বান আৰু ভূমিস্খলনত বিধ্বস্ত ডোডা-কিস্তৱাৰ ঘাইপথ; মাটিৰ তলত পোত গ’ল একাধিক বাহন

প্ৰবল বৰষুণৰ পিছত সংঘটিত আকস্মিক বানে বিধ্বস্ত কৰিলে জম্মু-কাশ্মীৰৰ ডোডা-কিস্তৱাৰ ঘাইপথ। সোমবাৰে পুৱতি নিশা সংঘটিত এই দুৰ্যোগৰ ফলত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ লগতে পথৰ ওপৰতে মাটি আৰু শিল-বালিৰ তলত পোত যায় একাধিক বাহন।

ডোডা আৰু কিস্তৱাৰ জিলাত নিশাটোৰ অবিৰত বৰষুণৰ ফলতে এই আকস্মিক বানৰ সৃষ্টি হয়। বানৰ সোঁতে বৃহৎ পৰিমাণৰ বোকা, শিল আৰু ধ্বংসাৱশেষ উটুৱাই আনি ঘাইপথত জমা কৰাৰ ফলত পথটোৰ এটা অংশ ক্ষতিগ্ৰস্ত হয়।

প্ৰেমনগৰ অঞ্চলত পথৰ কাষত ৰখাই থোৱা কেইবাখনো বাহন ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ পৰে। অৱশ্যে, এই ঘটনাত কোনো লোকৰ মৃত্যু বা আহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

ইফালে, কিস্তৱাৰ জিলাৰ নিৰ্মীয়মাণ ৫৪০ মেগাৱাট ক্ষমতাসম্পন্ন কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগ এলেকাতো প্ৰবল বৰষুণৰ ফলত বৃহৎ ভূমিস্খলন আৰু বোকাৰ সোঁত নামি আহে।

আকস্মিক বানৰ সোঁতে প্ৰকল্প এলেকালৈ বৃহৎ পৰিমাণৰ বোকা আৰু ডাঙৰ শিল কঢ়িয়াই অনাত ট্ৰাক, ড’জাৰকে ধৰি একাধিক নিৰ্মাণসামগ্ৰী বাহন মাটিৰ তলত পোত যায়। লগতে প্ৰকল্পৰ বহু নিৰ্মাণ সামগ্ৰীও ক্ষতিগ্ৰস্ত হৈছে।

ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা বাহনসমূহ উদ্ধাৰ আৰু এলেকাটো পুনৰ স্বাভাৱিক কৰাৰ কাম অব্যাহত ৰাখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। ঘাইপথ পুনৰ মুকলি নোহোৱালৈকে সেই পথ ব্যৱহাৰ নকৰিবলৈও যাত্ৰীসকলক পৰামৰ্শ দিছে প্ৰশাসনে।

ইফালে, ৰিয়াছি জিলাৰ উচ্চভূমি অঞ্চলতো সৰু পৰিসৰৰ আকস্মিক বানৰ ঘটনা সংঘটিত হৈছে। পূৰ্বেই জম্মু-কাশ্মীৰ প্ৰশাসনে প্ৰবল বৰষুণ, ধুমুহা, বান আৰু ভূমিস্খলনৰ সম্ভাৱনাৰ বিষয়ে সতৰ্কবাণী জাৰি কৰি নদী-নিজৰাৰ কাষৰ বাসিন্দাসকলক সাৱধানতা অৱলম্বনৰ আহ্বান জনাইছিল।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, সোমবাৰে পুৱা ৮.৩০ বজালৈকে পূৰ্বৱৰ্তী ২৪ ঘণ্টাত জম্মু অঞ্চলৰ চাম্বাত সৰ্বাধিক ৯০ মিলিমিটাৰ বৰষুণ লিপিবদ্ধ হয়। তাৰ পিছতে আছে কাঠুৱা (৬৬.২ মিলিমিটাৰ), কাটৰা (৪৪.৪ মিলিমিটাৰ), ডোডা (৪২ মিলিমিটাৰ), জম্মু (৪১.৮ মিলিমিটাৰ) আৰু উধমপুৰ (৪০.৬ মিলিমিটাৰ)ত সৰ্বাধিক বৰষুণ লিপিবদ্ধ হয়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *