ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি থকা অভিযানৰ মাজতে এইবাৰ পোহৰলৈ আহিল এক অপ্ৰত্যাশিত ঘটনা। ভুৱা চিকিৎসকৰূপে পৰিচয় দি চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ ন্যায়িক জিম্মাত থকা এজন অভিযুক্তৰ কোকৰাঝাৰ জে’লত অসুস্থ হৈ মৃত্যু ঘটে। মঙলবাৰে পুৱাই সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে অভিযুক্তজনে।
মৃত ব্যক্তি জনৰ পৰিচয় ৰবীন্দ্ৰ চন্দ্ৰ নাগ বুলি জানিব পৰা গৈছে। অসম চিকিৎসক পঞ্জীয়ন পৰিষদে দাখিল কৰা এজাহাৰৰ ভিত্তিত কাজলগাঁও আৰক্ষীয়ে ২৫ জুনত ধলিগাঁৱৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিছিল। একে দিনাই আদালতত হাজিৰ কৰোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় আৰু কোকৰাঝাৰ জে’লত ৰখা হয়।
কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, মঙলবাৰে পুৱতি নিশা নাগৰ হঠাতে হৃদযন্ত্ৰজনিত জটিলতা দেখা দিয়ে। তাৰ পিছতে ততাতৈয়াকৈ তেওঁক কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়।
চিকিৎসকৰ সকলো প্ৰচেষ্টাৰ পাছতো পুৱা প্ৰায় ৭.৩০ বজাত তেওঁৰ মৃত্যু হয়।
ইফালে, এই মৃত্যুক কেন্দ্ৰ কৰি প্ৰযোজ্য আইনী আৰু প্ৰশাসনিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।
