপ্তাৰ; ধুবুৰীত চাঞ্চল্য

এগৰাকী নাবালিকাৰ ওপৰত পুনৰ সংঘটিত হ'ল যৌন নিৰ্যাতনৰ জঘন্য ঘটনা। ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল বৰঝান গাঁৱৰ বাসিন্দা হাছিমুল। আৰক্ষী আৰু স্থানীয় সূত্ৰই জনোৱা মতে, ঘটনাটো সংঘটিত হয় যেতিয়া নাবালিকাগৰাকী ঘৰত অকলশৰে আছিল। ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাত ছাত্ৰীগৰাকীৰ মাতৃ ছাগলী বান্ধিবলৈ ওলাই গৈ ওচৰৰ এখন ঘৰত আশ্ৰয় লৈছিল। সেই সুযোগতে অভিযুক্তই ঘৰত প্ৰৱেশ কৰি নাবালিকাগৰাকীক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। কিছু সময় পিছতে মাতৃ ঘৰলৈ উভতি অহাৰ খবৰ পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তজন। পলায়নৰ সময়ত নিজৰ মোবাইল ফোনটো ঘটনাস্থলীতে এৰি থৈ যায় অভিযুক্তই। তদন্তৰ বাবে সেই মোবাইল ফোনটোক গুৰুত্বপূৰ্ণ প্ৰমাণ…
Read More
অসমত স্বাভাৱিকলৈ ঘূৰিছে বান পৰিস্থিতি; ৬,৬৭৮ জনলৈ হ্ৰাস প্ৰভাৱিত লোকৰ সংখ্যা

অসমত স্বাভাৱিকলৈ ঘূৰিছে বান পৰিস্থিতি; ৬,৬৭৮ জনলৈ হ্ৰাস প্ৰভাৱিত লোকৰ সংখ্যা

ৰাজ্যত স্বাভাৱিক অৱস্থালৈ আহিছে বান পৰিস্থিতি। বাৰিষাৰ প্ৰথমটো বানে কেইবাখনো জিলাত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত এতিয়া বহুলাংশে কমিছে ইয়াৰ প্ৰভাৱ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, ৰাজ্যখনত এতিয়া ৬,৬৭৮ জন লোকহে বানৰ কবলত আছে। ধেমাজিয়েই একমাত্ৰ বানাক্ৰান্ত জিলা হিচাপে আছে। প্ৰভাৱিত লোকসকলৰ ভিতৰত ২,৪৯৫ জন পুৰুষ, ২,৩৯৯ জন মহিলা আৰু ১,৭৮৪ জন শিশু আছে। এদিন পূৰ্বে ধেমাজি আৰু ডিব্ৰুগড় জিলাত মুঠ ২৫,১০০ জন লোক বানৰ ফলত প্ৰভাৱিত হৈছিল। ধেমাজিত স্থাপন কৰা তিনিটা সাহায্য শিবিৰত বৰ্তমান ১২৯ জন লোকে আশ্ৰয় লৈ আছে। চলিত বানত ৪,৭৬৫টা পশুধনো প্ৰভাৱিত হৈছে। শুকুৰবাৰে নতুনকৈ কোনো লোকৰ মৃত্যু বা নিৰুদ্দেশ হোৱাৰ ঘটনা পঞ্জীয়ন হোৱা নাই…
Read More
চাইবাৰ প্ৰৱঞ্চনা আৰু অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে অভিযান; হাইলাকান্দিত চাৰিজন গ্ৰেপ্তাৰ

চাইবাৰ প্ৰৱঞ্চনা আৰু অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে অভিযান; হাইলাকান্দিত চাৰিজন গ্ৰেপ্তাৰ

অনলাইন প্ৰৱঞ্চনা আৰু অবৈধ অনলাইন জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিল চাৰিজনকৈ অভিযুক্ত। হাইলাকান্দিত চলোৱা তদন্তত লাখ লাখ টকাৰ চাইবাৰ প্ৰৱঞ্চনা আৰু অনলাইন জুৱাৰ কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা লোককেইজনে অনলাইন আৰ্থিক প্ৰৱঞ্চনাৰ লগতে অনলাইন বাজিৰ বিভিন্ন এপ চলাই আহিছিল। বৃহত্তৰ এক সংঘবদ্ধ চাইবাৰ অপৰাধী নেটৱৰ্কৰ অংশ হিচাপে তেওঁলোকে কাম কৰি আছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাই। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, অনলাইন জুৱাৰ কাৰ্যকলাপ পৰিচালনাৰ বাবে চীনৰ এটা হেকাৰ চক্ৰৰ সৈতে যোগাযোগ ৰাখিছিল অভিযুক্তসকলে। সেই যোগাযোগৰ জৰিয়তে অনলাইন জুৱাৰ নেটৱৰ্ক পৰিচালনা কৰা হৈছিল নেকি, সেই দিশটোও তদন্ত কৰি আছে আৰক্ষীয়ে।…
Read More