ভেনিজুৱেলাত অব্যাহত ভূমিকম্পৰ বিভীষিকা! মৃতকৰ সংখ্যা ১,৪৫০লৈ বৃদ্ধি

ৰুষ্ট প্ৰকৃতিৰ বিভীষিকাই ধ্বংসস্তূপলৈ পৰিণত কৰিছে দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাৰ বিস্তীৰ্ণ অঞ্চল। বুধবাৰে সংঘটিত দুটা প্ৰবল ভূমিকম্পই মুহূৰ্ততে বিপৰ্যস্ত কৰি তোলে জনজীৱন। দুৰ্যোগৰ চাৰিদিন পাৰ হোৱাৰ পাছতো অব্যাহত আছে উদ্ধাৰ অভিযান। শেহতীয়া তথ্য অনুসৰি, এই ভয়ংকৰ দুৰ্যোগত মৃতকৰ সংখ্যা ১,৪৫০লৈ বৃদ্ধি পাইছে। আহত হৈছে ৩,২৩৮ জন, আৰু ক্ষতিগ্ৰস্ত হৈছে ৩,১৪২টা পৰিয়াল।

ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় সংসদৰ অধ্যক্ষ জৰ্জ ৰ’ড্ৰিগেজে জানিবলৈ দিয়া মতে, ৭.২ আৰু ৭.৫ প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্পৰ পিছত এতিয়ালৈকে ৪৩০টা লঘু আৰু মধ্যমীয়া আফটাৰশ্বক অনুভূত হৈছে। সেয়েহে বহু অঞ্চলত এতিয়াও আতংকৰ পৰিৱেশ বিৰাজ কৰিছে। হাজাৰ হাজাৰ উদ্ধাৰকৰ্মী ধ্বংসস্তূপৰ মাজত আবদ্ধ লোকক উদ্ধাৰৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য যোগানৰ কামত নিয়োজিত হৈ আছে।

হাজাৰ হাজাৰ ক্ষতিগ্ৰস্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি ৰ’ড্ৰিগেজে কয় যে, এই দুৰ্যোগে সমগ্ৰ দেশক গভীৰ শোকত নিমজ্জিত কৰিছে। চৰকাৰৰ সকলো সংস্থা উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত হৈছে বুলিও তেওঁ উল্লেখ কৰে।

দুৰ্যোগৰ অভিঘাত কমাৰ কোনো লক্ষণ এতিয়াও দেখা পোৱা নাই। ভেনিজুৱেলাৰ ভূমিকম্প গৱেষণা সংস্থা ‘ফুনভিছিছ’য়ে শনিবাৰেও ৪.১ প্ৰাবল্যৰ আন এক ভূমিকম্পৰ তথ্য নিশ্চিত কৰে। লা গুৱাইৰা বন্দৰ নগৰৰ পশ্চিমে প্ৰায় ৩৫ কিলোমিটাৰ দূৰত কম্পনটোৰ উৎপত্তিস্থল আছিল। মাত্ৰ পাঁচ কিলোমিটাৰ গভীৰতাত সংঘটিত হোৱাৰ ফলত কম্পনটোৰ অভিঘাত বিস্তীৰ্ণ অঞ্চলত অনুভূত হয়।

এই নতুন কম্পনে পুনৰ আতংকিত কৰি তোলে কাৰাকাছ আৰু ইয়াৰ আশে-পাশৰ অঞ্চলৰ বাসিন্দাসকলক। বহু লোকে ভাঙি পৰা অট্টালিকাৰ আশংকাত ঘৰৰ পৰা ওলাই মুকলি স্থানত আশ্ৰয় লয়। বুধবাৰৰ বিধ্বংসী ভূমিকম্পত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা লা গুৱাইৰাক ইতিমধ্যে দুৰ্যোগপীড়িত এলেকা হিচাপে ঘোষণা কৰিছে চৰকাৰে।

উল্লেখ্য যে, বুধবাৰৰ দুটা প্ৰবল ভূমিকম্পত অসংখ্য অট্টালিকা মুহূৰ্ততে ধ্বংসস্তূপলৈ পৰিণত হয়। বহু ঠাইত ভূমিস্খলনৰ ঘটনাও সংঘটিত হয়। উপকূলীয় আৰু পাহাৰীয়া অঞ্চলৰ বহু পথ-যোগাযোগ বিচ্ছিন্ন হৈ পৰাত উদ্ধাৰ আৰু সাহায্য অভিযান যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

ধ্বংসস্তূপৰ তলত আৰু বহু লোক আবদ্ধ হৈ থকাৰ আশংকাত উদ্ধাৰ অভিযান পূৰ্ণ গতিত অব্যাহত ৰাখিছে সংশ্লিষ্ট সংস্থাসমূহে। এটাৰ পিছত আনটো আফটাৰশ্বকে উদ্ধাৰ অভিযানকো জটিল কৰি তুলিছে। সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা অৱলম্বন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই। উদ্ধাৰ অভিযান সম্পূৰ্ণ নোহোৱালৈকে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকাও কৰা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *