পুনৰ জনতাক মাধমাৰ

দেশৰ কোটি কোটি জনতাৰ মূৰত মাধমাৰ সোধাই সোমবাৰে পুনৰ বৃদ্ধি কৰা হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ প্ৰতি লিটাৰ পেট্ৰ’লত ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২.৭১ টকাকৈ মূল্যবৃদ্ধি ঘটোৱা হৈছে ৷ দুসপ্তাহ নৌহওঁতেই চতুৰ্থবাৰৰ বাবে বৃদ্ধি পাইছে পেট্ৰ’পণ্যৰ মূল্য ।

যোৱা ১৫ মে’ৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ উক্ত তাৰিখৰ পৰা বৰ্তমানলৈকে ঘটা মূল্যবৃদ্ধিৰ হিচাপ চালে দেখা যায় যে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত প্ৰায় ৭.৫ টকা বৃদ্ধি কৰা হ’ল ৷ এই মূল্যবৃদ্ধিয়ে সমগ্ৰ অৰ্থনীতিতে মুদ্ৰাস্ফীতিৰ চাপ আৰু পৰিবহণ ব্যয় বৃদ্ধিৰ বাবে উদ্বেগ জগাই তুলিছে । শেহতীয়া মূল্য সংশোধনৰ ফলত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.৬১ টকা আৰু ডিজেলৰ মূল্য ২.৭১ টকা বৃদ্ধি পোৱা বুলি উদ্যোগৰ সূত্ৰই প্ৰকাশ কৰিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *