29
May
ডিজিটেল ডেস্ক: নেমু কেৱল ৰন্ধনত সোৱাদ বৃদ্ধি কৰা ফল নহয়, ই পুষ্টিগুণেৰে ভৰপূৰ এক স্বাস্থ্যকৰ খাদ্য। বিশেষজ্ঞসকলৰ মতে নেমুত থকা ভিটামিন C, আঁহ, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্টে শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে। নেমুৰ প্ৰধান উপকাৰিতাসমূহ--- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে---নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে, যিয়ে শৰীৰৰ ইমিউন চিষ্টেম শক্তিশালী কৰি ঠাণ্ডা-জ্বৰ আদি ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। হৃদযন্ত্ৰ সুস্থ ৰাখে--গৱেষণাই দেখুৱাইছে যে ভিটামিন C সমৃদ্ধ ফল-মূল খোৱাসকলে হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। নেমুত থকা বিভিন্ন উদ্ভিদ-যৌগেও হৃদযন্ত্ৰৰ স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। কিডনিৰ পাথৰ গঠন ৰোধত সহায়ক---নেমুৰ চিট্ৰিক এচিডে প্ৰস্ৰাৱত চাইট্ৰেটৰ পৰিমাণ বৃদ্ধি কৰি কিডনি ষ্টোন গঠনৰ…
