বানৰ কৱলৰ পৰা প্ৰাণ বচাবলৈ ওলাই আহিব বন্যপ্ৰাণী; কাজিৰঙা কৰিড’ৰত কটকটীয়া যান-বাহন নিষেধাজ্ঞা

ৰাজ্যজুৰি আৰম্ভ হৈছে বাৰিষাৰ বানৰ তাণ্ডৱ। এই বান পৰিস্থিতিত বন্যপ্ৰাণীৰ নিৰাপদ স্থানান্তৰণ নিশ্চিত কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত কটকটীয়া যান-বাহন নিষেধাজ্ঞা জাৰি কৰিছে অসম চৰকাৰে। বাৰিষাৰ পানী বৃদ্ধি পোৱাৰ লগে লগে গঁড়, হাতী, জলহৰিণ, বনৰীয়া ম’হকে ধৰি বিভিন্ন বন্যপ্ৰাণীয়ে কাৰ্বি আংলংৰ ওখ অঞ্চললৈ গতি কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কলিয়াবৰ সহ-জিলা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩-ৰ ১৬৩ নং ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰে। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়াই জানিবলৈ দিয়া মতে, অবিৰত বৰষুণত কাজিৰঙাৰ বিস্তীৰ্ণ এলেকা বানপানীত বুৰ যোৱাৰ আশংকা আছে। তেনে পৰিস্থিতিত গঁড়, হাতী, জলহৰিণ, বনৰীয়া ম’হকে ধৰি বিভিন্ন বন্যপ্ৰাণীয়ে কাৰ্বি আংলংৰ ওখ অঞ্চললৈ গতি কৰিব।

প্ৰশাসনে উল্লেখ কৰিছে যে, এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ (পূৰ্বৰ এনএইচ-৩৭)ৰে অধিক যান-বাহন চলাচল কৰিলে বন্যপ্ৰাণীৰ সৈতে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা যথেষ্ট বৃদ্ধি পায়।

অতিৰিক্ত জিলা দণ্ডাধীশ তথা সহ-জিলা আয়ুক্ত ৰাজ বৰুৱাই জাৰি কৰা নিৰ্দেশ তৎক্ষণাত বলৱৎ হৈছে। ১ জুনৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে সমগ্ৰ বৰ্ষাকালজুৰি এই নিষেধাজ্ঞা কাৰ্যকৰী হৈ থাকিব।

নতুন নিৰ্দেশ অনুসৰি, কাজিৰঙা কৰিড’ৰেৰে চলাচল কৰা সকলো বাহনৰ সৰ্বোচ্চ গতি ঘণ্টাত ৪০ কিলোমিটাৰত সীমাবদ্ধ থাকিব। বন্যপ্ৰাণী চলাচল কৰা কৰিড’ৰত পাঁচজন বা তাতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। যান্ত্ৰিক বিজুতিৰ বাহিৰে সেই পথত কোনো সৰু বা ডাঙৰ বাহন ৰখোৱা বা পাৰ্কিং কৰাও নিষিদ্ধ কৰা হৈছে।

নৈশকালীন সময়ত তীব্ৰ বৈদ্যুতিক পোহৰ ব্যৱহাৰ, বাহনত উচ্চস্বৰত সংগীত বজোৱা আৰু অকাৰণে হৰ্ণ বজোৱাও সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। বন্যপ্ৰাণীৰ স্বাভাৱিক চলাচলত যাতে ব্যাঘাত নজন্মে, সেই উদ্দেশ্যেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ৰঙালু-বাগৰি অংশৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ত এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব। এই পথছোৱা কাজিৰঙা আৰু কাৰ্বি আংলং পাহাৰৰ মাজৰ একাধিক গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী কৰিড’ৰৰ সৈতে সংযুক্ত।

অৱশ্যে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, সশস্ত্ৰ বাহিনী, বন বিভাগ, জৰুৰীকালীন সেৱাত নিয়োজিত নিৰাপত্তাৰক্ষী, সংকটজনক ৰোগীক কঢ়িওৱা এম্বুলেঞ্চ আৰু কৰ্তব্যৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীক এই নিষেধাজ্ঞাৰ পৰা অব্যাহতি দিয়া হৈছে।

নিৰ্দেশ উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩-ৰ ২২৩ নং ধাৰাসহ প্ৰযোজ্য আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সতৰ্ক কৰি দিয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *