Dipshikha

3401 Posts
আইপিএলৰ জুৱাৰীক আটক

আইপিএলৰ জুৱাৰীক আটক

আইপিএলৰ সময়ত গুৱাহাটীত একাংশ চক্ৰই অতি গোপনে জুৱা অনুষ্ঠিত কৰি আহিছিল ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে এই কথা ৷আইপিএলৰ সময়ত দেশৰ আন প্ৰান্তৰ লগতে গুৱাহাটীটো একাংশ চক্ৰই অতি গোপনে জুৱা অনুষ্ঠিত কৰি আহিছিল ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে এই কথা ৷ আইপিএলৰ ফাইনেলৰ দিনা এনে জুৱাৰ আয়োজন কৰা এটা চক্ৰক দেওবাৰে উৎখাত কৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৷ এই অভিযানৰ সময়ত আৰক্ষীয়ে কেবাটাও বৈদ্যুতিক যন্ত্ৰ আৰু অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷
Read More
মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত

মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত

ৰাজ্য কঁপাই যোৱা আছু নেতা মাধুৰ্য্য বৰ্মনৰ হত্যাকাণ্ডৰ পাছতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নলবাৰীৰ মুছলমান সমাজে ৷ দেওবাৰে সন্ধিয়া মাধুৰ্য্য বৰ্মনক হত্যা কৰাৰ লগতে এগৰাকী কিশোৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰা ৰ'জ আলী ওৰফে আছিফ খানক সোমবাৰে আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ৷ কিন্তু আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰা বাবে আৰক্ষীয়ে গুলীচালনা কৰিব লগীয়া হৈছিল আৰু আৰক্ষীৰ গুলীত নিহত হৈছিল মাধুৰ্য্য হত্যাকাৰী ৰ'জ আলী ওৰফে আছিফ খান ৷ইয়াৰ পাছতে নলবাৰীৰ দেহৰকালাকুছিৰ লগতে ছয়খন গাঁৱৰ ৰাইজে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কালাকুছি আশ্ৰাফুল উলুম মাদ্ৰাছা, ছয়খন গাঁৱৰ মছজিদ সমিতিয়ে আৰক্ষীৰ গুলীত নিহত হত্যাকাৰী ৰ'জ আলীৰ জানাজাত অংশগ্ৰহণ নকৰে ৷ লগতে…
Read More
নতুনকৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ

নতুনকৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ

নতুনকৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ । মমতা বেনাৰ্জীয়ে চৰকাৰক দিলে আন এক প্ৰত্যাহ্বান ।কিয়নো শেহতীয়াকৈ সোণাৰপুৰ অঞ্চলত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী ৰাইজৰ ৰোষত পৰে । নিৰ্বাচনী হিংসাৰ বলি হোৱা তৃণমূল কৰ্মীৰ ঘৰলৈ যোৱাৰ সময়তে সাংসদগৰাকীক একাংশ লোকে আক্ৰমণ কৰে । ইফালে টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীকো হুগলী জিলাৰ চণ্ডীপুৰ অঞ্চলত বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । য'ত সাংসদগৰাকী আহত হয় ।এই ঘটনাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী ক্ষুব্ধ হৈ পৰিছে । দলৰ নেতা-কৰ্মীৰ ওপৰত চলোৱা কথিত আক্ৰমণৰ বিৰুদ্ধে টিএমচিয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে । সোমবাৰে মমতা বেনাৰ্জীয়ে…
Read More
পুনৰ বৃদ্ধি চিলিণ্ডাৰৰ মূল্য

পুনৰ বৃদ্ধি চিলিণ্ডাৰৰ মূল্য

Tp পুনৰ জনতাক মাধমাৰ সোধাই বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। আৰু অধিক মহঙা হ'ব হোটেল-ৰেষ্টোৰাৰ খাদ্য।পুনৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।১৯ কেজিৰ LPG চিলিণ্ডাৰৰ দাম ৫৪ টকালৈ বৃদ্ধি।দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৪২ টকাকৈ বৃদ্ধি।
Read More
এক ভয়ংকৰ প্ৰতিবাদ

এক ভয়ংকৰ প্ৰতিবাদ

কো-অপাৰেটিভ ছচাইটিত কষ্টোপাৰ্জিত ধন জমা ৰাখি এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে শ শ গ্ৰাহকে । উপায়ন্তৰ একাংশ গ্ৰাহকে নিজৰ প্ৰাপ্য টকা বিচাৰি কো-অপাৰেটিভ ছচাইটিৰ সভাপতি-সম্পাদকৰ বাসগৃহত দলবদ্ধ আক্ৰমণ কৰি সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত সাধাৰণ গ্ৰাহকৰ ধন হৰলুকি কৰাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ভাৰত-ভূটান সীমান্তৰ ৰুনীখাতা থানাৰ অন্তৰ্গত থাইকাঝৰা গাঁৱৰ থাইকাঝৰা কো-অপাৰেটিভ ছচাইটি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ।পৰৱৰ্তী সময়ত ছচাইটিৰ অন্যান্য কৰ্মচাৰীৰ পৰা পোহৰলৈ আহে এক বিস্ফোৰক তথ্য।অভিযোগ অনুসৰি, এজেণ্ট গৌতমী বসুমতাৰীয়ে গ্ৰাহকসকলৰ পৰা ধন সংগ্ৰহ কৰিছিল ঠিকেই, কিন্তু সেই সংগ্ৰহ কৰা ধনৰ মাত্ৰ আধা অংশহে ছচাইটিৰ কাৰ্যালয়ত জমা কৰিছিল। বাকী…
Read More
নলবাৰী কাণ্ডৰ ভয়ংকৰ আপডেট

নলবাৰী কাণ্ডৰ ভয়ংকৰ আপডেট

নলবাৰী চহৰত কিতাপ কিনি ঘৰলৈ উভতি আহিছিল ককায়েক আৰু ভনীয়েক ৷ ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুয়োকে ৷নলবাৰীৰ গংগাপুৰ অঞ্চলত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱক আৰু এগৰাকী প্ৰায় ১৭ বছৰীয়া কিশোৰীক ৷ দুয়োৰে দেহত স্পষ্টকৈ দেখা গৈছে কেবাটাও আঘাতৰ চিন ৷ কোনো দুৰ্বৃত্তই দুয়োকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় লোকে ৷জানিব পৰা মতে যুৱকজনৰৰ নাম মাধুৰ্য বৰ্মন ৷দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আঘাতত থিতাতে নিহত হয় মাধুৰ্য বৰ্মন নামৰ যুৱকজন ৷ ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত কিশোৰীগৰাকী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷দেওবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত এই…
Read More
আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ

আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ

ৰাজ্যজুৰি সোমবাৰে পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ ৰাজ্যৰ সত্ৰ, নামঘৰসমূহৰ লগতে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷
Read More
এক ভয়ংকৰ ঘটনা

এক ভয়ংকৰ ঘটনা

শুকুৰবাৰে পুৱতি নিশা ভাঙি পৰিল এখন নিৰ্মীয়মান দলং ৷ এই দুৰ্ঘটনাৰ ফলত ৬ জন শ্ৰমিক থিতাতে নিহত হয় ৷ ইয়াৰ বিপৰীতে আন কেইবাজনো শ্ৰমিক নিৰ্মীয়মান দলংখনৰ ভংগুৰৰ মাজত আবদ্ধ হৈ পৰে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয় আৰু খবৰ দিয়ে স্থানীয় আৰক্ষী আৰু এছডিআৰএফৰ দলক ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে উক্ত স্থানত স্থানীয় আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ।নিৰ্মীয়মান দলঙৰ তলত ৰৈ আছিল কাল ! দলঙৰ তলত শুই থাকোতেই যমে নিলে কেবাজনো শ্ৰমিকৰ প্ৰাণ ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিহত-আহত শ্ৰমিক তথা আত্মীয়লৈ সাহাৰ্য প্ৰদানৰ ঘোষণা কৰিছে ৷উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে…
Read More
ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে

ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে

ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইছৰোৰ এনআৰএছচিৰ সঞ্চালক ড৹ প্ৰকাশ চৌহানে বৃহস্পতিবাৰে ভূপালত এই কথা সদৰী কৰে ৷ তেওঁ কয়, ‘‘ইছৰোৱে চন্দ্ৰযান ৪ ৰ বাবে ২০২৮ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ আমাৰ বিজ্ঞানীসকলে এই লক্ষ্য মনত ৰাখিয়েই কাম কৰি আছে ।’’ইছৰোৱে চন্দ্ৰৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ অবিৰতভাৱে কাম কৰি আছে । চন্দ্ৰযান ২-য়ে এতিয়াও ইতিবাচক ফলাফল দিছে । চন্দ্ৰযান ২ ৰ অৰ্বিটাৰে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত থকা চাৰিটা স্থায়ী ক’লা গহ্বৰৰ তলত পোত খাই থকা বৰফৰ কথা আৱিষ্কাৰ কৰিছে । ইয়াৰ দ্বাৰা চন্দ্ৰত পানীৰ উপস্থিতিৰ প্ৰবল ইংগিত পোৱা যায় । ইছৰ’ই এতিয়া…
Read More
ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আমেৰিকাৰ

ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আমেৰিকাৰ

ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আমেৰিকাৰ ৷ হৰমুজ জলদ্বীপৰ সমীপত ইৰাণৰ একাংশ জাহাজ আৰু দেশখনৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ স্থানক লক্ষ্য কৰি আক্ৰমণ কৰে আমেৰিকাই ৷ আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (CENTCOM)ৰ উদ্ধৃতি দি চিএনএনে প্ৰকাশ কৰা অনুসৰি, আত্মৰক্ষাৰ বাবে এই আক্ৰমণ সংঘটিত কৰিছে মাৰ্কিন সেনাই ৷
Read More