ৰাইজৰ দলৰ প্ৰাক্তন উপ-সভাপতি হৰিপ্ৰসাদ শইকীয়াৰ দলত্যাগ

অসমৰ ৰাজনীতিত নতুন জল্পনাৰ সূচনা কৰি ৰাইজৰ দলৰ উপ-সভাপতি হৰিপ্ৰসাদ শইকীয়াই এইবাৰ দলটোৰ প্ৰাথমিক সদস্যপদসহ সকলো সাংগঠনিক দায়িত্বৰ পৰা পদত্যাগ কৰে। ভৱিষ্যতৰ ৰাজহুৱা আৰু ৰাজনৈতিক ভূমিকা নতুনকৈ মূল্যায়ন কৰাৰ সিদ্ধান্তৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

মঙলবাৰে দলৰ সভাপতিৰ উদ্দেশ্যে প্ৰেৰণ কৰা পদত্যাগপত্ৰত হৰিপ্ৰসাদ শইকীয়াই উল্লেখ কৰা অনুসৰি, গভীৰ চিন্তা-ভাৱনা আৰু আত্মসমীক্ষাৰ অন্তত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৎক্ষণিকভাৱে দলটোৰ সকলো সাংগঠনিক দায়িত্ব আৰু প্ৰাথমিক সদস্যপদৰ পৰা অব্যাহতি বিচাৰি তেওঁ পদত্যাগপত্ৰ দাখিল কৰে।

ইফালে, পদত্যাগপত্ৰ গ্ৰহণ কৰি তেওঁক সকলো দায়িত্বৰ পৰা অব্যাহতি দিবলৈও দলীয় নেতৃত্বক অনুৰোধ জনায় শইকীয়াই।

তদুপৰি, ৰাইজৰ দলত দায়িত্ব পালন কৰাৰ সুযোগ দিয়াৰ বাবে দলীয় নেতৃত্ব, সহকৰ্মী আৰু কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে তেওঁ। দায়িত্ব পালন কৰা সময়ছোৱাত লাভ কৰা সহযোগিতাৰ বাবেও সকলোকে ধন্যবাদ জনায়।

অন্যহাতে, দল এৰিলেও অসমৰ জনসাধাৰণৰ সেৱাৰ প্ৰতি নিজৰ দায়বদ্ধতা অটুট থাকিব বুলি স্পষ্ট কৰে শইকীয়াই। ভৱিষ্যতেও যি কোনো সুযোগ লাভ কৰিলে জনজীৱন আৰু সমাজৰ কল্যাণত ইতিবাচকভাৱে অৱদান আগবঢ়াই যাবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলি পদত্যাগপত্ৰত উল্লেখ কৰে।

অৱশ্যে, এই পদত্যাগৰ আঁৰৰ নিৰ্দিষ্ট কাৰণ বা আগন্তুক ৰাজনৈতিক পৰিকল্পনা সম্পৰ্কে তেওঁ কোনো মন্তব্য কৰা নাই। কেৱল ভৱিষ্যতৰ ৰাজহুৱা আৰু ৰাজনৈতিক ভূমিকা নতুনকৈ বিবেচনা কৰাৰ প্ৰয়োজনীয়তাৰ কথাহে পদত্যাগপত্ৰত উল্লেখ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *