অবিৰাম বৰষুণে পুনৰ বানৰ কৱললৈ ঠেলি দিলে অসমক। ৰাজ্যত এই বৰ্ষৰ প্ৰথমটো বানৰ লহৰে ইতিমধ্যে ২২ হাজাৰতকৈ অধিক লোকক বিপৰ্যস্ত কৰিছে। একে সময়তে বাঢ়নী পানীৰ প্ৰকোপত আংশিকভাৱে ভাঙি পৰিছে ধেমাজি জিলাৰ চিমেন নদীৰ ওপৰৰ এখন ৰে’ল দলং। ফলত ৰে’ল যোগাযোগো ব্যাহত হৈছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) জানিবলৈ দিয়া মতে, ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ আৰু কোকৰাঝাৰ- এই ছয়খন জিলাত মুঠ ২২,১২৪ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে।
আটাইতকৈ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছে ধেমাজি জিলা। জিলাখনত অকলেই ১৫,৪৮৩ জন লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে। বহু অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত থকাৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে।
এই বানত ৯৬খন গাঁও জলমগ্ন হৈছে। লগতে প্ৰায় ১,৬৯০ হেক্টৰ কৃষিভূমিৰ শস্যও ক্ষতিগ্ৰস্ত হৈছে। বানপানীয়ে গৃহপালিত পশুধনকো ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। এএছডিএমএৰ তথ্য অনুসৰি, বৰ্তমানলৈ ৪৮,১৯৯টা পশু-পক্ষী এই বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
অবিৰাম বৰষুণৰ ফলত ৰাজ্যৰ একাধিক নদ-নদীৰ জলপৃষ্ঠও বৃদ্ধি পাইছে। শিৱসাগৰ জিলাৰ নাংলামুৰাঘাটত দিচাং নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। ফলত নিম্নাঞ্চলসমূহত নতুনকৈ বানপানী প্ৰৱেশৰ আশংকা বৃদ্ধি পাইছে।
ইফালে, প্ৰবল বৰষুণ আৰু ভূমিস্খলনে পৰিবহণ ব্যৱস্থাতো জোকাৰণি আনে। ধেমাজি জিলাৰ চিমেন নদীৰ ওপৰৰ ৰে’ল দলংখনৰ এটা অংশ খহি পৰাত আৰ্চিপাথাৰ আৰু চিমেন চাপৰি ষ্টেচনৰ মাজত ৰে’ল চলাচল সাময়িকভাৱে বন্ধ ৰাখিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াই জানিবলৈ দিয়া মতে, ধেমাজি আৰু ইয়াৰ আশে-পাশে ১১০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত নদীত প্ৰবল সোঁত আৰু খহনীয়াৰ সৃষ্টি হয়। তাৰ ফলতেই দলংখনৰ এটা খুঁটিৰ তলৰ মাটি খহি যোৱাত গাঁথনি দুৰ্বল হৈ পৰে।
১৯৬৫ চনত নিৰ্মাণ কৰা এই দলংখন পিছলৈ ব্ৰডগেজলৈ ৰূপান্তৰ কৰা হৈছিল। ৰে’ল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, দলংখনৰ মূল গাঁথনি সুৰক্ষিত আছিল যদিও অতিবৃষ্টিজনিত খহনীয়াই এই ক্ষতি সাধন কৰে।
বৰষুণ অব্যাহত থকাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ পাইছে। সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নিৰীক্ষণ অব্যাহত ৰাখিছে প্ৰশাসনে।
