প্লে অফত প্ৰৱেশ কৰা চতুৰ্থ দল ৰাজস্থান ৰয়েলছ

৭০খন লীগ মেচৰ অন্তত চাৰিটা দলে আই পি এল ২০২৬ প্লে অফৰ বাবে চূড়ান্ত হৈছে৷ দেওবাৰে মুম্বাই ইণ্ডিয়ানছ (এম আই)ক পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয় ৰাজস্থান ৰয়েলছ (আৰ আৰ)। মঙলবাৰৰ পৰা (২৬ মে’) আৰম্ভ হ’ব আই পি এল ২০২৬ প্লে অফৰ উত্তেজনা। পইণ্ট তালিকাৰ শীৰ্ষত থকা ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (আৰ চি বি)ৰ মুখামুখি হ’ব প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে। মঙলবাৰে ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছচিয়েচন ষ্টেডিয়ামত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন। প্ৰথম কোৱালিফায়াৰত জয়ী হোৱা দলটোৱে পোনপটীয়াকৈ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব।

তাৰ পাছত বুধবাৰে (২৭ মে’) এলিমিনেটৰত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে খেলিব। নিউ চণ্ডীগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰত আয়োজন কৰিব এলিমিনেটৰ মেচখন। ২৯ মে’ত অনুষ্ঠিত হ’ব দ্বিতীয়খন কোৱালিফায়াৰ।প্ৰথম কোৱালিফায়াৰত পৰাজিত দল আৰু এলিমিনেটৰত বিজয়ী দলটোৱে দ্বিতীয় কোৱালিফায়াৰত মুখামুখি হ’ব। দ্বিতীয়খন কোৱালিফায়াৰত নিউ চণ্ডীগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামতো আয়োজন কৰিব। পইণ্ট তালিকাত আৰচিবিয়ে প্ৰথম আৰু জিটিয়ে দ্বিতীয় স্থান দখল কৰি প্ৰথমটো পৰাজয়ৰ পিছত দ্বিতীয় কোৱালিফায়াৰত আন এক সুযোগ লাভ কৰে। অহা ৩১ মে’ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ খিতাপৰ মেচ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল। উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ সুন্দৰ প্ৰদৰ্শন ভিত্তিত জয় লাভ কৰে।

প্ৰথমে বেটিং কৰি আৰ আৰ ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ধ্ৰুৱ জুৰেলে ২৬টা বলত ৩৮ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলাৰ বিপৰীতে জোফ্ৰা আৰ্চাৰে ১৫টা বলত ৩২ ৰান সংগ্ৰহ কৰে। যশস্বী জয়ছৱালে ২৭ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এম আইয়ে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৭৫ ৰানহে অৰ্জন কৰিবলৈ সক্ষম হয়। এম আইৰ হৈ সূৰ্যকুমাৰ যাদৱে ৪২টা বলত ৬০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই ১৫টা বলত ৩৪ ৰান সংগ্ৰহ কৰে। আৰ আৰৰ হৈ জোফ্ৰা আৰ্চাৰে মাত্ৰ ১৭ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে নন্দ্ৰে বাৰ্গাৰ আৰু বৃজেশ শৰ্মাই দুটাকৈ উইকেট দখল কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *