সন্ত্ৰাসবাদ বিৰোধী অভিযানত পুনৰ সফলতা লাভ কৰিলে নিৰাপত্তা বাহিনীয়ে। মণিপুৰৰ বিভিন্ন প্ৰান্তত চলোৱা পৃথক পৃথক অভিযানত দুজন নাবালকসহ চাৰিজন সন্দেহজনক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ, সজীৱ গুলী আৰু এটা সন্দেহজনক বিস্ফোৰক উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে।
ইম্ফল পূব জিলাৰ ৱাংখেই অঞ্চলত চলোৱা অভিযানত ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (পামবেই)ৰ সদস্য মৈৰাংথেম নাওবা মেইতেইক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ পৰা এটা বন্দুক আৰু দুটা মোবাইল ফোন জব্দ কৰা হয়।
২০২৩ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰা ইউএনএলএফ (পামবেই) সংগঠনৰ একাংশ সদস্যৰ বিৰুদ্ধে ধন দাবী আৰু অবৈধ অস্ত্ৰ সৰবৰাহৰ দৰে অভিযোগত পূৰ্বেও একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।
আন এক অভিযানত ইম্ফল পশ্চিম জিলাৰ লুৱাংছাংবাম অঞ্চলৰ পৰা নিষিদ্ধ নেচনেল ৰিভ’লিউচনেৰী ফ্ৰণ্ট অৱ মণিপুৰৰ এজন সদস্যক আটক কৰে আৰক্ষীয়ে। শেহতীয়াকৈ ইম্ফল পূব জিলাৰ পাংগেইত এটা বাসগৃহত গুলীচালনা কৰি স্থানীয় লোকক ভয়-ভাবুকি প্ৰদৰ্শন আৰু ধন দাবীৰ ঘটনাত তেওঁৰ জড়িত থকাৰ অভিযোগত এই ব্যৱস্থা গ্ৰহণ কৰা হয়।
ইফালে, চুৰাচান্দপুৰ জিলাৰ পি গেলজাং অঞ্চলত অভিযান চলাই কুকি নেচনেল ফ্ৰণ্ট (এমচি)ৰ সৈতে জড়িত দুজন নাবালকক আটক কৰে নিৰাপত্তা বাহিনীয়ে। তেওঁলোকৰ দখলৰ পৰা ৭৭ জাঁই সজীৱ গুলী উদ্ধাৰ কৰা হৈছে।
আনহাতে, কাঙপকপি জিলাৰ কাংচুপ আৰক্ষী থানাৰ অন্তৰ্গত চিৰু গাঁৱত এলেকাত চলোৱা তালাচীৰ সময়ত এটা সন্দেহজনক তাৎক্ষণিক বিস্ফোৰক আৰু স্থানীয়ভাৱে নিৰ্মিত চাৰিটা মৰ্টাৰ শ্বেল উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে।
ঘটনাকেইটাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ধৃতসকলৰ আন উগ্ৰপন্থী কাৰ্যকলাপ বা সংগঠনৰ সৈতে সম্পৰ্ক আছে নেকি, সেই দিশতো অনুসন্ধান চলাই আছে তদন্তকাৰী সংস্থাই।
