Dipshikha

3401 Posts
পুনৰ ঋণ লব চৰকাৰে!

পুনৰ ঋণ লব চৰকাৰে!

দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইবাৰো ঋণ লোৱাৰ ক্ষেত্রত অলপো থমকি ৰোৱা নাই । নতুনকৈ ক্ষমতালৈ অহা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ২৬ মে'ত পুনৰ ঋণ ল'বলৈ সাজু হৈছে । এইবাৰ চৰকাৰখনে ৭৫০ কোটি টকাৰ ঋণ ল'ব । চৰকাৰী বণ্ড বন্ধকত থৈ ল’ব লগা এই ঋণৰ বাবদ চৰকাৰে বছৰি শতকৰা ৭.৬২ শতাংশ হাৰত সুত আদায় দিব লাগিব । লক্ষণীয় বিষয় যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কেৱল চলিত বৰ্ষতে বৰ্তমানলৈকে ১১,৮০০ কোটি টকাৰ ঋণ লৈছে । আনকি যোৱা ১২ মে'ত নৱনিৰ্বাচিত চৰকাৰখনে শপত গ্ৰহণ কৰাৰ দিনাখনেই এহাজাৰ কোটি টকাৰ ঋণ লৈছিল । ইয়াৰ পিছত ২৬ মে'ত…
Read More
উত্তাল সদন

উত্তাল সদন

আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিন। সদনত মূল্যবৃদ্ধিক লৈ বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত তীব্ৰ বাকযুদ্ধ পৰিলক্ষিত হয়।মন্ত্ৰী হাজৰিকাই দেশত কিয় মূল্যবৃদ্ধি হৈছে সেই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ সময়তে উত্তপ্ত হৈ পৰে সদন। সদনৰ মজিয়াত মন্ত্ৰী পীযুষ হাজৰিকাই কয়- ‘অধ্যক্ষ ডাঙৰীয়া মূল্যবৃদ্ধিৰ কাৰণ হ’ল ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বাবে তেলৰ দাম বাঢ়িছে তাৰ বাবে হৈছে।’ সেই সময়তে অখিল গগৈয়ে প্ৰশ্ন কৰে যে- ‘লগতে ছিণ্ডিকেট হৈছে নে নাই?’সেই সময়তে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অখিল গগৈক বাধা দি কয় যে- ‘এগৰাকী বিধায়কে কথা কৈ থকা সময়ত আপুনি মাজতে একো নক’ব। আপোনাক ক’বলৈ সময় দিয়াৰ সময়ত আপুনি ক’ব পাৰিব।’
Read More
পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ

পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ

পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ।নিশাৰ ভিতৰতে ক্ষেপণাস্ত্ৰ, ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ।অত্যাধুনিক ওৰেছনিক মিছাইলেৰে আক্ৰমণ ইউক্ৰেইনত ।ৰাছিয়াৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু, আহত শতাধিক ।কিয়েভ' আৰু কাষৰীয়া এলেকাত এই আক্ৰমণ চলাই ৰাছিয়াই।
Read More
স্বামীয়ে প্ৰাণ ললে পত্নীৰ

স্বামীয়ে প্ৰাণ ললে পত্নীৰ

নগাঁও জিলাৰ কঠিয়াতলীৰ ১১ মাইলত এক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। মাত্ৰ ৫০০ টকাৰ বাবেই ৯ মহীয়া অন্তঃসত্ত্বা পত্নীক নিষ্ঠুৰতাৰে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পাষণ্ড স্বামীৰ বিৰুদ্ধে। মৃত মহিলাগৰাকী ডবকাৰ আকাশীগংগা অঞ্চলৰ ইয়াছমিন বেগম বুলি জানিব কৰা হৈছে। এই ঘটনাৰ পাছৰে পৰা অভিযুক্ত স্বামী আজিম উদ্দিন পলাতক হৈ আছে।
Read More
পাকিস্তানত অঘটন

পাকিস্তানত অঘটন

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ চমন ফাটকৰ সমীপত যাত্ৰীবাহী ৰে'লত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।এখন যাত্ৰীবাহী ৰে'লক লক্ষ্য কৰি কৰা বোমা বিস্ফোৰণত অতি কমেও ২৪ গৰাকী লোকৰ মৃত্যু হয়। লগতে ৫০ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হয়। তথ্য অনুসৰি, জাফৰ এক্সপ্ৰেছত আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰিছিল। ইপিনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ সংগঠন BLA এ। এই ৰে'লখনেৰে সামৰিক বাহিনীৰ জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে আগন্তুক ঈদৰ ছুটিৰ বাবে কুৱেটা কেণ্টনমেণ্টৰ পৰা পেছাৱাৰ অভিমুখে যাত্ৰা কৰিছিল। এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে ৰে'লখনৰ দুটাকৈ ডবা ৰেল পথৰ পৰা ওলটি পৰে আৰু ক্ষন্তেকতে দাউদাউকৈ জুই জ্বলি উঠে। ফলত সমগ্ৰ এলেকা ক’লা ধোৱাৰে আচ্ছন্ন…
Read More
অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰূপা মণিয়ে

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰূপা মণিয়ে

লখিমপুৰৰ এটা খেতিয়কৰ পৰিয়ালৰ সন্তানে ভৰি থ'লে এভাৰেষ্টৰ শিখৰত । দুঃসাহসেৰে এভাৰেষ্ট আৰোহণ কৰি গৰ্বিত কৰিলে লখিমপুৰক । গৰ্বিত কৰিলে পিতৃ-মাতৃক । এইগৰাকী যুৱতী হ'ল লখিমপুৰৰ ৰূপামণি গড় । লখিমপুৰ নগৰৰ কিছু নিলগৰ কদম অঞ্চলৰ ন-গাঁও পথাৰ নিবাসী কৃষক জয় সিং গড় আৰু কমলাৱতী গড়ৰ কন্যা ৰূপামণি গড় । কোনোমতে খেতি-বাতি কৰি পৰিয়াল পোহপাল দিয়া জয় সিং গড়ৰ তিনিটা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান ৰূপামণি ।আইটিবিপিৰ তৰফৰ পৰা এভাৰেষ্ট জয়ৰ এক অভিযানৰ প্ৰস্তুতি কৰা হয় । পৰ্বত আৰোহণকাৰী এই দলটোত অন্তৰ্ভুক্ত হয় ৰূপামণি । মুঠ ১৪ জনীয়া পৰ্বত আৰোহণকাৰী দলটো নেপাল হৈ এভাৰেষ্ট অভিমুখে ৰাওনা হয় । অৱশেষত কষ্ট আৰু সাহসেৰে…
Read More
হোৱাট হাউচত অঘটন

হোৱাট হাউচত অঘটন

হোৱাইট হাউছৰ ওচৰত গুলীচালনা কৰা এজন বন্দুকধাৰীক শনিবাৰে সন্ধিয়া ছিক্ৰেট চাৰ্ভিচৰ বিষয়াসকলে গুলীয়াই হত্যা কৰে ৷ এই গুলীচালনাৰ ঘটনাত এজন সাধাৰণ ব্যক্তিও আহত হয় । আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিচৰ যোগাযোগ শাখাৰ মুৰব্বী এণ্টনি গুগ্লিয়েলমিয়ে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প হোৱাইট হাউছৰ ভিতৰত আছিল আৰু তেওঁ কোনো ধৰণে আঘাতপ্ৰাপ্ত হোৱা নাই । স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাৰ আশে-পাশে হোৱাইট হাউছৰ চৌহদ আৰু আইজেনহাৱাৰ এক্সিকিউটিভ অফিচ বিল্ডিঙৰ ওচৰত ১৭ নং ষ্ট্ৰীট আৰু পেনচিলভেনিয়া এভিনিউ এন ডব্লিউৰ ওচৰত গুলীচালনা সংঘটিত হয় ৷ এজন লোকে “বেগৰ পৰা অস্ত্ৰ উলিয়াই গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ৷’’
Read More
নতুন কৈ গঠন এটা দলৰ

নতুন কৈ গঠন এটা দলৰ

দেশজুৰি ট্ৰণ্ডিঙত এটা শব্দ Cockroash janata party যিয়ে প্ৰত্যাহবান আনিছে শাসকীয় বিজেপিলৈ। বিজেপিৰ সমৰ্থকত কৈ এতিয়া অধিক COCKROASH জনতা পাৰ্টীৰ সমৰ্থক। কিন্তু কোনে কিয় কি উদ্দেশ্যে গঠন কৰিলে এই ডিজিটেল পাৰ্টিটোদেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে নিবনুৱা যুৱ প্ৰজন্মক উদেশ্য কৰিছিল বিৰ্তকিত মন্তব্য। পইতাঁচোৰাৰ লগত তুলনা কৰিছিল দেশৰ নিবনুৱা সকলক।এই মন্তব্যই দেশৰ নিবনুৱা সকলৰ মাজত লগাইছিল তোলপাৰ।দেশত কোনোধৰণৰ কাম নোপোৱা কেতবোৰ নিবনুৱা পইতাচোৰাৰ দৰে। তেওঁলোকে ক'তো কাম বিচাৰি নাপাই মিডিয়া,সামাজিক মাধ্যম কৰ্মী বা আৰটিআই কৰ্মী হৈ সকলোকে প্ৰশ্ন কৰিবলৈ লাগি যায় ।ন্যায়াধীশ গৰাকীৰ এই মন্তব্যৰ পিছতেই দেশত আৰম্ভ হয় এক সুপ্ত আন্দোনল।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব'ষ্টন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লোৱা অভিজিৎ দীপকে…
Read More
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিলে মুগা সূতাৰ চাদৰ

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিলে মুগা সূতাৰ চাদৰ

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিলে মুগা সূতাৰ চাদৰ । এই উপহাৰে অসমৰ বিখ্যাত মুগা ৰেচম পৰম্পৰাক উজ্জ্বল কৰি তুলিছে ৷ বিজেপিয়ে সততেই দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক বুকুত কঢ়িয়াই লৈ ফুৰে ৷ এতিয়া জৰ্জিয়া মেল’নিক মুগাৰ চাদৰ উপহাৰ দিয়া কাৰ্যই সেই দাবীক অধিক শক্তিশালী কৰি তুলিছে ৷ লগতে মোদীয়ে পাৰ্লে কোম্পানীয়ে নিৰ্মাণ কৰা ‘মেল’ডী’ ট্ৰফীৰ এটা পেকেটো উপহাৰ দিয়ে মেল’নিক ৷
Read More
ভাৰতলৈ আহিব আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই

ভাৰতলৈ আহিব আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই

ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক চুক্তি এতিয়াও চূড়ান্ত হোৱা নাই । দুয়োখন দেশে বিভিন্ন মাধ্যমৰ জৰিয়তে এই ঐতিহাসিক চুক্তিক লৈ আলোচনা অব্যাহত ৰাখিছে । তাৰ মাজতে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই ২৩ মে'ত ৪ দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব । বাণিজ্য, প্ৰতিৰক্ষা আৰু শক্তি বা ইন্ধনৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ লক্ষ্যৰে বৈদেশিক সচিবগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমেৰিকাৰ বৈদেশিক সচিবগৰাকীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ হ'ব । এই ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ কেইবাখনো চহৰলৈ যাব । তাৰ ভিতৰত কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী অন্তৰ্ভুক্ত আছে ।
Read More