07
Jul
সন্ত্ৰাসবাদ বিৰোধী অভিযানত পুনৰ সফলতা লাভ কৰিলে নিৰাপত্তা বাহিনীয়ে। মণিপুৰৰ বিভিন্ন প্ৰান্তত চলোৱা পৃথক পৃথক অভিযানত দুজন নাবালকসহ চাৰিজন সন্দেহজনক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ, সজীৱ গুলী আৰু এটা সন্দেহজনক বিস্ফোৰক উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে। ইম্ফল পূব জিলাৰ ৱাংখেই অঞ্চলত চলোৱা অভিযানত ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (পামবেই)ৰ সদস্য মৈৰাংথেম নাওবা মেইতেইক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ পৰা এটা বন্দুক আৰু দুটা মোবাইল ফোন জব্দ কৰা হয়। ২০২৩ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰা ইউএনএলএফ (পামবেই) সংগঠনৰ একাংশ সদস্যৰ বিৰুদ্ধে ধন দাবী আৰু অবৈধ অস্ত্ৰ সৰবৰাহৰ দৰে অভিযোগত পূৰ্বেও একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। আন এক অভিযানত ইম্ফল পশ্চিম জিলাৰ…
