ৰাজ্য কঁপাই যোৱা আছু নেতা মাধুৰ্য্য বৰ্মনৰ হত্যাকাণ্ডৰ পাছতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নলবাৰীৰ মুছলমান সমাজে ৷ দেওবাৰে সন্ধিয়া মাধুৰ্য্য বৰ্মনক হত্যা কৰাৰ লগতে এগৰাকী কিশোৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰা ৰ’জ আলী ওৰফে আছিফ খানক সোমবাৰে আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ৷
কিন্তু আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰা বাবে আৰক্ষীয়ে গুলীচালনা কৰিব লগীয়া হৈছিল আৰু আৰক্ষীৰ গুলীত নিহত হৈছিল মাধুৰ্য্য হত্যাকাৰী ৰ’জ আলী ওৰফে আছিফ খান ৷ইয়াৰ পাছতে নলবাৰীৰ দেহৰকালাকুছিৰ লগতে ছয়খন গাঁৱৰ ৰাইজে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কালাকুছি আশ্ৰাফুল উলুম মাদ্ৰাছা, ছয়খন গাঁৱৰ মছজিদ সমিতিয়ে আৰক্ষীৰ গুলীত নিহত হত্যাকাৰী ৰ’জ আলীৰ জানাজাত অংশগ্ৰহণ নকৰে ৷ লগতে ৰাজহুৱা কবৰস্থানত হত্যাকাৰী ৰ’জ আলীৰ জানাজা কৰিবলৈ নিদিয়াৰ সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে ছয়খন গাঁৱৰ ৰাইজে ৷
