ড্ৰাগছ ব্যৱসায়ৰ জৰিয়তে অৰ্জন সম্পত্তি বাজেয়াপ্ত কৰাটো বাধ্যতামূলক

দেশৰ পৰা ড্ৰাগছৰ কৰাল গ্ৰাস সম্পূৰ্ণৰূপে উৎখাত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ তিনি বছৰীয়া ৰাষ্ট্ৰীয় কৰ্মসূচী “ভিজন ডকুমেন্ট অন ড্ৰাগ কন্ট্ৰোল (২০২৬-২০২৯)” মুকলি কৰিছে। নাৰ্কটিক্স কন্ট্ৰোল ব্যুৰোৰ উদ্যোগত অনুষ্ঠিত নাৰ্কো-কোঅৰ্ডিনেচন চেন্টাৰৰ ১০ সংখ্যক শীৰ্ষ সন্মিলনত এই নতুন কৰ্মসূচী ঘোষণা কৰা হয়। গৃহ মন্ত্ৰীগৰাকীৰ মতে, এই সমগ্ৰ আঁচনিখন তিনিটা মূল বিষয় ক্ৰমে সন্ধান কৰা, ব্যাহত কৰা আৰু ধ্বংস কৰা নীতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্যসমূহ হ’ল- অহা তিনি বছৰৰ ভিতৰত দেশৰ ১০০ টা ডাঙৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী গোটক চিনাক্ত কৰি সম্পূৰ্ণৰূপে উৎখাত কৰা হ’ব। কেৱল ড্ৰাগছ কঢ়িয়াই অনা সৰু সৰবৰাহকাৰীক ধৰিয়েই ক্ষান্ত নাথাকি, ইয়াৰ আঁৰত থকা মূল যোগানকাৰী আৰু সমগ্ৰ ব্যৱসায়িক নেটৱৰ্কটোক ধ্বংস কৰাৰ লক্ষ্য ৰাখিছে। ড্ৰাগছ ব্যৱসায়ৰ জৰিয়তে অৰ্জন কৰা সকলো সম্পত্তি বাজেয়াপ্ত কৰাটো বাধ্যতামূলক কৰা হৈছে।

প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰীসকলে টেলিগ্ৰাম, হোৱাটছএপ আৰু ছিগনেলৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহক ড্ৰাগছৰ বেচা-কিনা আৰু ডেলিভাৰীৰ বাবে ব্যৱহাৰ কৰিছে। ইয়াৰ মেছেজ স্বয়ংক্ৰিয়ভাৱে ডিলিট হৈ যোৱা সুবিধাৰ বাবে প্ৰমাণ সংগ্ৰহ কৰাত আৰক্ষীৰ অসুবিধা হয়। এই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ চৰকাৰে ড্ৰোন প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা  চালিত প্ৰফাইল আৰু আধুনিক কন্টেইনাৰ স্কেনিং ব্যৱস্থা ব্যৱহাৰ কৰাৰ কথা প্ৰকাশ কৰিছে। নাৰ্কটিক্স কন্ট্ৰোল ব্যুৰোৰ ২০২৫ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, ম্যানমাৰ সীমান্তই ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ ড্ৰাগছ সৰবৰাহৰ পথ হৈ পৰিছে। বিশেষকৈ মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ ১০২ আৰু মিজোৰামৰ চম্পাই অঞ্চল হৈ অসমৰ বৰাক উপত্যকালৈ বৃহৎ পৰিমাণৰ হেৰোইন আৰু মেথামফেটামিন সৰবৰাহ হৈছে।

কেৱল ২০২৫ চনতে মিজোৰামত ১,৪৭৭ কেজি আৰু মণিপুৰত ৫৩৫ কেজি নিষিদ্ধ নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে। ইয়াৰ উপৰিও গুজৰাট, মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ সাগৰীয় উপকূল অঞ্চলেওদিও মাছমৰীয়া নাও ব্যৱহাৰ কৰি ড্ৰাগছ সৰবৰাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বুলি কোৱা হৈছে। কেৱল আইনী ব্যৱস্থাই নহয়, ড্ৰাগছৰ বিৰুদ্ধে যুঁজখনক এটা গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছ। দেশৰ ৫০ কোটিতকৈও অধিক নাগৰিকক সামৰি এক দেশজোৰা সজাগতা অভিযান চলোৱাৰ লক্ষ্য লোৱা হৈছে। সকলো উচ্চ শিক্ষানুষ্ঠান আৰু কলেজ চৌহদক “ড্ৰাগছ মুক্ত চৌহদ” হিচাপে গঢ়ি তোলা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে কাউন্সেলিং তথা প্ৰাৰম্ভিক স্কেনিং ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *