ভেনেজুৱেলাত ভাৰতীয় সেনাৰ মানৱীয় অভিযান! ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ ৭৯ বৰ্ষীয় বৃদ্ধাক

প্ৰচণ্ড ভূমিকম্পই বিধ্বস্ত কৰি যোৱা ভেনেজুৱেলাত বৰ্তমানো অব্যাহত আছে আতংক। এই পৰিস্থিতিত দেশখনৰ দুৰ্গতসকলৰ কাষত সহায়ৰ হাত হৈ থিয় দিছে ভাৰতীয় সেনাই। ‘অপাৰেচন আমিস্তাদ’ৰ অধীনত ভাৰতীয় সেনাই চলোৱা উদ্ধাৰ আৰু চিকিৎসা সাহায্যৰ মাজতে এইবাৰ নতুন জীৱন লাভ কৰিলে এগৰাকী ৭৯ বছৰীয়া বৃদ্ধাই। ভূমিকম্পৰ ফলত ভাগি পৰা ভৱনৰ ধ্বংসস্তূপৰ মাজত আৱদ্ধ বৃদ্ধাগৰাকীক সুকলমে উদ্ধাৰ কৰি সম্পূৰ্ণ চিকিৎসা আৰু মানৱীয় সাহায্য প্ৰদান কৰে ভাৰতীয় সেনাৰ চিকিৎসকৰ দলে।

ভাৰতীয় সেনাই জনোৱা অনুসৰি, বৃদ্ধাগৰাকী ভগ্নপ্ৰায় ভৱনৰ ধ্বংসস্তূপৰ তলত দীৰ্ঘ সময় আৱদ্ধ হৈ আছিল। তেওঁৰ এখন ভৰি ভাঙি যোৱাৰ উপৰি ‘পেৰিফেৰেল আৰ্টেৰিয়েল ডিজিজ’ত ভুগি থকাৰ ফলত সময়মতে চিকিৎসা নোপোৱাত ভৰিত গুৰুতৰ ঘাঁৰ সৃষ্টি হৈছিল আৰু তীব্ৰ বিষত কষ্ট পাই আছিল।

সেনাৰ চিকিৎসক দলটোৱে প্ৰথমে ভঙা ভৰিখন স্থিতিশীল কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ পিছতে উন্নত ক্ষত-চিকিৎসা আৰম্ভ কৰাৰ লগতে প্ৰতিদিনে নিয়মীয়াকৈ চিকিৎসা আৰু স্বাস্থ্য পৰ্যবেক্ষণৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ভাৰতীয় সেনাই কয় যে চিকিৎসাৰ লগতে মানসিক সাহস যোগাই তোলাতো সমানে গুৰুত্ব দিয়া হৈছে।

ইফালে, ভেনেজুৱেলাত চলি থকা ভাৰতৰ উদ্ধাৰ আৰু চিকিৎসা অভিযানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে বহু স্থানীয় লোকে। ভাৰতীয় সেনাৰ ফিল্ড হাস্পতালত চিকিৎসা লাভ কৰা একাধিক লোকে ভাৰত চৰকাৰ আৰু চিকিৎসক দলক ধন্যবাদ জনোৱাৰ ভিডিঅ’ প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

আনহাতে, ‘নাছা’ৰ মূল্যায়ন অনুসৰি, ২৪ জুনত সংঘটিত দুটাকৈ শক্তিশালী ভূমিকম্পত ভেনেজুৱেলাত প্ৰায় ৫৮,৮৭০টা ভৱন ক্ষতিগ্ৰস্ত অথবা সম্পূৰ্ণ ধ্বংস হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় সংসদৰ অধ্যক্ষ জৰ্জ ৰড্ৰিগেজে জানিবলৈ দিয়া মতে, এতিয়ালৈ মৃতকৰ সংখ্যা ১,৭১৯ জনলৈ বৃদ্ধি পাইছে। ৫,০৩৪ জন আহত হোৱাৰ লগতে মুঠ ২২,৬১৯ জন লোক এই দুৰ্যোগত ক্ষতিগ্ৰস্ত হৈছে।

তদুপৰি, এতিয়ালৈকে ৬০৯টা আফটাৰশ্বক নথিভুক্ত হৈছে। ‘ইউ এছ জিঅ’লজিকেল ছাৰ্ভে’ৰ আশংকা অনুসৰি, শেষত মৃতকৰ সংখ্যা ১০ হাজাৰৰ সীমাও অতিক্ৰম কৰাৰ সম্ভাৱনা ৪৪ শতাংশ।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *