গীত – নৃত্যৰ মাজেৰে শিল্পগ্ৰামত জীৱনজ্যোতিৰ তৃতীয় বর্ষপূর্তি অনুষ্ঠান সম্পন্ন

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ ন্যাস বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনে যোৱা দুটা দশকত কেবা হাজাৰো ৰোগীক অগ্নিদগ্ধ হোৱাৰ পাছত চিকিৎসা প্ৰদানেৰে সম্পূৰ্ণ আৰোগ্য লাভ কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায় তেওঁলোকক স্বাভাৱিক জীৱন যাপন দিবলৈ সক্ষম হৈছে । তেনেকৈ আৰোগ্য লাভ কৰা লোকসকলৰ মাজত মিলা-মিচা আৰু পাৰস্পৰিক ভাবৰ আদান প্রদানৰ সুবিধাৰ বাবে  বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনে ২০২৩ চনৰ ৭ মে’ত গঠন কৰিছিল ‘জীৱনজ্যোতি” নামৰ এটা সংগঠন । আনহাতে জীৱনজ্যোতিৰ  তৃতীয় বর্ষপূর্তি অনুষ্ঠানটো ২৮ জুনত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত  শিল্পগ্রাম চৌহদৰ  প্রেক্ষাগৃহত অনুষ্ঠিত হয়।  বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানটো  বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানত বাৰ্ণ আৰু প্লাষ্টিক চাৰ্জাৰী বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ ভূপেন্দ্ৰ প্রসাদ শর্মাই শ্রব্য-দৃশ্য মাধ্যমেৰে অগ্নিদগ্ধ ৰোগীৰ চিকিৎসাৰ লগতে পুনৰ সংস্থাপন বিষয়ত আলোকপাত কৰে।  অনুষ্ঠানত উপস্থিত থকা ৫০ জনৰো অধিক অগ্নিদগ্ধ হৈ আৰোগ্য লাভ কৰা কেবাজনো লোকে চিকিৎসা চলি থকা সময়ত লাভ কৰা অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰে। ইয়াৰ উপৰিও বৰ্ষপূৰ্তি অনুষ্ঠানত লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত আৰোগ্য লাভ কৰা কেবাজনো লোকৰ লগতে  নেমকেয়াৰ বাৰ্ণ ইউনিটৰ কেবাজনো  চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকর্মীয়ে নৃত্য , গীত পৰিৱেশন কৰে।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভাগ লৈ অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্টা অভিনেত্রী  মলয়া গোস্বামীয়ে  চমু ভাষণত অগ্নিদগ্ধ হোৱা ৰোগী সকলৰ স্বাভাবিক জীৱন যাপন  আৰু সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা  বিষয়টোত  সন্তোষ প্রকাশ কৰে। অনুষ্ঠানত  মুখ্য অতিথি হিচাপে ভাগ লৈ থকা শ্রীমন্ত শঙ্কৰদেৱ স্বাস্থ্য-বিজ্ঞান বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ডাঃ ৰকেট চন্দ্ৰ ব্ৰহ্মই ভাষণ প্ৰসংগত বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ কাম -কাজৰ শলাগ লয়। আনহাতে  অনুষ্ঠানত অগ্নিদগ্ধ ৰোগীৰ বিভিন্ন সমস্যাৰ ওপৰত বিশিষ্ট চিকিৎসক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি ”অগ্নিস্নাতা” প্ৰদৰ্শন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় ডাঃ কবিতা চাংমা চৌধুৰীয়ে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *