30
Jun
চোৰাং সোণৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত অভিযানৰ মাজতে এইবাৰ গুৱাহাটীত উদ্ধাৰ হ'ল এক বৃহৎ পৰিমাণৰ সোণ। নিৰ্দিষ্ট গোপন তথ্যৰ ভিত্তিত অভিযান চলাই খাৰঘূলি অঞ্চলৰ পৰা প্ৰায় ৩৮ কিলোগ্ৰাম সন্দেহজনক চোৰাং সোণ জব্দ কৰে গুৱাহাটী আৰক্ষীয়ে। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৫৪ কোটি টকা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লতাশিল থানাৰ এটা দলে অভিযান চলাই সৰবৰাহৰ পূৰ্বেই সোণখিনি জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সৈতে জড়িত অভিযোগত অক্ষয় বানচুৰে নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযানৰ সময়ত অভিযুক্তজনৰ পৰা চাৰিটা মোবাইল ফোন আৰু ৩,৭০০ টকা নগদ ধনো জব্দ কৰে আৰক্ষীয়ে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, অভিযুক্তজনৰ আন্তঃৰাষ্ট্ৰীয়…
