ৰামলালাৰ আশীৰ্বাদ ল’বলৈ কংগ্ৰেছৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল অযোধ্যালৈ যোৱাৰ কথা আছিল। কিন্তু সেই কাৰ্যসূচীৰ পূৰ্বেই উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ক গৃহবন্দী কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। দলটোৰ দাবী অনুসৰি, অজয় ৰায়ৰ লগতে অযোধ্যা ভ্ৰমণসূচীত থকা চাৰি জন লোকসভা সাংসদকো বিভিন্ন স্থানত গৃহবন্দী কৰি ৰখা হৈছে।
অজয় ৰায়ে জানিবলৈ দিয়া মতে, তেওঁক অযোধ্যাৰ আচার্য নৰেন্দ্ৰ দেৱ বিশ্ববিদ্যালয়ৰ অতিথিশালাত গৃহবন্দী কৰি ৰখা হৈছে। তেওঁৰ অভিযোগ, ৰাম মন্দিৰৰ দুৰ্নীতিৰ অভিযোগত প্ৰকৃত অভিযুক্তসকলক গ্ৰেপ্তাৰ নকৰাৰ ব্যৰ্থতা ঢাকিবলৈ প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।
ৰায়ে কয় যে, চম্পত ৰায়, অনিল মিশ্ৰ আৰু আন অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত তেওঁলোক অটল। প্ৰশাসনৰ বাধাৰ মাজতো ৰামলালাৰ আশীৰ্বাদ গ্ৰহণৰ চেষ্টা অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰে।
কংগ্ৰেছৰ পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি, অজয় ৰায়ৰ নেতৃত্বত লোকসভাৰ সাংসদ কিশোৰী লাল শৰ্মা, ৰাকেশ ৰাথোৰ, উজ্জ্বল ৰমন সিং আৰু তনুজ পুনিয়াই অযোধ্যা ভ্ৰমণ কৰাৰ কথা আছিল। তেওঁলোকৰ সৈতে দলটোৰ কেইবাজনো প্ৰাক্তন সাংসদ, বিধায়ক আৰু এমএলচিও উপস্থিত থকাৰ কথা আছিল।
ইফালে, অজয় ৰায়ৰ পত্নী ৰীণা ৰায়ে এক ভিডিঅ’ বাৰ্তাত অভিযোগ কৰে যে, আৰক্ষীয়ে তেওঁৰ স্বামীক লৈ যোৱাৰ পিছত দলীয় কৰ্মীসকলক বিভ্ৰান্তিকৰ তথ্য দিয়া হৈছে। অজয় ৰায়ৰ কোনো ক্ষতি হ’লে তাৰ সম্পূৰ্ণ দায়িত্ব উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে বহন কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।
আনহাতে, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী দয়াশংকৰ সিঙে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে, যিসকলে ভগৱান ৰামৰ অস্তিত্বকেই মানি নলয়, যিসকলে কেতিয়াও ৰাম মন্দিৰলৈ যোৱা নাই আৰু নিৰ্মাণতো কোনো অৱদান আগবঢ়োৱা নাই, সেইসকলেই এতিয়া মন্দিৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
