জীৱন বীমা সংস্থাসমূহৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ আহ্বান; উদ্যোগটোৰ মুঠ পৰিশোধৰ পৰিমাণ ৬.৩ লাখ কোটি টকা অতিক্ৰম

জীৱন বীমা উদ্যোগটোৱে জীৱন বীমা সামগ্ৰীসমূহৰ এক সুষম মূল্যায়নৰ আহ্বান জনাইছে। প্ৰতিষ্ঠানসমূহে জোৰ দি কৈছে যে ইয়াৰ দীৰ্ঘম্যাদী উপকাৰিতাসমূহ ভুলকৈ পলিচী বিক্ৰী কৰাৰ দৰে বিচ্ছিন্ন সমস্যাবোৰতকৈ বহু বেছি গুৰুত্বপূৰ্ণ। ইঞ্চুৰেন্স এৱাৰনেছ কমিটি-লাইফ ইঞ্চুৰেন্স-এ কয় যে জীৱন বীমাক কেৱল হ্ৰস্বম্যাদী ৰিটাৰ্ণ বা তাৎক্ষণিক ফলাফলৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰাৰ পৰিৱৰ্তে ইয়াক মূলতঃ দীৰ্ঘম্যাদী বিত্তীয় সুৰক্ষাৰ আহিলা হিচাপে গণ্য কৰা উচিত। কমিটিখনৰ মতে, জীৱন বীমাই বিত্তীয় সুৰক্ষা, পাৰিবাৰিক সুৰক্ষা আৰু শৃংখলাবদ্ধ সঞ্চয় প্ৰদান কৰে— যিবোৰ উপকাৰিতা পলিচীৰ সম্পূৰ্ণ সময়সীমা অতিক্ৰম কৰাৰ পিছতহে অধিক স্পষ্ট হৈ পৰে।

আইএচি-লাইফৰ অধ্যক্ষ কমলেশ ৰাৱে এই বিষয়ে কয় যে, “জীৱন বীমাক বিত্তীয় সুৰক্ষা, পৰিয়ালৰ বাবে সুৰক্ষা আৰু শৃংখলাবদ্ধ সঞ্চয়ৰ জৰিয়তে দীৰ্ঘদিন ধৰি গ্ৰাহকক গুণগত মান প্ৰদান কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।” ভুলকৈ পলিচী বিক্ৰী হোৱাৰ উদ্বেগ বা অভিযোগ থকাটো আৰু ইয়াক সমাধান কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি ৰাৱে কয় যে এনে ধৰণৰ ঘটনা সমগ্ৰ উদ্যোগটোৰ তুলনাত অতি নগণ্য, যিয়ে কোটি কোটি পলিচীধাৰকক সেৱা আগবঢ়াই আহিছে। কমিটিখনে উল্লেখ কৰে যে জীৱন বীমা হৈছে একমাত্ৰ বিত্তীয় আহিলা যিয়ে এক ফ্ৰী-লুক পিৰিয়ড প্ৰদান কৰে। ইয়াৰ দ্বাৰা গ্ৰাহকসকলে যদি কোনো পলিচী নিজৰ আশা অনুসৰি হোৱা নাই বুলি ভাবে, তেন্তে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তাক পৰ্যালোচনা কৰি ঘূৰাই দিব পাৰে। ইয়াৰ লগতে উল্লেখ কৰে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত এই উদ্যোগটোৱে ক্লেইম হিচাপে ৬.৩ লাখ কোটি টকাতকৈও অধিক ধন পৰিশোধ কৰিছে, যাৰ ভিতৰত মৃত্যুৰ ক্ষতিপূৰণ, মেচিউৰিটি, বাৰ্ষিক বৃত্তি-সুবিধা আৰু ধন উলিওৱাৰ ব্যৱস্থা অন্তৰ্ভুক্ত আছিল।

বিত্তীয় সজাগতা বৃদ্ধি আৰু মধ্যবিত্ত শ্ৰেণীৰ উপাৰ্জন বৃদ্ধিৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জীৱন বীমা সামগ্ৰী-বিকল্পৰ প্ৰতি আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বীমা সংস্থাসমূহে ভাৰতৰ সুৰক্ষাৰ ব্যৱধান দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলটোত বিশেষকৈ যুৱ গ্ৰাহকসকলৰ মাজত বিকাশৰ এক বৃহৎ সম্ভাৱনা আছে। ২০১৯ চনত লাইফ ইঞ্চুৰেন্স কাউন্সিলৰ অধীনত গঠন হোৱা আইএচি-লাইফ-এ কয় যে ভাৰতত এতিয়াও এক বৃহৎ জীৱন বীমা সুৰক্ষাৰ ব্যৱধান বৰ্তি আছে, যাৰ ফলত দেশৰ ৮৭% জনসংখ্যা প্ৰভাৱিত হৈছে আৰু ১৮ৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ ভিতৰত এই ব্যৱধান ৯০%তকৈও অধিক। কমিটিখনে বীমা কোম্পানী, মধ্যভোগী আৰু গ্ৰাহকসকলক জীৱন বীমাৰ দীৰ্ঘম্যাদী প্ৰকৃতিৰ সৈতে নিজৰ প্ৰত্যাশা সংগতিপূৰ্ণ কৰিবলৈ আৰু বিত্তীয় পৰিকল্পনাত ইয়াৰ বিস্তৃত ভূমিকা উপলব্ধি কৰিবলৈ আহ্বান জনায়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *